ETV Bharat / sports

Virat Kohli 100 catches in IPL : ১০০ টা কেচ ধৰা RCBৰ একমাত্ৰ খেলুৱৈ বিৰাট কোহলী

author img

By

Published : Apr 24, 2023, 1:01 PM IST

দেওবাৰে ৰাজস্থান ৰয়েলছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মাজত অনুষ্ঠিত খেলখনত আন এক অভিলেখ গঢ়িলে বিৰাট কোহলীয়ে । ১০০ টা কেচ সম্পূৰ্ণ কৰা আৰচিবিৰ একমাত্ৰ খেলুৱৈ হিচাপে অভিলেখ কোহলীৰ (Virat Kohli completes 100 catches)। এই অভিলেখৰ তালিকাত প'লাৰ্ড আৰু সুৰেশ ৰাইনাও আছে ।

Virat Kohli 100 catches in IPL
১০০ টা কেচ ধৰা RCBৰ একমাত্ৰ খেলুৱৈ বিৰাট কোহলী

স্পৰ্টছ ডেস্ক,২৪ এপ্ৰিল : ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত আন এক অভিলেখ বিৰাট কোহলীৰ (Virat Kohli IPL record)। আই পি এলত ফিল্ডাৰ হিচাবে ১০০ টা কেচ সম্পূৰ্ণ কৰা ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ একমাত্ৰ খেলুৱৈ হিচাবে পৰিগণিত হ'ল কোহলী । ইয়াৰ লগে লগে আইপিএলত আটাইকেইটা ফ্ৰেঞ্চাইজিৰ ভিতৰত ১০০ টা কেচ সম্পূৰ্ণ কৰা তৃতীয়গৰাকী খেলুৱৈ হ'ল বিৰাট (IPL player to completes 100 catches)। বেংগালুৰুৰ এম চিনাস্বাম্মী ষ্টেডিয়ামৰ ঘৰুৱা খেলপথাৰত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে খেলৰ সময়ত এই কৃতিত্ব অৰ্জন কৰে বিৰাট কোহলীয়ে ।

খেলখনত বিৰাট কোহলী ষ্টাম্প আউট হয় যদিও খেলপথাৰত তেওঁৰ যাদু দেখিবলৈ পোৱা যায় । তেওঁ যুৱ টপ অৰ্ডাৰ বেটছমেন যশস্বী জয়ছোৱাল আৰু দেৱদত্ত পাডিক্কালৰ কেচ ধৰে (Virat Kohli catches in IPL)। ১৯০ ৰাণৰ লক্ষ্যৰ পিচত দৌৰি ৰাজস্থানে আৰচিবিক সমস্যাত পেলাইছিল যদিও এই উইকেট দুটাই দলটোক জয়ী হোৱাৰ ক্ষেত্ৰত অৰিহণা যোগায় ।

বিৰাটে আইপিএলত ২২৮ খন মেচ খেলিছে (Virat Kohli IPL career)। য’ত তেওঁ মুঠ ১০১ টা কেচ ধৰিছে । অলৰাউণ্ডাৰ কাইৰন প’লাৰ্ড (১০৩ টা কেচ) আৰু সুৰেশ ৰাইনাৰ (২০৪ খন মেচত ১০৯ টা কেচ)। বিৰাটে আই পি এল ২০২৩ ত বেটেৰেও কিছু উল্লেখযোগ্য ফৰ্ম প্ৰদৰ্শন দেখুৱাইছে । এভাৰেজ ৪৬.৫০ ৰ সৈতে ৭ খন মেচত বিৰাটে ২৭৯ ৰাণ সংগ্ৰহ কৰিছে । তেওঁ এতিয়ালৈকে প্ৰতিযোগিতাখনত ৪ টা অৰ্ধ-শতক অৰ্জন কৰাৰ লগতে সৰ্বাধিক ৮২ ৰাণ সংগ্ৰহ কৰিছে ।

তেওঁৰ ষ্ট্ৰাইক ৰেট ১৪১.৬২ । ৰাজস্থান আৰু বেংগালুৰুৰ মাজৰ খেলখনত প্ৰথমে বেটিং কৰি ৯ উইকেট হেৰুৱাই ১৮৯ ৰাণ সংগ্ৰহ কৰিছিল আৰচিবিয়ে (RR vs RCB 2023)। দলটোৱে ১২ ৰাণ সংগ্ৰহ কৰাৰ পাচতে বিৰাট কোহলী আউট হয় । ইফালে ফাফ ডু প্লেচিছে ৩৯ টা বলত ৮ টা চাৰি আৰু ২ ছয়েৰে ৬২ ৰাণ সংগ্ৰহ কৰে । গ্লেন মেক্সৱেলে ৪৪ টা বলত ৬ টা চাৰি আৰু ৪ টা ছয়েৰে ৭৭ ৰাণ সংগ্ৰহ কৰে ।

১৯০ ৰাণৰ লক্ষ্যৰ পিচত দৌৰি ৰাজস্থানে তাৰকা বেটছমেন জছ বাটলাৰক শূন্য ৰাণত হেৰুৱায় । কিন্তু যশস্বী জয়ছোৱালে ৩৭ টা বলত ৪৭ ৰাণ আৰু দেৱদত্ত পাডিক্কাল ৩৪ টা বলত ৫২ ৰাণ সংগ্ৰহ । দুয়োগৰাকী খেলুৱৈয়ে ৰাজস্থানক এক সুন্দৰ স্থিতিলৈ আনিছিল (TATA IPL 2023)। অৱশ্যে দুয়োগৰাকী বেটছমেনৰে কেচ ধৰি বিৰাট কোহলীয়ে আৰচিবি দলটোক পুনৰ জয়ৰ ফালে লৈ যায় । অৱশেষত খেলখনত ৰাজস্থানৰ বিৰুদ্ধে ৭ ৰাণত জয়ী হয় বেংগালুৰু ।

লগতে পঢ়ক :IPL 2023 RCB Vs RR: ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে 7 ৰাণত জয় ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.