চিটাৰা ডেস্ক, 6 মাৰ্চ: নাৰী নিৰ্যাতনৰ এক জঘন্য ঘটনা সংঘটিত হৈছে এইবাৰ এগৰাকী মালয়ালম অভিনেত্ৰীৰ লগত ৷ অভিনেত্ৰী অনিকা বিজয়ী বিক্ৰমনে শেহতীয়াকৈ ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰিছিল ইয়াৰ পিচতেই তোলপাৰ লাগিছে সামাজিক মাধ্যম (Malayalam actress Anicka Vijayi Vikramman) ৷
প্ৰাক্তন প্ৰেমিক অনুপ পিল্লাই অভিনেত্ৰীগৰাকীক নিৰ্মমভাৱে প্ৰহাৰ কৰি আঘাতপ্ৰাপ্ত কৰাৰ অভিযোগ উত্থাপন কৰিছে অভিনেত্ৰীগৰাকীয়ে ৷ গাৰ নোম শিয়ঁৰি যোৱা নিজৰ কেইখনমান আঘাতপ্ৰাপ্ত ফটোৰ লগতে হোৱাটছএপ মেছেজৰ স্ক্ৰিনশ্বট শ্বেয়াৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে ৷ লগতে অভিনেত্ৰীগৰাকীক চলোৱা মানসিক আৰু শাৰিৰীক অত্যাচাৰৰ বিষয়েও পোষ্টটোত উল্লেখ কৰে ৷
অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰা পোষ্টটোত লিখিছে, "মই ভাবুকিমূলক ফোন কল পাই আহিছো ৷ মোক আৰু মোৰ পৰিয়ালবৰ্গক নিৰন্তৰ অশান্তি কৰা হৈছিল ৷ প্ৰাক্তন প্ৰেমিকে মোক আক্ৰমণ কৰাৰ পূৰ্বে শেষৰ ছবিখন ক্লিক কৰা হৈছিল ৷ মই নতুনকৈ চুলি কাটি আহিছিলো দেখুৱাবলৈ বহুত উৎসাহিত হৈ আছিলো, যিয়েই নহওক সেয়া আছিল অতীত । এই সপ্তাহৰ পৰাই মই ইনষ্টাগ্ৰামত ফটো পোষ্ট কৰিবলৈ আৰম্ভ কৰিম । মই ইনষ্টা মিছ কৰিলোঁ ।"
ইনষ্টাগ্ৰামৰ লগতে অভিনেত্ৰীগৰাকীয়ে নিজৰ ফেচবুক একাউন্টতো এই সন্দৰ্ভত পোষ্ট কৰিছিল (Anicka Vikhramans Facebook post) । পোষ্টত অভিনেত্ৰীগৰাকীয়ে লিখিছে, "অনুপ পিল্লাই মোক দ্বিতীয়বাৰৰ বাবে হাৰাশাস্তি কৰাৰ পিচত মই বাংগালুৰু আৰক্ষীত এজাহাৰ দাখিল কৰিছিলো । প্ৰথমে চেন্নাইত অনুপে মোক প্ৰহাৰ কৰিছিল । তাৰ পিচত সি কান্দি কান্দি এনেকুৱা ঘটনা আৰু জীৱনত নকৰে বুলি ক্ষমা খুজিছিল ৷ মই মূৰ্খ আছিলো ।" পুনৰ দ্বিতীয়বাৰৰ বাবে এই কাণ্ড তেওঁ কৰাৰ পাচত মই আৰক্ষী থানাত অভিযোগ দাখিল কৰিছিলো ৷ কিন্তু অনুপে আৰক্ষীক ধন দি মোক পুনৰ আৱদ্ধ কৰি লয়। আৰক্ষী তেওঁৰ লগতে আছে বুলি মোক ভাবুকি দেখুৱাই মাৰপিট কৰি থাকিল ।"
- " class="align-text-top noRightClick twitterSection" data="
">
লগতে ফেচবুকত অভিনেত্ৰীগৰাকীয়ে লিখিছে, "মই অনুপ পিল্লা নামৰ এজন ব্যক্তিৰ প্ৰেমত পৰিছিলো । যোৱা কেইবছৰমানৰ পৰা তেওঁ মোক মানসিক আৰু শাৰীৰিকভাৱে নিৰ্যাতন চলাই আহিছে। কেতিয়াও এনেকুৱা মানুহ দেখা নাই মই মোৰ জীৱনত । এই সকলোবোৰ কৰাৰ পিচত অনুপে মোক ভয় দেখুৱাই আছিল । মই সপোনতো ভৱা নাছিলো অনুপে মোৰ লগত ইমানখিনি কৰিব পাৰিব বুলি ৷"
লগতে অভিনেত্ৰীগৰাকীয়ে কয়, "প্ৰথমবাৰ আক্ৰমণ কৰাৰ পিচত দ্বিতীয়বাৰ মই মূৰ্খতাৰ পৰিচয় দি তাক সলনি হোৱাৰ এটা সুযোগ দিছিলো । কিন্তু সলনি নহ’ল বৰং আৰক্ষীৰ ভয় দেখুৱাই মোক সাহসিকতাৰে মাৰপিট কৰিছিল ৷ যোৱা কেইবছৰমানৰ ভিতৰত বহুবাৰ প্ৰতাৰিত হৈছো । গতিকে মই এইবাৰ তাক এৰি যোৱাৰ সিদ্ধান্ত ল’লোঁ । কিন্তু সি মোক এৰি যাবলৈ সাজু নহ’ল । আমি বন্ধু আছিলোঁ, তাত কোনো সন্দেহ নাই । সি মোৰ ফোনটো ভাঙি পেলালে । গতিকে মই শ্বুটিঙতো যাব পৰা নাছিলো ৷ ইয়াৰ পূৰ্বেও সি মোৰ অজ্ঞাতে মোৰ লেপটপৰ সৈতে সংযোগ কৰা সকলো হোৱাটছএপ মেছেজ চাই আছিল ।"
উল্লেখ্য যে, অনিকাই শ্বেয়াৰ কৰা ফটোসমূহত চকুৰ চাৰিওফালে তেজ গোট খাই আছিল । বৰ্তমান হায়দৰাবাদত থকা অভিনেত্ৰীগৰাকীয়ে কয় যে অৱশেষত তেওঁ সুস্থ হৈ উঠিছে আৰু পুনৰ শ্বুটিং কৰিবলৈ আৰম্ভ কৰিছে । আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও প্ৰাক্তন প্ৰেমিক পলাতক হৈ আছে ।
অনিকা বিজয়ী বিক্ৰমন কোন ?
অনিকা এগৰাকী উদীয়মান তামিল আৰু মালয়ালম অভিনেত্ৰী ৷ অভিনেত্ৰীগৰাকীয়ে ‘কে’ ছবিখনত মহিলা নায়িকা হিচাপে আত্মপ্ৰকাশ কৰিছিল । পৰৱৰ্তী ছবি ‘এংগা পট্টন পাৰ্থিয়া’ত অভিনয় কৰিব অভিনেত্ৰীগৰাকীয়ে ।
লগতে পঢ়ক: Khushbu Sundar: পিতৃৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ ৰাজনীতিক তথা অভিনেত্ৰী খুছবু সুন্দৰৰ