ধুবুৰী, ১৩ জানুৱাৰী : ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ অধীনত ধুবুৰী জিলাৰ ১,৭২,৪৮৭ জন হিতাধিকাৰীৰ মাজত বিতৰণ কৰা হ'ব ৰেচন কাৰ্ড । বুধবাৰে ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত বিতৰণ কৰা হয় ৰেচন কাৰ্ড । জিলা অতিৰিক্ত উপায়ুক্ত বিশ্বজিৎ গোস্বামী আৰু যোগান বিভাগৰ অতিৰিক্ত সঞ্চালক এ কে চৌধুৰীৰ উপস্থিতিত প্ৰথম পৰ্যায়ত ধুবুৰী চহৰৰ চাৰিটা ৱাৰ্ডৰ মুঠ ষোল্লজনকৈ হিতাধিকাৰীৰ মাজত ৰেচন কাৰ্ড বিতৰণ কৰি আঁচনিৰ শুভাৰম্ভ কৰা হয় ।
আনহাতে পৰ্যায়ক্ৰমে জিলা খনৰ প্ৰতিটো প্ৰান্তৰ মুঠ ১,৭২,৪৮৭ জন হিতাধিকাৰীৰ মাজত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন আঁচনিৰ ৰেচন কাৰ্ড বিতৰণ কৰা হ'ব বুলি জনাইছে জিলা যোগান বিভাগে ।
উল্লেখ্য যে, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত থকা পূৰ্বৰ পুৰণি ৰেচন কাৰ্ডৰ সলনি নতুন ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিছে চৰকাৰে ।
লগতে পঢ়ক:বগাহাতীত পৰিণত গুৱাহাটীত ৪৫০ কোটি টকীয়া চিচিটিভি কেমেৰা সংস্থাপন আঁচনি