ETV Bharat / bharat

Russia Ukraine war : ইউক্ৰেইনৰ পৰা ১১ হাজাৰৰো অধিক ভাৰতীয় নাগৰিকক স্থানান্তৰ

ৰাছিয়া আৰু ইউক্ৰেইনৰ সংঘৰ্ষ অব্যাহত আছে । ইউক্ৰেইনত আৱদ্ধ প্ৰায় ১১ হাজাৰ ভাৰতীয় নাগৰিকক ইতিমধ্যে উদ্ধাৰ কৰা হৈছে (Over 11000 Indian nationals evacuated from Ukraine)। শনিবাৰে ১৭০ গৰাকী ভাৰতীয়ৰ সৈতে এয়াৰ ইণ্ডিয়াৰ আন এখন বিমান আহি অৱতৰণ কৰে ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত । বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী ভি মুৰলীধৰণে আদৰণি জনায় নাগৰিকসকলক ।

author img

By

Published : Mar 5, 2022, 10:47 AM IST

Over 11,000 Indian nationals evacuated from Ukraine so far: MoS Muraleedharan
ইউক্ৰেইনৰ পৰা ১১ হাজাৰৰো অধিক ভাৰতীয় নাগৰিকক স্থানান্তৰ

নেশ্যনেল ডেস্ক, ৫ মাৰ্চ : যোৱা ২৪ ফেব্ৰুৱাৰীৰ পৰা ইউক্ৰেইনত ৰাছিয়া সেনাৰ সামৰিক অভিযান অব্যাহত আছে । ৰাছিয়াৰ আক্ৰমণৰ ফলত এক প্ৰকাৰ ধ্বংসস্তুপত পৰিণত হৈছে ইউক্ৰেইনৰ কেইবাখনো চহৰ । ইয়াৰ মাজতে ইউক্ৰেইনত আৱদ্ধ ভাৰতীয় নাগৰিকসকলক স্বদেশলৈ ঘূৰাই অনাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে ভাৰত চৰকাৰে ।

'অপাৰশ্যেন গংগা'ৰ অধীনত ইতিমধ্যে ইউক্ৰেইনত আৱদ্ধ বহু ভাৰতীয় নাগৰিকক উদ্ধাৰ কৰা হৈছে । শনিবাৰে বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী ভি মুৰলীধৰণে (Minister of State for External Affairs V Muralidharan) জানিবলৈ দিয়া মতে, ইউক্ৰেইনৰ পৰা এতিয়ালৈ ১১ হাজাৰৰো অধিক ভাৰতীয় নাগৰিকক উদ্ধাৰ কৰা হৈছে (Over 11000 Indian nationals evacuated from Ukraine)।

উল্লেখ্য যে শনিবাৰে অপাৰেশ্যন গংগাৰ অধীনত এয়াৰ ইণ্ডিয়াৰ আন এখন বিমান আহি অৱতৰণ কৰে ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত । ১৭০ গৰাকী ভাৰতীয় নাগৰিকৰ সৈতে বিমানখন অৱতৰণ কৰাৰ পাছতে নাগৰিকসকলক বিমানবন্দৰত আদৰণি জনায় মন্ত্ৰীগৰাকীয়ে ।

ইয়াৰ পাছতে তেওঁ টুইটযোগে 'অপাৰেশ্যন গংগা'ৰ বিষয়ে অৱগত কৰে । চৰকাৰৰ এই অভিযানত সহায় কৰা বিদেশী চৰকাৰ লগতে স্বেচ্ছাসেৱকসকলক মন্ত্ৰীগৰাকীয়ে ধন্যবাদ জ্ঞাপন কৰে ।

ইফালে, ভাৰতীয় নাগৰিকসকলক উদ্ধাৰ আৰু ইউক্ৰেইনৰ পৰিস্থিতি সম্পৰ্কে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত শুকুৰবাৰে এক বিশেষ বৈঠকো অনুষ্ঠিত হয় । চৰকাৰে ভাৰতীয় নাগৰিকসকলৰ স্থানান্তৰ প্ৰক্ৰিয়াৰ তদাৰক কৰিবলৈ ইউক্ৰেইনৰ সীমান্তৱৰ্তী চাৰিখন চুবুৰীয়া দেশলৈ 'বিশেষ দূত' প্ৰেৰণ কৰিছে ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে সদৰী কৰা অনুসৰি, অপাৰেশ্যন গংগাৰ অধীনত ভাৰতীয় বায়ু সেনাৰ চি-১৭ বিমানকে ধৰি পৰৱৰ্তী ২৪ ঘণ্টাৰ ভিতৰত ১৬ খন বিমান প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছে ।

লগতে পঢ়ক : ইউক্ৰেইনৰ পৰা আহি বাসগৃহত উপস্থিত হোৱা ত্ৰিপুৰাৰ দুই শিক্ষাৰ্থীক সম্বৰ্ধনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.