ETV Bharat / international

Floods in eastern Libya : লিবিয়াত বানৰ সংহাৰ, ২০০০ৰো অধিক লোকৰ মৃত্যুৰ আশংকা

author img

By ETV Bharat Assamese Team

Published : Sep 12, 2023, 12:40 PM IST

উত্তৰ আফ্ৰিকাৰ লিবিয়াত ভূমধ্যসাগৰীয় ধুমুহা ডেনিয়েলে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । দেশখনত বানৰ ফলত লাখ লাখ লোক প্ৰভাৱিত হৈছে । ২০০০ৰো অধিক লোকৰ মৃত্যু হোৱাৰ লগতে হাজাৰ হাজাৰ লোক সন্ধানহীন ।

Floods in eastern Libya
লিবিয়াত ২০০০ৰো অধিক লোকৰ মৃত্যুৰ আশংকা

ইণ্টাৰনেশ্যনেল ডেস্ক,১২ ছেপ্টেম্বৰ : ভূমধ্যসাগৰীয় ধুমুহা ডেনিয়েলে লিবিয়াত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । ধুমুহাৰ ফলত প্ৰচুৰ বৰষুণ আৰু বানৰ কৱলত পৰিছে দেশখন । প্ৰলয়ংকৰী বানত একপ্ৰকাৰ বিধ্বস্ত হৈ পৰিছে দেশখন । উত্তৰ আফ্ৰিকাৰ দেশখনৰ পূবৰ একাধিক উপকূলীয় চহৰ প্লাৱিত হৈছে । হাজাৰ হাজাৰ বাসগৃহ বান উটি গৈছে লগতে ধ্বংসপ্ৰাপ্ত হৈছে । দেশৰ এগৰাকী নেতাই কোৱা মতে এই বানৰ ফলত প্ৰায় ২,০০০ গৰাকী লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে । পূৰ্বে ইছলামপন্থী সন্ত্ৰাসবাদীয়ে এক দশকতকৈও অধিক সময় ধৰি সন্ত্ৰাস চলোৱা লিবিয়াৰ ডেৰনা চহৰ আটাইতকৈ বেছি প্ৰভাৱিত হৈছে ।

উল্লেখ্য যে মিলিছিয়া আৰু বিদেশী চৰকাৰৰ সমৰ্থনত লিবিয়া দুটা প্ৰতিদ্বন্দী প্ৰশাসনৰ মাজত বিভক্ত হৈ আছে । এটা পূবত আৰু এটা পশ্চিমত । দেশখনৰ স্বাস্থ্য বিভাগে জনোৱা মতে সোমবাৰৰ শেষৰ ফালে বানৰ ফলত নিশ্চিত মৃত্যুৰ সংখ্যা আছিল ৬১ গৰাকী । কিন্তু ডেৰনা অঞ্চল ইয়াত অন্তৰ্ভুক্ত নাছিল কিয়নো সেই অঞ্চলটো অতি দুৰ্গম । সন্ধানহীন হোৱা হাজাৰ হাজাৰ লোকৰ বহু বানত উটি যোৱাৰ আশংকা কৰা হৈছে ।

দেশখনৰ নাগৰিকসকলে সামাজিক মাধ্যমত পোষ্ট কৰা ভিডিঅ'ত বানৰ ধ্বংসলীলা স্পষ্ট হৈ পৰিছে । আৱাসিক এলেকাবোৰ নৈৰ বাঢ়নী পানীয়ে প্লাৱিত কৰিছে । ইফালে বহুমহলীয়া অট্টালিকাবোৰো আংশিকভাৱে পানীত ডুব যোৱা দেখা গৈছে । সোমবাৰে আল-মাছাৰ দূৰদৰ্শন কেন্দ্ৰৰ সৈতে হোৱা এক টেলিফোনিক সাক্ষাৎকাৰত পূব লিবিয়া চৰকাৰৰ প্ৰধানমন্ত্ৰী ওচামা হামাদে কয় যে, ডেৰনাত ২,০০০ গৰাকী লোকৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে আৰু হাজাৰ হাজাৰ লোক সন্ধানহীন হৈ আছে । তেওঁ লগতে কয় যে, ডেৰনাক দুৰ্যোগ ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছে ।

পূবত অৱস্থিত দেশখনৰ সশস্ত্ৰ বাহিনীৰ এগৰাকী বিষয়াই কয় যে, ডেৰনাত মৃত্যুৰ সংখ্যা ২,০০০ অতিক্ৰম কৰিছে । তেওঁ কয় যে, ৫,০০০ ৰ পৰা ৬,০০০ লোক সন্ধানহীন হোৱাৰ খবৰ পোৱা গৈছে । দুটাকৈ বান্ধ ছিগি যোৱাৰ ফলত এই দুৰ্যোগৰ সৃষ্টি হৈছে বুলি তেওঁ উল্লেখ কৰে ।

ইফালে এক্সৰ এটা পোষ্টত লিবিয়াত থকা আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূতাবাসে কয় যে তেওঁলোকে ৰাষ্ট্ৰসংঘ আৰু লিবিয়ান কৰ্তৃপক্ষ দুয়োৰে সৈতে যোগাযোগ ৰাখিছে আৰু আটাইতকৈ ক্ষতিগ্ৰস্ত অঞ্চলসমূহলৈ কেনেদৰে সাহায্য প্ৰদান কৰিব লাগে তাৰ ওপৰত চিন্তা চৰ্চা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :Taliban in Afghanistan: ক্ৰমশঃ শোচনীয় পৰিস্থিতিৰ বাবে মাৰ্কিন প্ৰশাসনক জগৰীয়া কৰিলে আফগানিস্তানৰ লেঃ জেনেৰেলে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.