ETV Bharat / state

20 চেপ্তেম্বৰত আক্ৰাছুৰ 12 ঘন্টীয়া অসম বন্ধ

বঙাইগাঁৱত সংবাদমেল যোগে এন আৰ চিৰ ওপৰত ক্ষোভ উজাৰিলে আক্ৰাছুৱে ৷

author img

By

Published : Sep 14, 2019, 8:59 PM IST

Updated : Sep 15, 2019, 4:46 AM IST

20 চেপ্তেম্বৰত আক্ৰাছুৰ 12 ঘন্টীয়া অসম বন্ধ

বঙাইগাঁও, 14 চেপ্তেম্বৰ: এইবাৰ এন আৰ চিৰ ওপৰত অসন্তুষ্ট হৈ অহা 20 চেপ্তেম্বৰত অসম বন্ধ ঘোষণা কৰিলে কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৱে ৷ শনিবাৰে বঙাইগাঁৱত অনুষ্ঠিত এক সাংবাদমেল যোগে এই কথা সদৰি কৰে সংগঠনটোৱে ৷ এন আৰ চিৰ পৰা প্ৰায় 58 হাজাৰ কোচ ৰাজবংশী লোকৰ নাম বাদ পৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে সংগঠনটোৱে ৷ উপ সভাপতি খিতিশ বৰ্মন,সাধাৰণ সম্পাদক গোকুল বৰ্মন আৰু মুখ্য উপদেষ্টা প্ৰদীপ ৰায় উপস্থিত থকা সংবাদমেলখনত বাদ পৰা সকলো কোচ ৰাজবংশী লোকৰ নাম বিদেশী ন্যায়াধীকৰণলৈ নোযোৱাকৈ এন আৰ চিত সন্নিবিষ্ট কৰাৰ দাবীত 20 চেপ্তেম্বৰত অসম বন্ধ ঘোষণা কৰে ৷ লগতে অহা 30 চেপ্তেম্বৰত সংগঠনটোৱে দিল্লীত ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও সংবাদিকৰ আগত জনায় ৷ ইয়াৰ পাছতো যদি চৰকাৰ অতি সোনকালে কোনো ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ নকৰে তেন্তে আগন্তুক সময়ত আৰু অধিক আন্দোলনৰ বাবে প্ৰস্তুত থাকিবলৈ চৰকাৰক সংগঠনটোৱে সংবাদমেল যোগে স্পষ্ট কৰি দিয়ে ৷

Intro:বঙাইগাঁও ত আক্ৰাছুৰ সংবাদ মেল । এন আৰ চিত অসন্তষ্ট। ২০ ছেপ্টেম্বৰ ১২ ঘন্টীয়া অসম বন্ধ।

Body:বঙাইগাঁওত সদৌ কোঁচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৰ সংবাদ মেল । এন আৰচিৰ পৰা প্ৰায় ৫৮ হেজাৰ কোঁচ ৰাজবংশী লোকৰ নাম বাদ পৰাত এন আৰচিৰ প্ৰতি অসন্তষ্টি প্ৰকাশ ছাত্ৰ সংগঠনটোৰ । বাদ পৰা লোক সকলৰ নাম বিদেশী ন‍্যায়াধিকৰন নোযোৱাকৈ বিনাচৰ্তে সন্নিবিষ্ট কৰাৰ দাবীত অহা ২০ ছেপ্টেম্বৰ ১২ ঘন্টীয়া অসম বন্ধ দিয়াৰ লগতে ৩০ ছেপ্টেম্বৰ দিল্লীত ধৰ্ণা কাৰ্যসুচী ৰূপায়ন কৰিব । আজি সংবাদ মেলত আক্ৰাছুৰ উপ সভাপতি খিতিশ বৰ্মন,সাধাৰণ সম্পাদক গোকুল বৰ্মন,মহিলা সমিতিৰ সভানেত্ৰী পুৰবী সৰকাৰ আৰু মুখ‍্য উপদেষ্টা প্ৰদিপ ৰায় উপস্থিত থাকে।

বাইট : গোকুল বৰ্মন,সাধাৰণ সম্পাদক আক্ৰাছু।

Conclusion:এই সমুহ কাৰ্যসূচীৰ পিচতো যদি চৰকাৰে কোনো ভাল পদক্ষেপ গ্ৰহন নকৰে তেন্তে ভৱিষ‍্যতে অধিক আন্দোলনৰ বাবে প্ৰস্থুত আক্ৰাছু এই বুলি সংবাদ মেলযোগে স্পষ্ট কৰি দিয়ে । এন আৰচিৰ নামত জনগোষ্টীটোৰ জনজাতী কৰণৰ বিষয়টো তলপেলোৱাৰ কথাও কয় ।

বঙাইগাঁওৰ পৰা আব্দুল মালেক আহমেদ।
Last Updated : Sep 15, 2019, 4:46 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.