চিটাৰা ডেস্ক, 22 ছেপ্তেম্বৰ : ছ’নী পিকছাৰ্ছ নেটৱৰ্কছ ইণ্ডিয়া(Sony Pictures Networks India)ৰ সৈতে একত্ৰিত হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে জী এণ্টাৰটেইনমেণ্ট এণ্টাৰপ্ৰাইজেছ লিমিটেডে(Zee Entertainment Enterprises Ltd) ৷ বুধবাৰে একত্ৰীকৰণৰ বাবে কৰা নীতিগত অনুমোদনৰ কথা ঘোষণা কৰে দুয়োটা চেনেলৰ বিষয়ববীয়াই ৷
এক সংবাদ সংস্থাই জনোৱা মতে, ছ’নী ইণ্ডিয়াৰ শ্বেয়াৰ হোল্ডাৰসকলে প্ৰায় 52.93 পিচি অংশীদাৰিত্ব ত্বৰান্বিত কৰিব আৰু বাকী অংশ জি শ্বেয়াৰ হোল্ডাৰসকলৰ মালিকানাধীন হ’ব । পুনিত গোৱেংকা(Punit Goenka) হ’ব একত্ৰীকৰণ সংস্থাটোৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া ৷ প্ৰস্তাৱিত চুক্তি অনুসৰি, Zee আৰু SPNI য়ে দুয়োটা নেটৱৰ্কৰ বাবে লিনিয়াৰ নেটৱৰ্ক, ডিজিটেল সম্পদ, প্ৰডাকচন অপাৰেশ্যন আৰু প্ৰগ্ৰেম লাইব্ৰেৰী একত্ৰিত কৰিব ৷
লগতে পঢ়ক: অৰ্জুন বিজলানীৰ শিৰত Khatron Ke Khiladi 11 ৰ খিতাপ