চিটাৰা ডেস্ক, 7 ফ্ৰেব্ৰুৱাৰী: সম্পৰ্ক শেষ হৈ যায়, কিন্তু কেতিয়াবা দায়িত্ব, শ্ৰদ্ধা, মানবীয়তা আদিয়ে মানুহক পৰস্পৰৰ সৈতে বান্ধ খুৱাই ৰাখে ৷ সম্পৰ্ক এটাত সোমাই নাথাকিলেও একেবাৰে আঁতৰি অহাৰ কোনো বাট নেথাকে ৷
বলীউডৰ যুটি বোৰৰ মাজত প্ৰেম বা বিবাহৰ পিছত সঘনে বিচ্ছেদ হোৱা প্ৰায়ে দেখা যায় ৷ প্ৰেম, বিবাহ, বন্ধুত্ব বলীউডত চক্ৰাকাৰে ঘূৰে ৷
এসময়ত বলীউডত যাৰ প্ৰেম কাহিনীক লৈ চৰ্চা আছিল, প্ৰেমৰ উদাহৰণ হিচাপে যাৰ কাহিনী দাঙি ধৰা হৈছিল, সেই বিখ্যাত যুটি আৰবাজ-মালাইকাৰ ডিভোৰ্ছে হতবাক কৰি তুলিছিল সকলোকে ৷
19 বছৰীয়া বৈবাহিক জীৱনৰ অৱসান ঘটাইছিল আৰবাজ-মালাইকাই 2017 চনত ৷ দেওবাৰে নিশা মুম্বাই এয়াৰপ’ৰ্টত একেলগে দেখা গ’ল এই প্ৰাক্তন যুটিক ৷ তেওঁলোকৰ সন্তান আৰহান খানক বিদায় জনাবলৈ গৈছিল দুয়ো তাৰকা ৷ বিদেশত অধ্যয়নৰত পুত্ৰ আৰহানে ছুটী শেষ হোৱাত পুনৰ উৰা মাৰে নিজৰ থকা ঠাইলৈ ৷
পুত্ৰক বিদায় দিবলৈ এয়াৰপ’ৰ্টত একেলগে উপস্থিত হৈছিল আৰবাজ আৰু মালাইকা ৷ এয়াৰপ’ৰ্টৰ ভিতৰলৈ সোমাই যোৱা আৰহানক বিদায় জনাই দুয়োয়ে খোজ লয় নিজ নিজ বাহন অভিমুখে ৷ অলপ দূৰ একেলগে খোজকাঢ়ি গৈ ইজনে সিজনক আঁকোৱালি সম্ভাষণ জনাই বিদায় লয় দুয়োয়ে ৷
ব্যক্তিগত জীৱনত ইতিমধ্যেই আগবাঢ়িছে দুইজনে ৷ বলীউড অভিনেতা অৰ্জুন কাপুৰৰ সৈতে ৰিলেছনশ্বীপত আছে মালাইকা ৷ আনহাতে আৰবাজৰ জীৱনতো আছে মডেল জিঅ’ৰ্জিয়া আদ্ৰিয়ানি ৷
লগতে পঢ়ক: লতা মংগেশকাৰক শ্ৰদ্ধাঞ্জলি জনাবলৈ গৈ বিতৰ্কত কিং খান