বৰমা, 23 জুলাই : যিমানেই কোভিড-19ৰ সংক্ৰমণ বৃদ্ধি হৈ আছে, তেনে সময়তে বিটিএডিত নিৰ্বাচনী প্ৰচাৰো তীব্ৰতৰ হৈ আহিছে ৷ বিশেষকৈ সামাজিক ব্যৱধানৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি হৈছে যদিও প্ৰচাৰৰ ক্ষেত্ৰত তাৰ ব্যতিক্ৰম হোৱা নাই ৷ বৃহস্পতিবাৰে 25 নং বাগানপাৰা পৰিষদীয় সমষ্টিৰ ইউপিপিএল দলৰ প্ৰাৰ্থী কাতিৰাম বড়োৱে সমষ্টিটো উন্নয়নৰ ক্ষেত্ৰত বিশেষ অগ্ৰাধিকাৰ দিব বুলি দোহাৰে ৷ সমষ্টিটোত তেওঁ বিপিএফ দলক সহজে পৰাজিত কৰিব বুলিও মন্তব্য কৰে ৷
তেওঁ সমষ্টিটোত দীৰ্ঘদিন ধৰি ভূগি অহা পাগলদিয়া আৰু মৰা পাগলদিয়া নদীৰ সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত আগভাগ ল'ব বুলি জানিবলৈ দিয়ে ৷ সমষ্টিটোত খোৱা পানী,কৃষি,যাতায়ত ব্যৱস্থাৰো কৰিবলগীয়া কাম আছে ৷ বিপিএফ দলে 15 বছৰে অপশাসন কৰি সমষ্টিৰ কাম নকৰিলে,সেয়েহে 25 নং বাগানপাৰা সমষ্টিৰ উন্নয়নৰ কাম কৰিব বুলিও কাতিৰাম বড়োৱে উল্লেখ কৰিছে ৷ বিটিআৰ চুক্তিক ইউপিপিএল দলে সমাধান কৰিব বুলিও তেওঁ কয় ৷
লগতে পঢ়কঃ মৰিগাঁৱত দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ গ্ৰেপ্তাৰ