ETV Bharat / state

BJP Election Preparation: লোকসভা নিৰ্বাচনক লৈ ডিব্ৰুগড়ত তৃণমূল কৰ্মীৰে বৈঠক ভৱেশ কলিতাৰ

ডিব্ৰুগড়ত বিজেপিৰ তৃণমূল কৰ্মীৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ (BJP state president Bhabesh Kalita in Dibrugarh) । আগন্তুক ২০২৪-ৰ লোকসভা নিৰ্বাচনক লৈ এই পৰ্যালোচনা সভা । ডিব্ৰুগড় জিলাত বিজেপিৰ সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ বাবে দুদিনীয়া সাংগঠনিক কাৰ্যসূচী ।

author img

By

Published : Feb 8, 2023, 10:29 AM IST

Dibrugarh
Dibrugarh
ডিব্ৰুগড়ত তৃণমূল কৰ্মীৰে ভৱেশ কলিতাৰ বৈঠক

মৰাণ, ৮ ফেব্ৰুৱাৰী : সমাগত লোকসভা নিৰ্বাচন । লোকসভা নিৰ্বাচনক লৈ আন ৰাজনৈতিক দলসমূহতকৈ শাসকীয় দল বিজেপি অধিক তৎপৰ হোৱা পৰিলক্ষিত হৈছে (Lok Sabha election 2024) । ৰাজ্যজুৰি বিভিন্ন কাৰ্যসূচী আৰম্ভ কৰিছে বিজেপি নেতা-কৰ্মীসকলে । আগন্তুক ২৪-ৰ লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে মঙলবাৰে ডিব্ৰুগড়ত উপস্থিত হয় বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা (BJP Assam state president Bhabesh Kalita) ।

আগন্তুক দিনবোৰত উজনি অসমৰ ডিব্ৰুগড় জিলাত ভাৰতীয় জনতা পাৰ্টীৰ সাংগঠনিক ভেটি অধিক শক্তিশালী কৰি তোলাৰ লক্ষ্যৰে দুদিনীয়া সাংগঠনিক প্ৰবাস কার্যসূচীৰে ডিব্ৰুগড়ত উপস্থিত হৈছে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা (BJP state president Bhabesh Kalita in Dibrugarh) । মঙলবাৰে ডিব্ৰুগড়ৰ আৱৰ্ত ভৱনৰ সভাকক্ষত ডিব্ৰুগড় জিলা সভাপতি, জিলা সমিতিৰ বিষয়ববীয়া, পৌৰসভাৰ পৌৰপতিৰ সৈতে এখন গুৰুত্বপূৰ্ণ সাংগঠনিক বৈঠকত মিলিত হয় ভৱেশ কলিতা । উক্ত বৈঠকত দলীয় সাংগঠনিক আৰু আভ্যন্তৰীণ গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা কৰাৰ লগতে জিলাখনত বিভিন্ন বিভাগৰ দ্বাৰা ৰূপায়ণ হৈ থকা জনকল্যাণমূলক আঁচনি তথা প্ৰকল্পসমূহৰ কাম-কাজৰ বুজ লয় সভাপতিগৰাকীয়ে (BJP strategy to Lok Sabha election 2024) ।

ইয়াৰ পাছতেই সভাপতি ভৱেশ কলিতাই সংবাদ মাধ্যমৰ আগত কয়, গুজৰাট নিৰ্বাচনৰ মডেলত এইবাৰ অসমৰ নিৰ্বাচনৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰা হ'ব । ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভাত এই আগ্রহ প্ৰকাশ কৰা বুলি তেওঁ সদৰী কৰে । নাড্ডাৰ আগ্রহ অনুযায়ীয়ে জিলা সমিতি, মণ্ডল সমিতিৰ লগতে বুথ পৰ্যায়ৰ কৰ্মীৰ মাজত এতিয়াৰে পৰা সম্পর্ক আৰু অধিক উন্নত কৰাৰ প্ৰয়াস কৰা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে । আনহাতে, ডিব্ৰুগড়ৰ পাছতে নাহৰকটীয়াৰ অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্বত থকা ভৱেশ কলিতাই নাহৰকটীয়াতো বুথ কমিটীৰ কৰ্মীৰে বৈঠকত মিলিত হ'ব । ডিব্ৰুগড়ৰ আৱৰ্ত ভৱনত অনুষ্ঠিত সভাত ডিব্ৰুগড় জিলা বিজেপিৰ সভাপতি জগদীশ ৰাজখোৱা, পৌৰপতি ডাঃ চৈকত পাত্ৰসহ জিলা, মণ্ডল, বুথ পৰ্যায়ৰ ভালেমান কৰ্মী উপস্থিত থাকে ।

উল্লেখ্য, ২০২৪-ৰ লোকসভা নিৰ্বাচনক লৈ ২০২২ বৰ্ষৰ পৰায়ে বিজেপিয়ে নিৰ্দিষ্ট ৰণনীতি লৈ আগবঢ়া পৰিলক্ষিত হৈছে । তাৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা পঞ্চায়ত পৰ্যায়লৈকে নেতা-কৰ্মীসকলৰ বাবে বিভিন্ন নীতি-নিৰ্দেশনা জাৰি কৰা হৈছে । কেন্দ্ৰীয় নেতা, মন্ত্ৰী, সাংসদ, ৰাজ্যসমূহৰ বিভিন্ন পৰ্যায়ৰ নেতা, মন্ত্ৰী, বিধায়ক সকলোলৈকে নিৰ্দিষ্ট দায়িত্ব বিতৰণ কৰা হৈছে । আগন্তুক লোকসভা নিৰ্বাচনৰ বিজেপিৰ এক মুখ্য ৰণনীতি হৈছে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ বিষয়ে ৰাইজৰ মাজত প্ৰচাৰ আৰু সজাগতা সৃষ্টি কৰা ।

লগতে আঁচনিসমূহ যাতে সমাজৰ প্ৰতিটো স্তৰত উপলব্ধ হয় তাৰ বাবে তৃণমূল পৰ্যায়লৈকে বিজেপিৰ নেতা-কৰ্মীসকলক সোমাই যোৱাৰ নিৰ্দেশ দিয়া হৈছে । আনহাতে, কেন্দ্ৰীয় নেতা-মন্ত্ৰীৰ পৰা স্থানীয় তৃণমূল নেতা-কৰ্মীলৈকে সকলোকে নিজ নিজ এলেকাত দলৰ সংগঠন বৃদ্ধিৰ নিৰ্দেশ দিয়া হৈছে । তাৰেই অংশ ৰূপে ইতিমধ্যে বিজেপিৰ নেতা-কৰ্মীসকলে বিভিন্ন স্তৰত সাংগঠনিক সভা অনুষ্ঠিত কৰিছে । মুঠতে ক'বলৈ গ'লে বিজেপিয়ে এক সংগঠিত ৰূপত আগন্তুক নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ এতিয়াৰে পৰা কঁকালত টঙালি বান্ধিছে ।

লগতে পঢ়ক :Y20 Summit 2023: Y20 সন্মিলনত প্ৰদৰ্শিত হ'ব যুৱ প্ৰজন্মৰ ধাৰণা: কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ সিং ঠাকুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.