ETV Bharat / city

Guwahati Smart City Project : দুবছৰ ধৰি বিকল গুৱাহাটীৰ ৱাটাৰ ATM

author img

By

Published : Jan 8, 2022, 1:10 PM IST

গুৱাহাটী স্মাৰ্ট চিটি প্ৰকল্পৰ ফোঁপোলা স্বৰূপ ৷ ৰাজ্য চৰকাৰ তথা গুৱাহাটী স্মাৰ্ট চিটি লিমিটেড (Guwahati Smart City Limited) ৰ চৰম অৱহেলা আৰু দায়িত্বজ্ঞানহীনতাৰ বাবে মহানগৰীৰ বিভিন্ন ঠাইত স্থাপন কৰা ৱাটাৰ এটিএম (Water ATM in Guwahati) সম্প্ৰতি ভালুকৰ সাঙীত পৰিণত হৈছে ৷

water ATM
প্ৰায় দুবছৰে বিকল গুৱাহাটীৰ আটাইবোৰ ৱাটাৰ এ টি এম

গুৱাহাটী, 8 জানুৱাৰী : গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডে (Guwahati Smart City Limited) গুৱাহাটী স্মাৰ্ট চিটি প্ৰকল্পৰ অধীনত মহানগৰীৰ বিভিন্ন ঠাইত 20 টাকৈ ৱাটাৰ এটিএম (Water ATM in Guwahati) স্থাপন কৰিছিল ৷ মহানগৰীত ৱাটাৰ এটিএম স্থাপনৰ দায়িত্বত আছিল Swajal নামৰ এটা কোম্পানী ৷ কোম্পানীটোৱে 2018 চনতে মহানগৰীৰ ভিন্ন স্থানত 20 টাকৈ ৱাটাৰ এটিএম স্থাপন কৰিছিল ৷

water ATM
প্ৰায় দুবছৰে বিকল গুৱাহাটীৰ আটাইবোৰ ৱাটাৰ এটিএম

গুৱাহাটী ম্মাৰ্ট চিটি লিমিটেডে কোম্পানীটোক এই 20 টাকৈ ৱাটাৰ এটিএম স্থাপন আৰু মেৰামতি কৰাৰ বাবদ 2 কোটি টকা আদায় দিছিল (Water ATM under Guwahati Smart City Project) ৷ কিন্তু Swajal য়ে স্থাপন কৰা অধিকাংশ ৱাটাৰ এটিএম ছমাহৰ পিছতে বিকল হৈ পৰে ৷

উল্লেখ্য যে, এই ৱাটাৰ এ টি এমবোৰত 250 মিলি লিটাৰ পানীৰ দাম 1 টকা, 1 লিটাৰ পানীৰ দাম 5 টকা, 5 লিটাৰ পানীৰ দাম 10 টকা, 20 লিটাৰ পানীৰ দাম 25 টকা নিৰ্দ্ধাৰণ কৰিছিল ৷ এই ৱাটাৰ এ টি এমবোৰ পৰিচালনা কৰাৰ বাবদ এজনকৈ কৰ্মচাৰী নিয়োগ কৰা হৈছিল ৷

এই ৱাটাৰ এটিএমসমূহ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (Water ATM at GMCH campus) চৌহদত, মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয় হাস্পতাল (Water ATM at MMCH campus) চৌহদত, ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান (Water ATM at BBCI campus) চৌহদত, পাণবজাৰৰ ফুড ভিলাৰ ওচৰত, দিছপুৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ ওচৰত, খানাপাৰাৰ আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ ওচৰত, গড়চুক পাচলি বজাৰৰ চৌহদত, নেহৰু ষ্টেডিয়াম চৌহদত, ৰাজ্যিক চিৰিয়াখানা তথা ব’টানিকেল গাৰ্ডেন চৌহদত, পাণবজাৰৰ নককাটা পুখুৰীৰ ওচৰত, ধাৰাপুৰ বজাৰত, চানমাৰী জিএমচি বজাৰ ওচৰত, মাছখোৱা পাৰঘাট আৰু জেইল ৰোডৰ ওচৰত স্থাপন কৰা হৈছিল ৷

water ATM
গুৱাহাটী ম্মাৰ্ট চিটি প্ৰকল্প

বিগত দুবছৰৰ পৰা এই আটাইবোৰ পানীৰ এটিএম বিকল হৈ পৰি আছে ৷ পাণবজাৰৰ ফুড ভিলাৰ ওচৰত থকা জোৎস্না মজিন্দাৰে কয় যে, পাণবজাৰৰ ফুড ভিলাৰ ওচৰত থকা ৱাটাৰ এটিএমটো যোৱা দুবছৰ ধৰি বিকল হৈ আছে ৷ কোনো চোৱাচিতাৰ ব্যৱস্থা নাই ৷ মন কৰিবলগীয়া যে, APDCL ক ৱাটাৰ এটিএমৰ বিদ্যুতৰ বহু টকাৰ মাচুল দিবলগীয়া থকাৰ বাবে APDCL য়ে ৱাটাৰ এটিএমৰ বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি দিছে ৷

লগতে পঢ়ক : Akhil Gogoi on New Covid SOP : মাঘ বিহু উদযাপনক লৈ দিয়া বাধাৰ বিৰোধিতা অখিল গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.