ধুবুৰী, 29 মে’:Body: লক ডাউনৰ সময়ছোৱাত মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী ভাটি ঝগৰাৰচৰ গাঁৱত বৃহস্পতিবাৰে লক ডাউনৰ সময়ছোৱাত সম্পূৰ্ণ চৰকাৰী নীতি নিৰ্দেশনা মানি আৰু সামাজিক দুৰত্ব বজাই ৰাখি এখন বিয়া সম্পূৰ্ণ হয় । দৰা-কইনাই মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দূৰত্ব বৰ্তাই ৰাখি বিয়াৰ আসনত বহে । মানকাচৰ মিয়া পাৰাৰ পৰা অহা দৰা পক্ষৰ মাত্ৰ 8 জন মানুহহে কইনা ঘৰত উপস্থিত হয় ।
মানকাচৰৰ ভাৰত বাংলাদেশ সীমান্তৱৰ্তী ভাটি ঝগৰাৰচৰ গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক মইন আলীৰ কন্যাৰ বিয়াত নগন্য সংখ্যক অতিথিয়ে সামাজিক দূৰত্ব বজাই ৰাখি মুখত মাস্ক পিন্ধি বিয়াৰ শুভ কাম সম্পূৰ্ণ কৰা বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক: চিৰাঙত দুৰ্নীতি নিবাৰক শাখাৰ জালত জিলা সদৰ মহকুমাধিপতি জয়ন্ত সৰকাৰ