ETV Bharat / state

Corruption news: জোনাইত কোটি টকীয়া পথ নিৰ্মাণত অনিয়মৰ অভিযোগ - অনিয়মৰ অভিযোগ

জোনাইত কোটিটকীয়া পথ আৰু পকী দলং নিৰ্মাণত অনিয়মৰ অভিযোগ ৷ জোনাইৰ বাহিৰ চিলাইৰ পৰা মালভোগ মিছিংলৈ যোৱা প্ৰায় ডেৰ কিলোমিটাৰ দৈৰ্ঘৰ পকীপথ আৰু তিনিখন কোটি টকীয়া দলং নিৰ্মাণত বিয়াগোম দুৰ্নীতি আৰু কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে (Allegation of Corruption in PWD Road Construction) ৷

Allegation of Corruption in PWD Road Construction
জোনাইত কোটিটকীয়া পথ আৰু পকী দলং নিৰ্মাণত অনিয়মৰ অভিযোগ
author img

By

Published : May 1, 2023, 4:25 PM IST

পথ নিৰ্মাণত অনিয়মৰ অভিযোগ

জোনাই, 1 মে’: জোনাইত কোটিটকীয়া পথ আৰু পকী দলং নিৰ্মাণত অনিয়মৰ অভিযোগ ৷ জোনাইৰ বাহিৰ চিলাইৰ পৰা মালভোগ মিছিংলৈ যোৱা প্ৰায় ডেৰ কিলোমিটাৰ দৈৰ্ঘৰ পকীপথ আৰু তিনিখন কোটি টকীয়া দলং নিৰ্মাণত বিয়াগোম দুৰ্নীতি আৰু কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে (Allegation of Corruption in PWD Road Construction) ৷

প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত জোনাই লোকনিৰ্মাণ বিভাগৰ দ্বাৰা প্ৰায় ১১ কোটি ৫০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল ডেৰ কিলোমিটাৰ দৈৰ্ঘৰ পকীপথ আৰু পকী দলং ৷ কিন্তু মুকলি হোৱাৰ মাত্ৰ এমাহৰ পিচতে সাধাৰণ বৰষুণতে বিভিন্ন ঠাইত চপৰা চপৰে খহিছে পথৰ দুয়ো কাষৰ মাটি ৷ পথ নিৰ্মাণৰ দায়িত্বত থকা ঠিকাদাৰ আৰু জোনাই লোকনিৰ্মাণ বিভাগৰ বিষয়া, অভিযন্তাৰ গোপন মিতিৰালিত নিজৰ মুনাফা আদায় কৰাৰ মানসিকতাৰে অতি নিম্নমানৰ কাম কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ (Corruption in PWD Road Construction at Jonai) ৷

কোটি টকীয়া আঁচনিৰ অধীনত নিৰ্মাণ হোৱাৰ এমাহৰ পিচতে সাধাৰণ বৰষুণতে পথৰ লগতে দলং কেইখনৰ দুয়োপাৰে থকা মাটিসমূহ চপৰা চপৰে খহিবলৈ আৰম্ভ কৰিছে ৷ ফলত বৃহৎ অঞ্চলটোৰ ৰাইজৰ যাতায়ত যিকোনো মূহুৰ্তত বিছিন্ন হোৱাৰ আশংকাত চিন্তিত হৈ পৰিছে স্থানীয় ৰাইজে ৷ ইয়াৰ উপৰিও পথৰ ওপৰৰ ব্লেক টপিংসমূহ নীতি বৰ্হিভূতভাৱে নিৰ্মাণ কৰাৰ বাবে ভৰিৰে মোহাৰি অথবা ঝাৰুৰে মোহাৰিলেও এফালৰ পৰা উঠি যায় চপৰা চপৰে (PWD Road Construction at Jonai) ৷

ইফালে কোটি টকাৰে নিৰ্মিত দলং তিনিখনৰ ৰেলিংসমূহো ভাঙি গৈছে এফালৰ পৰা ৷ গতিকে অতি শীঘ্ৰে অসম চৰকাৰৰ বিভাগীয় মন্ত্ৰীৰ লগতে বিভাগটোৰ উচ্চ পদস্থ বিষয়াৰ দ্বাৰা চৰজমিন তদন্ত কৰি দুৰ্নীতিত জড়িত ঠিকাদাৰ-অভিযন্তাসকলৰ ওপৰত বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে অতি শীঘ্ৰে পথচোৱা পুনৰ নিৰ্মাণৰ দাবী তুলিছে স্থানীয় ৰাইজে ৷

জোনাইত লোক নিৰ্মাণ বিভাগৰ কোটি টকীয়া পকীপথ আৰু পকী দলং নিৰ্মাণত বিয়াগোম দুৰ্নীতি আৰু অনিযয়ম । চৰজমিন তদন্তৰে দুৰ্নীতিত জড়িত ঠিকাদাৰ-অভিযন্তা ওপৰত বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে অতি শীঘ্ৰে পথচোৱা পুনৰ নিৰ্মাণৰ দাবী তুলিছে স্থানীয় ৰাইজে।

লগতে পঢ়ক: Biswanath NH 15 : দ্ৰুত গতিত চলিছে বিশ্বনাথৰ ফ’ৰলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ কাৰ্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.