ETV Bharat / city

বিশিষ্ট সাহিত্যিক ৰীতা চৌধুৰীলৈ ৰণাংগন সন্মান ২০২১ - সাহিত্য অকাডেমি বঁটাপ্ৰাপক লেখিকা ৰীতা চৌধুৰী

যশস্বী সাহিত্যিক ড৹ ৰীতা চৌধুৰীলৈ আগবঢ়োৱা হৈছে ৰণাংগন সন্মান ২০২১(Ranangan award to Rita Chowdhury) সন্মান । নগাঁৱৰ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়(Srimanta Sankaradeva University of Nagaon)ত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট সাহিত্যিক গৰাকীক প্ৰদান কৰা হয় এই বঁটা ।

Rita Chowdhury conferred with Ranangan award 2021
বিশিষ্ট সাহিত্যিক ৰীতা চৌধুৰীলৈ ৰণাংগন সন্মান ২০২১
author img

By

Published : Dec 3, 2021, 9:30 PM IST

নগাঁও, 3 ডিচেম্বৰ : নগাঁৱৰ অগ্ৰণী প্ৰকাশন গোষ্ঠী ৰণাংগন প্ৰকাশনে চলিত বৰ্ষত সাহিত্য অকাডেমি বঁটাপ্ৰাপক বিশিষ্ট মননশীল লেখিকা ৰীতা চৌধুৰী(Novelist and Sahitya Akademi Award recipient Rita Chowdhury)ক শুকুৰবাৰে প্ৰদান কৰে ৰণাংগন সন্মান ২০২১(Ranangan award 2021) । নগাঁৱৰ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়(Srimanta Sankaradeva University)ৰ সভাকক্ষত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয় বিশিষ্ট লেখিকা ৰীতা চৌধুৰীলৈ ।

Rita Chowdhury conferred with Ranangan award 2021
বিশিষ্ট সাহিত্যিক ৰীতা চৌধুৰীলৈ ৰণাংগন সন্মান ২০২১

ৰণাংগন সন্মান ২০২১ গ্ৰহণ কৰি বিশিষ্ট লেখিকা ৰীতা চৌধুৰীয়ে সমাজখনৰ হকে এতিয়ালৈকে সম্পূৰ্ণ আন্তৰিকতা আৰু নিষ্ঠাৰে কাম কৰি অহাৰ কথা ব্যক্ত কৰি এই সন্মান তেওঁৰ বাবে সৌভাগ্য বুলিও মন্তব্য কৰে ৷ উল্লেখ্য যে, নগাঁৱৰ অগ্ৰণী প্ৰকাশন গোষ্ঠী ৰণাংগন প্ৰকাশনে বিগত বৰ্ষৰ পৰা সাহিত্য-স‌ংস্কৃতিৰ লগতে সামাজিক ক্ষেত্ৰত বিশেষভাৱে বৰঙণি আগবঢ়োৱা ব্যক্তিক ৰণাংগন সন্মান প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ।

বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট লেখিকাগৰাকীৰ লগতে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা (Nagaon Sadar MLA Rupak Sharma), ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসম প্ৰান্তৰ বৌদ্ধিক প্ৰমুখ তথা সু-সাহিত্যিক, সমাজসেৱক শংকৰ দাস, শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰা, শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড৹ মৃণাল কুমাৰ বৰা আৰু নগাঁও জিলা সাহিত্য সভাৰ সভাপতি পৰাণ কুমাৰ বৰুৱাকে প্ৰমূখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ।

লগতে পঢ়ক : ২০২১ বৰ্ষৰ চুকাফা বঁটা জুবিন গাৰ্গলৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.