ETV Bharat / state

অবৈধভাৱে ৰেলৰ টিকট বিক্ৰী: বঙাইগাঁৱত আৰপিএফ ৰ অভিযান - অবৈধভাৱে ৰেলৰ টিকটৰ যোগান

অবৈধভাৱে ৰেলৰ টিকট বিক্ৰী কৰা চক্ৰৰ বিৰুদ্ধে বঙাইগাঁৱত আৰপিএফ ৰ অভিযান ৷ কেবাটাও টিকটসহ কম্পিউটাৰ জব্দ ৷ বঙাইগাঁও জিলাৰ কীৰ্তনপাৰা বজাৰৰ পৰা এজনক আটক ৷

rpf mission against illegal sale of railway tickets in bongaigaon
অবৈধভাৱে ৰেলৰ টিকট বিক্ৰী: বঙাইগাঁৱত আৰপিএফ ৰ অভিযান
author img

By

Published : Dec 24, 2020, 6:54 AM IST

বঙাইগাঁও, 24 ডিচেম্বৰ: অবৈধভাৱে ৰেলৰ টিকটৰ যোগান ধৰাৰ লগতে গ্ৰাহকৰ পৰা অত্যাধিক হাৰত ধন সংগ্ৰহ কৰা কাৰ্যৰ বিৰুদ্ধে বুধবাৰে আৰপিএফে বঙাইগাঁৱত এক অভিযান চলায় ৷

বঙাইগাঁৱৰ কীৰ্তনপাৰা বজাৰত আৰপিএফৰ Crime Intelligence Branch য়ে এক অভিযান চলাই চবনম ইন্টাৰনেট এণ্ড ট্ৰেভেলৰ স্বত্বাধিকাৰী হামিদুল ইছলামক আটক কৰে ৷ অবৈধভাৱে ৰেলৱে টিকট বিক্ৰী কৰাৰ অভিযোগত আৰপিএফে ইছলামক আটক কৰে আৰু বহুকেইটা টিকটৰ লগতে কম্পিউটাৰ জব্দ কৰিবলৈ সক্ষম হয় ৷

উল্লেখ্য যে দীৰ্ঘদিন দিন ধৰি হামিদুল ইছলাম নামৰ যুৱৰ গৰাকীৰ বিৰুদ্ধে অবৈধ ভাৱে ৰে'লৱে টিকট বিক্ৰী কৰাৰ লগতে গ্ৰাহকৰ পৰা অত্যাধিক পৰিমাণে ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছিল ৷

অৱশেষত বুধবাৰে ৰে'লৱেৰ ৰঙিয়া শাখাৰ সহযোগত কীৰ্তনপাৰা বজাৰত আৰপিএফ ৰ Crime Intelligence Branch য়ে অভিযান চলাই যুৱক গৰাকীক আটক কৰি বঙাইগাঁৱলৈ লৈ যায় ৷

লগতে পঢ়ক:বঙাইগাঁৱত নিশা ভয়ংকৰ অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.