ETV Bharat / entertainment

জীৱনৰ ৫১ টা বসন্ত অতিক্ৰম হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ - জুবিন গাৰ্গ

আজি সমগ্ৰ অসমৰ প্ৰিয় আৰু মৰমৰ কণ্ঠশিল্পী হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ জন্মদিন ৷ জীৱনৰ ৫১ বছৰত ভৰি দিলে জনপ্ৰিয় শিল্পীগৰাকীয়ে ৷

51st birthday of Zubeen Garg
জীৱনৰ ৫১টা বসন্ত অতিক্ৰম হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ
author img

By ETV Bharat Assamese Team

Published : Nov 18, 2023, 3:33 PM IST

Updated : Nov 18, 2023, 5:15 PM IST

নিউজ ডেস্ক, ১৮ নৱেম্বৰ: আজি সমগ্ৰ অসমৰ প্ৰিয় আৰু মৰমৰ কণ্ঠশিল্পী হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ জন্মদিন ৷ সংগীতশিল্পী জুবিন গাৰ্গৰ আজি ওপজা দিন ৷ জীৱনৰ ৫১টা বসন্ত অতিক্ৰম কৰিলে জনপ্ৰিয় শিল্পীগৰাকীয়ে ৷ বিগত বছৰসমূহৰ দৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জুবিন গাৰ্গৰ অনুৰাগীসকলে পালন কৰিছে প্ৰিয় শিল্পীগৰাকীৰ ৫১ সংখ্যক জন্মদিন ৷

51st birthday of Zubeen Garg
জীৱনৰ ৫১টা বসন্ত অতিক্ৰম হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ

১৯৭২ চনৰ ১৮ নৱেম্বৰৰ দিনটোত মেঘালয়ৰ তুৰাত জন্মগ্ৰহণ কৰিছিল শিল্পীগৰাকীয়ে ৷ প্ৰায় ২৫ সহস্ৰাধিক গীতত কণ্ঠদান কৰি অসমীয়া সংগীত জগতক অনন্য় মাত্ৰা প্ৰদান কৰিছে জুবিন গাৰ্গে ৷ ১৯৯২ চনত মুক্তিপ্ৰাপ্ত "অনামিকা" শ্ৰব্য কেছেটখনৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈকে তেখেতৰ কণ্ঠ আৰু শব্দৰ উচ্চাৰণৰ তুলনা অইন কাৰোৰে সৈতে কৰিব পৰা নাযায় । অসম আৰু বাহিৰৰ বিভিন্ন থলুৱা বাদ্যযন্ত্ৰ যেনে ঢোল,নাগাৰা, দগৰ, সাৰেংগী ইত্যাদি জুবিন গাৰ্গে তেওঁৰ সংগীতত প্ৰয়োগ কৰি আহিছে, তেনেদৰে সৃষ্টি হৈছে চিৰসেউজ গীতৰ । এজন কণ্ঠশিল্পী হোৱাতকৈ বাদ্য সংগত কৰাৰহে সপোন দেখিছিল জুবিন গাৰ্গে ।

উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ভাষা-উপভাষাৰ গীতত কণ্ঠদান কৰাৰ উপৰি বলীউডতো আছে শিল্পীগৰাকীৰ প্ৰতিভাৰ স্বাক্ষৰ ৷ দাক্ষিণাত্যৰ একাধিক ভাষাত শিল্পীগৰাকীয়ে কণ্ঠ নিগৰাইছে ৷ য়া আলি, জানে ক্যা চাহে, দিলৰুবা, দিল তুহি বাতা, চুভা চুভা ইত্যাদি কেইবাটাও গীতত তেওঁ কণ্ঠ নিগৰাইছে ৷ কেৱল গীতেই নহয় অভিনয় জগততো জুবিনে বিশেষ চাপ বহুৱাবলৈ সক্ষম হৈছে ৷ তুমি মোৰ মাথো মোৰৰ পৰা আৰম্ভ কৰি মন যায়, ৰামধেনু, গানে কি আনে, মিচন চাইনা, কাঞ্চনজংঘা, প্ৰিয়াৰ প্ৰিয়, ডাক্টৰ বেজবৰুৱালৈকে তেওঁ অভিনয় কৰিছে ৷

যিসমূহ ছবি আজিও অসমীয়া দৰ্শকৰ মাজত আজিও জনপ্ৰিয় ৷ কেৱল অসমীয়া ছবিয়েই নহয়, বাংলা ছবি উদ্যোগতো জুবিন গাৰ্গ এটা অতি চিনাকী নাম । বাংলা ভাষাৰ ছবি শুধু তুমিৰ বাবে জুবিনে ২০০৫ চনত বেংগলী ফ্লিম জাৰ্নালিষ্ট এছোচিয়েশ্যনৰ তৰফৰ পৰা শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰিছিল । ইফালে, গেংষ্টাৰ ছবিৰ য়া আলি গীতটোৰ বাবে জুবিনে ২০০৭ চনত গ্ল’বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড আৰু ষ্টাৰডাষ্ট এৱাৰ্ডত শ্ৰেষ্ঠ নেপথ্য সংগীত শিল্পীৰ বঁটা (পুৰুষ) লাভ কৰিবলৈ সক্ষম হৈছিল । ইয়াৰ উপৰি Echoes of Silence (ইংৰাজী-খাচী)ৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালক হিচাপে ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল) বঁটা লাভ কৰে । আধুনিক অসমীয়া সংগীতত নতুন মাত্ৰা প্ৰদান কৰাৰ বাব ২০১৪ চনত জুবিন গাৰ্গলৈ ৰেনেছাঁ অসম বঁটা আগবঢ়োৱা হয় । ২০০৫ চনত ৰাষ্ট্ৰীয় বঁটা পোৱা আন এখন অসমীয়া চলচ্চিত্ৰ দীনবন্ধুত জুবিনে অভিনয় কৰাৰ উপৰিও ছবিখনত সহ-প্ৰযোজনা কৰিছিল ৷

সংগীত পৰিচালক হিচাপেও বাংলা আৰু অসমীয়া ছবি জগতত জুবিন গাৰ্গৰ এক সুকীয়া পৰিচয় আছে ৷ মুনিন বৰুৱাৰ 'হিয়া দিয়া নিয়া' (২০০০) ছবিখনৰ যোগেদি সংগীত পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰা জুবিন গাৰ্গৰ সংগীতে অসমীয়া ছবি জগতত এক আলোড়নৰ সৃষ্টি কৰিছিল ৷

ইয়াৰোপৰি অভিনেতা, সংগীত পৰিচালক, ছবি পৰিচালক হিচাপেও তেওঁৰ আছে ঈৰ্ষণীয় সফলতা ৷ যি সফলতাৰ বাবে আজি তেওঁ জনপ্ৰিয়তাৰ শীৰ্ষত অধিষ্ঠিত হৈ আছে ৷ আনহাতে বিভিন্ন সময়ত জুবিন গাৰ্গে দিয়া ভাষ্য অনুসৰি তেওঁৰ আছে দুখনকৈ আহিবলগীয়া ছবি ৷ চিকাৰ আৰু ৰৈ ৰৈ বিনালে ৷ অৱশ্যে স্বাস্থ্যজনিত কাৰণত তেওঁ কিছুদিনৰ বাবে ছবিৰ দৃশ্যগ্ৰহণৰ কামৰ পৰা বিৰত আছে ৷

লগতে পঢ়ক: প্ৰখ্যাত অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা-পৰিচালক হেমেন দাস আৰু নাই

Last Updated : Nov 18, 2023, 5:15 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.