ETV Bharat / city

Junior Doctors Protest: চিকিৎসকৰ প্ৰতিবাদত অচল চৰকাৰী হাস্পতালৰ চিকিৎসা সেৱা

author img

By

Published : Dec 6, 2021, 5:01 PM IST

এন ই ই টি পৰীক্ষাৰ কাউন্সিলিং প্ৰক্ৰিয়া(NEET PG Exam Counselling Process) বিলম্ব কৰাৰ প্ৰতিবাদত কনিষ্ঠ চিকিৎসক সকলে দেশজুৰি সাব্যস্ত কৰিছে প্ৰতিবাদ । ইয়াৰে অংশ হিচাপে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কনিষ্ঠ চিকিৎসক সকলেও অব্যাহত ৰাখিছে প্ৰতিবাদ ।

GMCH Junior doctors boycott out patient services
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কনিষ্ঠ চিকিৎসকৰ প্ৰতিবাদ

গুৱাহাটী, 6 নৱেম্বৰ : চিকিৎসকৰ প্ৰতিবাদত একপ্ৰকাৰ অচল হৈ পৰিছে চৰকাৰী হাস্পতালৰ চিকিৎসা সেৱা (Nationwide protest over delay in NEET PG counselling) । অসমৰ ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কনিষ্ঠ চিকিৎসকসকলে সোমবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পাতালৰ অধীক্ষকৰ কাৰ্যালয়ৰ ওচৰত প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদ স্বৰূপে অ'পিডি সেৱা বৰ্জন কৰে কনিষ্ঠ চিকিৎসকসকলে (GMCH Junior doctor boycotts OPD service) । যাৰ বাবে হাস্পতালখনত অভাৱনীয় পৰিৱেশে বিৰাজ কৰে ।

উল্লেখ্য যে, NeET PGৰ নামভৰ্তি প্ৰক্ৰিয়া যথেষ্ট বিলম্ব হৈছে । NEET PG ৰ বাচনি পৰীক্ষা সম্পৰ্কীয় গোচৰ আদালতত বিচাৰাধীন হৈ থকাৰ বাবেই এই নামভৰ্তি প্ৰক্ৰিয়া অনুষ্ঠিত হোৱা নাই । ইফালে এই গোচৰৰ শুনানি ৬ জানুৱাৰীত গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে । বৰ্তমান নামভৰ্তি নোহোৱাত বহুহাস্পতালত কম সংখ্যক কনিষ্ঠ চিকিৎসকৰ উপস্থিতিত চিকিৎসা প্ৰদান কৰিবলগীয়া হৈছে ।

ইফালে ইয়াৰ ফলত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত স্বাস্থ্যসেৱাত যথেষ্ট পৰিমাণে প্ৰভাৱ পৰিছে বুলি অভিযোগ কৰিছে চিকিৎসকসকলে । কনিষ্ঠ চিকিৎসকে ক'ভিডৰ উপৰিও আন সেৱাসমূহত নিয়োজিত হ'বলগীয়া হৈছে । যাৰবাবে মানসিক আৰু শাৰীৰিক হেঁচা পোৱা বুলিও দুখ প্ৰকাশ কৰিছে কনিষ্ঠ চিকিৎসকসকলে । সেয়ে অতি শীঘ্ৰে চৰকাৰক এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে । লগতে সমগ্ৰ বিষয়টো বিবেচনা কৰি যাতে সোনকালে NEET PG সম্পৰ্কীয় গোচৰটোৰ ৰায় দিয়ে তাৰ বাবেও উচ্চতম ন্যায়ালয়ক অনুৰোধ জনায় চিকিৎসকসকলে ।

ইপিনে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়(Gauhati Medical college and Hospital) ৰ Junior doctors association social serviceৰ সম্পাদক জয়দীপ পলেও এই সন্দৰ্ভত প্ৰতিক্ৰিয়া জনায় ৷ তেওঁ লগতে চৰকাৰে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে অনিৰ্দিষ্ট কাললৈ প্ৰতিবাদ চলাই যোৱাৰ হুংকাৰ দিয়ে ৷

লগতে পঢ়ক : Junior doctors protest: জি এম চি এইচত কনিষ্ঠ চিকিৎসকৰ প্ৰতিবাদ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.