ডিব্ৰুগড়,23 চেপ্তেম্বৰ: ডিব্ৰুগড় বিমানবন্দৰত বুধবাৰে পুৱা উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ নগদ ধন ৷ বিমানবন্দৰটোলৈ অহা যাত্ৰীৰ পৰা উদ্ধাৰ কৰা হৈছে এই টকাখিনি ৷ যাত্ৰী কেইগৰাকীয়ে দিল্লী অভিমুখে যাত্ৰা কৰাৰ প্ৰাক-মুহুৰ্তত বিমানবন্দৰত নিৰাপত্তাৰক্ষীয়ে ধৰা পেলাই এই কেইবা লক্ষাধিক ধন । দুটাকৈ কাৰ্টনত কঢ়িয়াই অনা টকাখিনিৰ সঠিক পৰিমাণ এতিয়াও জানিব পৰা হোৱা নাই ৷
উল্লেখ্য যে, মহম্মদ জালালউদ্দিন তালুকদাৰ, সঞ্জয় কুমাৰ স্বাৰ্মী, সাজন সিং আৰু ৰাম অৱতাৰ স্বাৰ্মী নামৰ লোক কেইগৰাকীয়ে অৰুণাচলৰ খুনচাৰ পৰা আহি নতুন দিল্লী অভিমুখে ইণ্ডিগ’ বিমানেৰে যাত্ৰা কৰাৰ প্ৰাক মুহুৰ্তত নিৰাপত্তাৰক্ষীয়ে জব্দ কৰে টকাখিনি । উক্ত টকাখিনি বিজয় শংকৰ আগৰৱাল নামৰ এগৰাকী লোকে দিয়া বুলি ব্যক্তি কেইগৰাকীয়ে প্ৰকাশ কৰিছে ৷ সম্প্ৰতি আৰক্ষীৰ জিম্মাত আছে টকা কঢ়িয়াই অনা ব্যক্তি কেইগৰাকী ৷
লগতে চাওকঃ স্বাস্থ্য বিভাগৰ কাণ্ড: বিদ্যালয়তে এৰিলে কোভিড কেন্দ্ৰৰ সামগ্ৰী