ETV Bharat / state

খুমটাইত বিজেপিৰ বৃহৎ জনসভা; গৌৰৱক আঁতৰাই মণি মাধৱক আঁকোৱালি ল'বলৈ আহ্বান মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ - বিজেপিৰ বৃহৎ জনসভা খুমটাই

অগপ বিজেপি সন্মিলিত গণশক্তি মিত্ৰজোটে খুমটাই সমষ্টিত সোমবাৰে এখন বৃহৎ নিৰ্বাচনী সভাৰ অনুষ্ঠিত কৰে ৷ এই সভাত বিৰোধী পক্ষক কটাক্ষ কৰি কংগ্ৰেছ দলটো নীতি আৰু নেতা নোহোৱা দল গতিকে এই দলটোক মনৰ পৰা আঁতৰাই গৌৰৱ গগৈক পৰাজিত কৰি মণি মাধৱ মহন্তক ভোট দি জয়যুক্ত কৰাৰ আহবান জনায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

খুমটাই বিধানসভা সমষ্টিত বিজেপিৰ বৃহৎ জনসভা
author img

By

Published : Apr 1, 2019, 11:23 PM IST

গোলাঘাট, 1 এপ্ৰিলঃ সোমবাৰে ১১ নং কলিয়াবৰ লোকসভা সমষ্টিৰ বিজেপি, অগপ, বিপিএফ, গণ শক্তি আৰু তিৱা জাতীয় ঐক্য মঞ্চৰ প্ৰাৰ্থী মণিমাধৱ মহন্তৰ হৈ খুমটাই সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিধায়িকা আঙুৰলতা ডেকা, জিলা অগপৰ সভাপতি পবন শইকীয়া , জিলা বিজেপিৰ সভাপতি দেৱজিত বৰা , অগপৰ নেত্ৰী উপাসনা গগৈয়ে।

খুমটাই বিধানসভা সমষ্টিত বিজেপিৰ বৃহৎ জনসভা

অগপ বিজেপি সন্মিলিত গণশক্তি মিত্ৰজোটে খুমটাই সমষ্টিত সোমবাৰে এখন বৃহৎ নিৰ্বাচনী সভাৰ আয়োজন কৰে৷ এই সভাত আদৰনি ভাষন দিয়ে খুমটাই সমষ্টিৰ বিধায়ক মৃনাল শইকীয়াই। এই সভাত অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই নিজ ভাষণত নৰেন্দ্ৰ মোডী আৰু মনমোহন সিঙে অসমৰ প্ৰতি আগবঢ়োৱা সাহায্যৰ তূলনা কৰিবলৈ পৰামৰ্শ দিয়ে।

জাতি জনগোষ্ঠীৰ সৰ্বাঙ্গীণ উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সপোন বাস্তবায়িত কৰিবৰ বাবে মণি মাধৱ মহন্তক হাতীৰ ছৱিত ভোট দি জয়যুক্ত কৰাৰ আহ্বান মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ৷ ২০১৬ চনত শপত গ্ৰহণ কৰোতে দিয়া প্ৰতিশ্ৰুতি আখৰে আখৰে ৰূপায়ণ কৰাৰ চেষ্টা অব্যাহত ৰখাৰ লগতে অসম চুক্তি অনুসৰি বিদেশী বহিস্কাৰ কৰাৰ কাম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৰিছে বুলিও সোণোৱালে মন্তব্য কৰে।

এই সভাত বিৰোধী পক্ষক কটাক্ষ কৰি কংগ্ৰেছ দলটো নীতি আৰু নেতা নোহোৱা দল গতিকে এই দলটোক মনৰ পৰা আতৰাই গৌৰৱ গগৈক পৰাজিত কৰি মণি মাধৱ মহন্তক ভোট দি জয়যুক্ত কৰাৰ আহবান জনায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

