ETV Bharat / state

টীয়ক জাতীয় বিদ্যালয়ৰ ১৯ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

author img

By

Published : Jan 7, 2021, 5:12 PM IST

বৃহস্পতিবাৰে টীয়ক জাতীয় বিদ্যালয়ৰ ১৯ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হয় ৷ দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা প্ৰতিষ্ঠা দিৱসৰ লগতে কৃতী ছাত্ৰ ছাত্ৰীক তেওঁলোকৰ পাৰদৰ্শিতাৰ ভিত্তিত ন্যাস বঁটাও আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় ৷

19th Foundation Day of The Teok jatiya vidyalaya
টীয়ক জাতীয় বিদ্যালয়ৰ ১৯ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

টীয়ক,7 জানুৱাৰী: টীয়কৰ অন্যতম অগ্ৰণী শিক্ষা অনুষ্ঠান টীয়ক জাতীয় বিদ্যালয় ৷ বৃহস্পতিবাৰে জাতীয় বিদ্যালয়খনৰ ১৯ সংখ্যক প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচীৰে অনুস্থিত কৰা হয়। বিদ্যালয়ৰ মুখ্য সঞ্চালক প্ৰদীপ চুতীয়াৰ পতাকা উত্তোলনৰ লগতে সচিব সৌৰভ বৰাই স্মৃতি তৰ্পণ কৰি অনুষ্ঠানৰ শুভাৰম্ভনি কৰে ৷ দুপৰীয়া টীয়কৰ চেলেংহাট পথস্থিত বিদ্যালয়খনৰ নিজা ভৱনৰ প্ৰেক্ষাগৃহত শিক্ষবিদ ড° অকণ চন্দ্ৰ শইকীয়াৰ সভাপতিত্বত মুকলি সভাৰ আয়োজন কৰা হয় ৷

উল্লেখযোগ্য যে,উক্ত কাৰ্যসূচীৰ লগত সংগতি ৰাখি কৃতী ছাত্ৰ ছাত্ৰীক তেওঁলোকৰ পাৰদৰ্শিতাৰ ভিত্তিত ন্যাস বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় ৷ এই সভাত উপস্থিত থাকে কাকজান মহাবিদ্যালয়ৰ অধ্যাপক তথা নিবন্ধকাৰ ড° পংকজ গোস্বামী,হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° মন্টু কুমাৰ বৰাৰ লগতে অভিভাৱক তথা ছাত্ৰ ছাত্ৰীসকল ৷

লগতে পঢ়ক: পতাকা উত্তোলনেৰে আৰম্ভ হ'ল 'ৰাইজৰ দল'ৰ অভিৱৰ্তন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.