ETV Bharat / bharat

Killing of endangered golden ducks: বিলুপ্তপ্ৰায় সোণালী হাঁহৰ নিধন ৰোধৰ বাবে সেনাৰ বৃহৎ পদক্ষেপ - Rare Golden Ducks Hunting in Arunachal

বিলুপ্তপ্ৰায় সোণালী হাঁহৰ নিধন ৰোধ আৰু সংৰক্ষণৰ বাবে বৃহৎ পদক্ষেপ ভাৰতীয় সেনাৰ ৷ বিলুপ্তপ্ৰায় পক্ষী নিধন কাৰ্যৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে ৷ টাৱাং অঞ্চলৰ চাংগেষ্টৰ হ্ৰদ আৰু হ্ৰদটোৰ কাষৰীয়া অঞ্চলত এই নিষেধাজ্ঞা ৷

Rare Golden Duck in Arunachal
বিলুপ্তপ্ৰায় সোণালী হাঁহৰ নিধন ৰোধৰ বাবে সেনাৰ বৃহৎ পদক্ষেপ
author img

By

Published : Aug 10, 2023, 1:53 PM IST

তেজপুৰ, 10 আগষ্ট: বিলুপ্তপ্ৰায় সোণালী হাঁহ নিধন ৰোধ আৰু সংৰক্ষণৰ বাবে ভাৰতীয় সেনা বাহিনীয়ে ল’লে বৃহৎ পদক্ষেপ ৷ ভাৰতীয় সেনাই অৰুণাচল প্ৰদেশৰ ভাৰত চীন সীমান্তৰ টাৱাংৰ সীমান্তৱৰ্তী অঞ্চলত সোণালী হাঁহ চিকাৰ কৰাৰ নিষেধাজ্ঞা জাৰি কৰিছে । টাৱাং অঞ্চলৰ চাংগেষ্টৰ হ্ৰদ অৰ্থাৎ মাধুৰী হ্ৰদ হিচাপে খ্যাত হ্ৰদত আৰু হ্ৰদটোৰ চুবুৰীয়া অঞ্চলত বিলুপ্তপ্ৰায় পক্ষীৰ চোৰাংকৈ নিধন হোৱাৰ কাৰ্যৰ বাবে এই নিষেধাজ্ঞা জাৰি কৰিছে ৷

বিলুপ্তপ্ৰায় সোণালী হাঁহৰ নিধনৰ সন্দৰ্ভত টাৱাংৰ স্বেচ্ছাসেৱী সংগঠনৰ জৰিয়তে সেনাৰ 99 নং মুখ্য কাৰ্যালয়ত অভিযোগ দাখিল কৰিছিল । ইয়াৰ পিচত সেনাৰ তৰফৰ পৰা তাৎক্ষণিকভাৱে প্ৰযোজ্য হোৱাকৈ সোণালী হাঁহ পক্ষীৰ চিকাৰ বা জাল পতা কাৰ্য বন্ধৰ বাবে সেনাৰ তৰফৰ পৰা নিষেধাজ্ঞা জাৰি কৰে ।

পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাংৰ ভাৰত চীন সীমান্তৱৰ্তী এলেকাত সেনাৰ বিভিন্ন কাৰিকৰী সেৱাত নিয়োজিত কনট্ৰেক্টৰৰ অধীনত থকা বনুৱা আৰু সেনাৰ পৰ্টাৰ সকলে বিভিন্ন কৌশলৰে বিলুপ্তপ্ৰায় পক্ষীবিদ চিকাৰ কৰি অহাৰ অভিযোগ উত্থাপন হৈছে । ফলত প্ৰকৃতি প্ৰেমী সংগঠন টাংনয়ম টচকপা (Tangnyom Tsokpa) পৰা অভিযোগৰ পিচতে ভাৰতীয় সেনাৰ উক্ত এলেকাৰ দায়িত্বত থকা সেনা বিষয়াই ৩১ জুলাইত এই নিষেধাজ্ঞা জাৰি কৰে ৷

পৰ্যটনৰ স্থলী চাংগেষ্টৰ হ্ৰদত এতিয়া সেনাৰ অধীনত । এই হ্ৰদৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ বছৰৰ সকলো দিনতে পৰ্যটকৰ সমাগম হয় । এই হ্ৰদতে বিচৰণ কৰে গোল্ডেন ডা’ক অৰ্থাৎ সোণালী হাঁহ । কিন্তু দুৰ্বৃত্তই প্লাষ্টিকৰ সূতা বান্ধি চৰাই বিধ চিকাৰ কৰে । ইতিমধ্যে সেনাৰ তৰফৰ পৰা উল্লেখ কৰে যে, কোনো পৰ্টাৰ বা কনট্ৰেক্টৰৰ পৰা এই কাৰ্যত জড়িত হোৱাৰ অভিযোগ পালে আইন অমান্য কৰাৰ অভিযোগত দোষী সাব্যস্ত হ’ব ৷

লগতে পঢ়ক: Arunachal mountaineers missing: অৰুণাচলৰ সন্ধানহীন দুই পৰ্বতাৰোহীক বিচাৰি কিদৰে চলিছে অভিযান ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.