Intro:১১ নং কলিয়াবৰ লোকসভা সমষ্টিৰ বিজেপি, অগপ, বিপিএফ, গণ শক্তি আৰু তিৱা জাতীয় ঐক্য মঞ্চৰ প্ৰাৰ্থী মণিমাধৱ মহন্তৰ হৈ খুমটাই সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাই সৰ্বানন্দ সোণোৱাল, বিধায়িকা আঙুৰলতা ডেকা, জিলা অগপৰ সভাপতি পবন শইকীয়া , জিলা বিজেপিৰ সভাপতি দেৱজিত বৰা , অগপৰ নেত্ৰী উপাসনা গগৈ। খুমটাই বিধান সভা সমষ্টিৰ বেতিয়নী বাগান খেলপথাৰত বিশাল জনসভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। নিৰ্বাচনী সভাত কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে।Body:অগপ বিজেপি সন্মিলিত গণশক্তি মিত্ৰজোটৰ নিৰ্বাচনী সভাত আদৰনি ভাষন দিয়ে খুমটাই সমষ্টিৰ বিধায়ক মৃনাল শইকীয়াই। আদৰনি ভাষণত বিধায়ক গৰাকীয়ে পাকিস্হান পন্হী তথা কংগ্ৰেছ দলক হাতাও কৰিবলৈ আহ্বান জনায়। অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই নিৰ্বাচনী সভা খনত ভাষণ দি কয় যে নৰেন্দ্ৰ মোডী আৰু মনমোহন সিংয়ে অসমৰ প্ৰতি আগবঢ়োৱা সাহায্যৰ তূলনা কৰিবলৈ আগবঢ়ায়। নৰেন্দ্ৰ মোডী আজি বিশ্ব নেতা হৈছে। সেয়ে মোডীৰ হাত শক্তিশালী কৰিবলৈ মনি মাধব মহন্তক ভোট দিবলৈ আহ্বান জনায়। সভাত প্ৰাথী মনি মাধৱ মহন্তই গৌৰব গগৈক সমালোচনা কৰি কয় যে তেওঁৰ দৰে গান্ধী পৰিয়ালৰ ধেমা ধৰিবলৈ দিল্লীলৈ নাযাও নাইবা আমেঠী , ৰায়বেৰেলীৰ ৰাজনীতি কৰিবলৈ নাযাও , মই ৰাইজৰ কথা কবলৈহে দিল্লী লৈ যাম। নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাষণত কয় জাতি জনগোষ্ঠীৰ সৰ্বাঙ্গীণ উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সপোন বাস্তবায়িত কৰিবৰ বাবে মণি মাধৱ মহন্তক হাতীৰ ছৱিত ভোট দি জয়যুক্ত কৰাৰ আহবান জনাই। ২০১৬ চনত শপত গ্ৰহণ কৰোতে দিয়া প্ৰতিশ্ৰুতি আখৰে আখৰে ৰূপায়ণ কৰাৰ চেষ্টা অব্যাহত আছে। অসম বাংলাদেশী মুক্ত কৰা, ভাৰত বাংলাদেশ সীমান্ত বন্ধ কৰা। অহা একত্ৰিছ জুলাইৰ ভিতৰত এন আৰ চি প্ৰকাশ পাব। সাংবিধানিক ৰক্ষা কৱচ আৰু অসম চুক্তি অনুসৰি বিদেশী বহিস্কাৰ কৰাৰ কাম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৰিছে। কোনো চৰকাৰে কৰা নাছিল বুলি অভিযোগ তোলে কংগ্ৰেছ দলক। খিলঞ্জীয়া ভূমিপুত্ৰ সকলৰ মান সন্মান ৰক্ষা কৰিবলৈ কংগ্ৰেছে একো নকৰিলে কিন্তু বি জে পি চৰকাৰে কৰিছে। ৪২ গৰাকী স্বৰ্গদেউৰ সন্মান ৰক্ষা কৰিবলৈ আচনি লোৱা হৈছে। তৰুণ গগৈক সমালোচনা কৰি কয় এই সকল স্বৰ্গদেউক সন্মান জনাবলৈ আপুনি কি কৰিলে। কেৱল ভাষণ দিলেই নহব বুলি কটাক্ষ কৰে তৰুণ গগৈক। ভাষণক কাৰ্যকৰী কৰিছে কেৱল বিজেপি চৰকাৰে। অসমীয়াৰ শিপিনীয়ে বোৱা গামোচা বৰঝাৰ বিমান বন্দৰত ছোনিয়া গান্ধীয়ে পেলাই থৈ গৈছিল। কিন্তু সেইখন গামোচাক নৰেন্দ্ৰ মোডীয়ে কেৱল ৰাষ্টত নহয় বিশ্বৰ বুকুত জিলিকাই কান্ধত লৈ ফুৰিছে, কিমান গৌৰৱৰ কথা কয় মুখ্যমন্ত্ৰীয়ে। নৰেন্দ্ৰ মোডীৰ প্ৰচেষ্টাত অসমৰ বুকুত বহু উচ্চ শিক্ষানুষ্ঠান গঢ়ি উঠিছে। কংগ্ৰেছে একোৱেই নকৰিলে। এতিয়া আৰু অসমৰ মানুহে উন্নয়নৰ বাবে আন্দোলন কৰিব নেলাগে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভূপেনদাক সন্মান দিলে। কংগ্ৰেছে ভূপেনদাক সেই সন্মান নিদিলে। নুমলীগড় শোধনাগাৰৰ উন্নয়ন উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বকালৰ সৰ্ববৃহৎ অনুদান আগবঢ়াইছে। কংগ্ৰেছে উন্নয়নৰ কথা কোনো দিনে চিন্তা নকৰিলে। তৰুণ গগৈক প্ৰশ্ন বদৰুদ্দিনক হু ইজ বদৰুদ্দিন বুলি কৈছিল আৰু এতিয়া গৌৰৱ গগৈক জয়ী কৰাবৰ বাবে সেই কথা নোকোৱা হল। কংগ্ৰেছ দলটো হল দুৰ্নীতি ভ্ৰষ্টাচাৰৰ দল। নীতি আৰু নেতা নোহোৱা দল। গতিকে এই দলটোক মনৰ পৰা আতৰাই গৌৰৱ গগৈক পৰাজিত কৰি মণি মাধৱ মহন্তক ভোট দি জয়যুক্ত কৰাৰ আহবান জনায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।Conclusion:Byte 1 : মুখ্যমন্ত্ৰী
Byte 2: মনিমাধব মহন্ত।

গোলাঘাট সমষ্টিৰ পৰা চামিম আলি ,ETV BHARAT ,অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.