ETV Bharat / city

Peoples day Celebration: দীঘলীপুখুৰীৰ পাৰত জনতাৰ দিন উদযাপন

author img

By

Published : Jan 1, 2022, 8:35 PM IST

ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জননেতা শৰৎ চন্দ্ৰ সিংহৰ ১০৯ তম জন্ম জয়ন্তী (Birth anniversary of Sarat Chandra Singha) ৷ 1914 চনৰ 1 জানুৱাৰীত জন্মলাভ কৰিছিল জননেতা শৰৎ চন্দ্ৰ সিংহই ৷ 1972 চনৰ পৰা 1978 চনলৈকে মুখ্যমন্ত্ৰীৰ আসন অলংকৃত কৰা এইগৰাকী জননেতাৰ জন্ম জয়ন্তী পালন কৰি অহা হৈছে জনতাৰ দিন হিচাপে ৷ এই বৰ্ষতো পহিলা জানুৱাৰীত গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰৰ লক্ষীধৰ বৰা ক্ষেত্ৰত উদযাপন কৰা হয় বিশেষ দিনটো ৷

দীঘলীপুখুৰীপাৰত জনতাৰ দিন উদযাপন
দীঘলীপুখুৰীপাৰত জনতাৰ দিন উদযাপন

গুৱাহাটী, ১ জানুৱাৰী: জননেতা শৰৎ চন্দ্ৰ সিংহৰ ১০৯ তম জন্ম জয়ন্তী(Birth anniversary of Sarat Chandra Singha) উপলক্ষে গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰৰ লক্ষীধৰ বৰা ক্ষেত্ৰত শনিবাৰে জনতাৰ দিন (Peoples day) হিচাপে উদযাপন কৰা হয় । জাতীয়তাবাদী কংগ্ৰেছ পাৰ্টিৰ দলীয় কৰ্মী শৰৎ চন্দ্ৰ সিংহ ন্যাস আৰু তেওঁৰ শুভাকাংক্ষী সকলৰ উদ্যোগত আয়োজন কৰা জনতাৰ দিনৰ কাৰ্যসূচী শৰৎ চন্দ্ৰ সিংহৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰা হয় ।

অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক হাইদৰ হুছেইন আৰু অদীপ ফুকন উপস্থিত থাকি শৰৎ সিংহৰ ৰাজনৈতিক জীৱনৰ লগতে ব্যক্তিগত জীৱনৰ বিষয়ে আলোকপাত কৰে । অনুষ্ঠানত উপস্থিত থাকি শৰৎ চন্দ্ৰ সিংহ ন্যাসৰ অধ্যক্ষ ধীৰেন্দ্ৰ দেৱ অধিকাৰীয়ে কয় যে, ১৯৯৩ চনৰ পৰা প্ৰতি বছৰে জনতাৰ দিন হিচাপে পালন কৰি অহা হৈছে । এইবাৰো অনুষ্টুপীয়াকৈ পালন কৰা হৈছে বিশেষ দিনটো ।

দীঘলীপুখুৰীপাৰত জনতাৰ দিন উদযাপন

ধীৰেন্দ্ৰ দেৱ অধিকাৰীয়ে লগতে কয়, শৰৎ সিংহৰ প্ৰাসংগিকতা আজি হয়তো মানুহে উপলব্ধি কৰা নাই ৷ যিধৰণে কিছুবছৰ আগলৈ জ্যোতিপ্ৰসাদ আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক মানুহে মনত পেলোৱা নাছিল যদিও এতিয়া তেওঁলোকৰ প্ৰাসংগীকতা যিধৰণে আহিছে তেনেদৰে অনাগত দিনত নতুন প্ৰজন্মই শৰৎ সিংহৰ প্ৰাসংগিকতা উপলব্ধি কৰিব ।

উল্লেখ্য যে ১৯৯৩ চনৰ পৰা 1 জানুৱাৰীৰ দিনটো জনতাৰ দিন হিচাপে পালন কৰি অহা হৈছে ।

লগতে পঢ়ক: New year wishes: নৱবৰ্ষৰ প্ৰথম দিনটোতে সৰ্বানন্দ সোণোৱালে অসমবাসীক দিলে বহুকেইটা ভাল খবৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.