ETV Bharat / state

AASU Protest: চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্ত বাতিলৰ দাবীত ৰাজ্যজুৰি আছুৰ প্ৰতিবাদ

author img

By

Published : Jun 24, 2023, 5:26 PM IST

মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদ অব্যাহত আছে সদৌ অসম ছাত্ৰ সন্থাৰ ৷ শনিবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত চাইকেল ৰেলীৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আছু কৰ্মী সকলে ৷

AASU protests against Govt
আছুৰ চাইকেল ৰেলী
ৰাজ্যজুৰি আছুৰ প্ৰতিবাদ

নিউজ ডেস্ক, 24 জুন: চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদ অব্যাহত আছে সদৌ অসম ছাত্ৰ সন্থাৰ ৷ কেইবালানিও প্ৰতিবাদৰ পাছত শনিবাৰে পুনৰ আছুৰ প্ৰতিবাদত কঁপিল ৰাজ্য ৷ চৰকাৰ বিৰোধী শ্ল’গানত উত্তাল হৈ পৰিল ৰাজ্যৰ ভিন্ন প্ৰান্ত ৷ চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্ত বাতিলৰ দাবীত চাইকেল ৰেলীৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰে আছু কৰ্মী সকলে ৷

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে অসম চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবীত শনিবাৰে দিনৰ 11 বজাত সমগ্ৰ ৰাজ্যৰ লগতে জোনাইতো, জোনাই মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু পাঁচখন আঞ্চলিক সমিতিৰ সহযোগত এক বৃহৎ চাইকেল ৰেলী বাহিৰ কৰা হয় ৷ অসম চৰকাৰে ষষ্ঠ শ্ৰেণীৰ পৰা মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমূহত গণিত আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী মাধ্যমত পঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰা কাৰ্যক সদৌ অসম ছাত্ৰ সন্থাই তীব্ৰ বিৰোধিতা কৰি, এই সিদ্ধান্ত বাতিলৰ দাবীত মাহজোৰা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে ৷ জোনাই শ্বহীদ বেদী প্ৰাংগনৰ পৰা আৰম্ভ হোৱা এই ৰেলীত বিজেপি চৰকাৰ হায় হায়, শিক্ষা বিভাগ মুৰ্দাবাদ, পুতলা শিক্ষামন্ত্ৰীৰ কাম নাই, অসম চৰকাৰ মুৰ্দাবাদ, আছু জিন্দাবাদ আদি বিভিন্ন শ্ল’গানেৰে জোনাই সদৰ উত্তাল কৰি তুলে ৷

ইফালে যোৰহাটতো সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে শনিবাৰে যোৰহাট জিলা মহকুমা ছাত্ৰ সন্থাই যোৰহাট নগৰৰ মাজেৰে বাহিৰ কৰে এক চাইকেল ৰেলী ৷ অসম চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী সিদ্বান্ত বাতিল কৰাৰ দাবীত যোৰহাটত আছুৱে ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী ৷ শীঘ্ৰেই অসমীয়া মাধ্যম বিৰোধী সিদ্ধান্ত চৰকাৰে বাতিল নকৰিলে ইয়াতকৈও তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব বুলি হুংকাৰ দিয়ে প্ৰতিবাদকাৰী সকলে ৷

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে শনিবাৰে সমগ্ৰ ৰাজ্যৰ লগতে মৰিগাঁৱতো মৰিগাঁও জিলা ছাত্ৰ সন্থাই এক চাইকেল ৰেলী বাহিৰ কৰে ৷ ৰাজ্য চৰকাৰে শেহতীয়াকৈ লোৱা মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰোধিতাৰে এই চাইকেল ৰেলী বাহিৰ কৰা হয় ৷ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা মৰিগাঁও চহৰৰ মাজমজিয়াৰে এই বৃহৎ চাইকেল ৰেলী উলিওৱা হয় ৷ এই সিদ্ধান্তৰ বিৰুদ্ধে মৰিগাঁও জিলা ছাত্ৰ সন্থাই চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে ৷ লগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ শাসনাধীষ্ঠ বিজেপি চৰকাৰৰ মাতৃভাষা বিৰোধী হঠকাৰী সিদ্ধান্ত কোনো কাৰণতে মানি লোৱা নহ’ব বুলি চৰকাৰক সকিয়নী প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে ৷

মাতৃভাষা মাধ্যম সন্দৰ্ভত চৰকাৰৰ আকোঁৰগোজ স্থিতি প্ৰত্যাহাৰৰ দাবীত শনিবাৰে লখিমপুৰতো উত্তৰ লখিমপুৰ মহকুমা ছাত্ৰ সন্থাই জিলা সদৰত চাইকেল ৰেলী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ বিজেপি হায় হায়, ৰণোজ পেগুৰ কাম নাই, শিক্ষা মন্ত্ৰী হায় হায়, অসমীয়া মাধ্যম বিৰোধী সিদ্ধান্ত বাতিল কৰক আদি শ্ল’গানেৰে নগৰ উত্তাল কৰি তোলে উত্তৰ লখিমপুৰ মহকুমা ছাত্ৰ সন্থাই ৷

আনহাতে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে মাজুলি জিলা ছাত্ৰ সন্থায়ো শনিবাৰে চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্ত বাতিলৰ দাবীত চাইকেল ৰেলীৰে প্ৰতিবাদত সাব্যস্ত কৰে ৷ এই ৰেলীত মাজুলী জিলা ছাত্ৰ সন্থাৰ শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷ প্ৰতিবাদ স্থলীত ছাত্ৰ সন্থাৰ কৰ্মীসকলে কয় অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে অসমীয়া মাধ্যম নিঃশেষ কৰাৰ যি ষড়যন্ত্ৰ কৰিছে এইয়া ছাত্ৰ সন্থাই কেতিয়াও মানি লোৱা নাই আৰু মানি নলয় ৷ তেওঁলোকে দাবী জনাই যে, অসমীয়া মাধ্যমৰ যি মান সেইয়া সদায় অটুট থাকিব লাগিব ৷ মাতৃভাষা মাধ্যম নিঃশেষ কৰা সিদ্ধান্তৰ বিৰুদ্ধে ছাত্ৰ সন্থাই প্ৰতিবাদ কৰি আহিছে আহি থকা দিনটো প্ৰতিবাদ কৰি যাব বুলি কয় ছাত্ৰ সন্থাৰ কৰ্মীসকলে ৷

লগতে পঢ়ক: Constituency Delimitation 2023 : সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাই ব্যাপক প্ৰভাৱ পেলাইছে বৰাকৰ ৰাজনীতিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.