চিৰাং,১৭মে' : বৃহস্পতিবাৰে চিৰাং জিলা সমিতিৰ আছুৱে এখন সংবাদমেল সম্বোধন কৰে । সংবাদমেলত বাসুগাঁও কাণ্ডৰ প্ৰতিক্ৰীয়া প্ৰকাশ কৰে আছুৱে ।
উল্লেখ্য যে, ১২ মে'ৰ নিশা দুৰ্বৃত্তই বাসুগাঁও আঞ্চলিক সমিতিৰ আছুৰ কাৰ্য্যালয়ত থকা শ্বহিদ বেদীৰ নাম ফলকত কলা ৰং সানিছিল । যাৰ পৰিপেক্ষিতত দোষীক কৰায়ত্ব কৰিবলৈ আছুৱে প্ৰশাসনক সময় দিছিল ৪৮ ঘন্টা । কিন্তু আৰক্ষীয়ে তিনিজন যুৱকক গ্ৰেপ্তাৰ কৰি থানাত পৰাই বিশেষ সোধপোচ নকৰাকৈ মোকলাই দিয়ে । যাৰ বাবে ক্ষোভিত হৈ পৰে আছু আৰু বৃহস্পতিবাৰে চিৰাং জিলা সমিতি আছুৰ সভাপতি ৰূপম কুমাৰ দাস আৰু সাধাৰন সম্পাদক দিপক কুমাৰ দাসে সংবাদমেলযোগে নিজ প্ৰতিক্ৰীয়া প্ৰকাশ কৰে । ইফালে এই তিনিওজন যুৱকে অসমীয়া আৰু আছু সন্দৰ্ভত ফেচবুক যোগে অশালিন মন্তব্য কৰাৰ লগতে বিশেষ এজন ৰাজনৈতিক নেতাৰ হেচাতেই যুৱককেইজনক আৰক্ষীয়ে এৰি দিয়ে বুলি মন্তব্য কৰে চিৰাং জিলা আছুয়ে । সংবাদমেলত আছুৱে অতি শীঘ্ৰে দোষীক কৰায়ত্ব কৰি শাস্তি প্ৰদান কৰিবলৈ দাবী জনায় । অন্যথা ৰাজ্যত তীব্ৰ গণতান্ত্ৰীক আন্দোলনৰ সৃষ্টি হোৱাৰ হুংকাৰ দিয়ে চিৰাং জিলা আছুয়ে ।