বঙাইগাঁও, 25 জুলাই : পুনৰ পোহৰলৈ আহিছে শিক্ষিত সমাজক লজ্জানত কৰা এক ঘটনা ৷ স্বামীৰ অত্যাচাৰ সহিব নোৱাৰি স্বামীগৃহ ত্যাগ কৰিলে এগৰাকী মহিলাই ৷ পত্নীক অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে ৰকিবুল ইছলাম আকন্দ নামৰ এগৰাকী অধিবক্তাৰ বিৰুদ্ধে ৷
ঘটনাৰ বিৱৰণী অনুসৰি, খুলিমা খাতুন নামৰ মহিলাগৰাকীৰ সৈতে প্ৰায় ৩ বছৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল বঙাইগাঁৱৰ অধিবক্তা ৰকিবুল । বিবাহপাশত আৱদ্ধ হোৱাৰ প্ৰায় ৬ মাহৰ পিছৰে পৰা স্বামী-স্ত্ৰীৰ মাজত সৃষ্টি হয় মতানৈক্যৰ । আনকি পত্নীক মানসিক আৰু শাৰীৰিক অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপিত হৈছে অধিবক্তা ৰকিবুলৰ বিৰুদ্ধে ।
লগতে পঢ়ক : স্বামীৰ অবৈধ সম্পৰ্কৰ বাবে আৰক্ষীৰ কাষ চাপিল পত্নী
অভিযোগ মতে, ৰকিবুলৰ পত্নীয়ে গৰ্ভধাৰণ কৰাত ভ্ৰুণ নষ্ট কৰিবলৈ বহু অত্যাচাৰ চলাইছিল স্বামীৰ লগতে স্বামীৰ পৰিয়ালবৰ্গই । যাৰ বাবে পত্নীয়ে স্বামীগৃহ এৰি পিতৃ গৃহত আশ্ৰয় গ্ৰহণ কৰিবলৈ বাধ্য হয় ৷
পৰৱৰ্তী সময়ত ৰকিবুলৰ পত্নীয়ে জন্ম দিয়ে এটি কন্যা সন্তান ৷ কন্যা সন্তানটি ক্ৰমাৎ ডেৰবছৰীয়া হয় ৷ ডেৰ বছৰৰ অন্তত বিগত ঈদৰ সময়চোৱাত খুলিমা খাতুনে তেওঁৰ পিতৃৰ সৈতে স্বামী ৰকিবুলৰ গৃহত উপস্থিত হয় ৷ সন্তানসহ পত্নীক নিজ ঘৰত দেখি খৰ্গগ্ৰস্ত হৈ পৰে ৰকিবুল ৷
লগতে পঢ়ক : বিবাহিতা মহিলাই পলুৱাই নিলে 18 বছৰীয়া যুৱকক
ঘৰলৈ ঘূৰি অহাটোৱেই কাল হ’ল খুলিমা খাতুনৰ বাবে ৷ অধিবক্তা স্বামীয়ে লোহা গৰম কৰি পত্নীৰ দেহত লগাই নিৰ্মমভাৱে অত্যাচাৰ কৰাৰ ঘটনা পোহৰলৈ আহিছে ৷ আনকি ডেৰ বছৰীয়া কন্যা সন্তানটিক পত্নীৰ পৰা কাঢ়ি নি কুকুৰক খাবলৈ দলিয়াই দিয়াৰ অভিযোগ উত্থাপিত হৈছে ৰকিবুলৰ বিৰুদ্ধে ৷ এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰকিবুলৰ পত্নী খুলিমাই ।
অধিবক্তাগৰাকীয়ে পত্নীক কৰা অত্যাচাৰ দেখি গাঁওবাসীয়ে আৰক্ষীক খবৰ দিয়ে ৷ উক্ত ঘটনাৰ পিছতে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ খুলিমাক উদ্ধাৰ কৰে । ঘটনা সন্দৰ্ভত ৰকিবুলৰ পত্নীয়ে আৰক্ষী চকীত স্বামীসহ পৰিয়ালবৰ্গৰ বিৰুদ্ধে ৩৪২/২১ নং IPC -498 A, 38 IPC নং ধাৰাত এক গোচৰ দাখিল কৰিছে । ইতিমধ্যে আৰক্ষীয়ে অধিবক্তাজনক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে ৷
লগতে পঢ়ক : ডকাইতক লগত লৈ আৰক্ষীয়ে উদ্ধাৰ কৰিলে পিষ্টল