অভয়াপুৰী, 24 মেঃ উত্তৰ অভয়াপুৰীৰ ১ নং ৰঙাপানী সমবায় সমিতিত উত্তপ্ত পৰিস্থিতি । গ্ৰাহকৰ পৰা কেৰাচিন তেলৰ মূূল্য ৪০ টকা আৰু আটাৰ মূূল্য ১৫ টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগ সমবায় সমিতিটোৰ সভাপতি আৰু সম্পাদকৰ বিৰুদ্ধে ।
সভাপতি আৰু সম্পাদকৰ এই কাৰ্যৰ বিৰুদ্ধে বৰষুণকো নেওচি প্ৰতিবাদ কৰিবলৈ ওলাই আহে ক্ষুদ্ধ ৰাইজ । উত্তেজিত ৰাইজে দুয়োগৰাকীৰে বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱাৰ বাবে আহ্বান জনাইছে বিভাগীয় মন্ত্ৰীক । আনহাতে, ৰাইজে সমবায় সমিতিলৈ অহাৰ পূৰ্বেই পলায়ন কৰে সমিতিৰ সভাপতি আৰু সম্পাদক ।
লগতে পঢ়ক- ডিব্ৰু ছৈখোৱাত ৰাজ্যসভাৰ সাংসদ অজিৎ কুমাৰ ভূঞাসহ সজাতি দল