ETV Bharat / state

চৰকাৰে যোগান ধৰা চাউল আত্মসাতৰ নতুন কৌশল সুলভ মূল্যৰ দোকানীৰ

পশ্চিম জনীয়া সমবায় সমিতিৰ অধিনস্থ কাদং বজাৰৰ সুলভ মূল্যৰ দোকানী মান্নাফ আলীয়ে প্ৰতি ৰেচন কাৰ্ডৰ পৰা ১/২ কেজি কমকৈ চাউল আৰু ১ কেজি দালিৰ সলনি ৯ শ গ্ৰামকৈ দি অহাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে ।

author img

By

Published : May 14, 2020, 4:38 PM IST

Rice Corruption in Jania during lock down
চৰকাৰে যোগান ধৰা চাউল আত্মসাতৰ নতুন কৌশল সুলভ মূল্যৰ দোকানীৰ

জনীয়া, 14 মে' : অনিয়ম, দুৰ্নীতি সংঘটিত নকৰিবলৈ চৰকাৰে কঠোৰভাৱে সকিয়াই দিয়াৰ পাচতো খাদ্য সুৰক্ষা আইনৰ অধীনত চাউল বিতৰণৰ নামত আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে ৷ উল্লেখ্য যে, লোভ আৰু অভ্যাস সামৰিব নোৱাৰি দুখীয়া গ্ৰাহকৰ চাউল কাঢ়ি খোৱাৰ পদ্ধতি সলনি কৰিছে একাংশ দোকানীয়ে । পশ্চিম জনীয়া সমবায় সমিতিৰ অধিনস্থ কাদং বজাৰৰ সুলভ মূল্যৰ দোকানী মান্নাফ আলীয়ে প্ৰতি ৰেচন কাৰ্ডৰ পৰা ১/২ কেজি কমকৈ চাউল আৰু ১ কেজি দালিৰ সলনি ৯ শ গ্ৰামকৈ দি অহাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে ।

খবৰৰ ভিত্তিত সাংবাদিক উপস্থিত হৈ গ্ৰাহকৰ পৰা ঘটনা সন্দৰ্ভত জানিবলৈ বিচৰাত গ্ৰাহকে চাউল আৰু দালি কমকে দিয়াৰ কথা স্বীকাৰ কৰে। আনহাতে, এই চাউল আৰু দালি গ্ৰাহকসকলে দোকানীক ইচ্ছাকৃতভাৱে দিয়া বুলিহে স্বীকাৰ কৰে দোকানী মান্নাফ আলীয়ে।

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.