ETV Bharat / bharat

Una slum fire: হিমাচল প্ৰদেশত জীৱন্তে অগ্নিদগ্ধ হৈ চাৰিটি শিশুৰ কৰুণ মৃত্যু - বানে দি হাট্টি

হিমাচল প্ৰদেশৰ উনাত অগ্নিদগ্ধ হৈ চাৰিটি শিশুৰ মৃত্যু ৷ মৃত আটাইকেইটি শিশু আছিল বিহাৰৰ প্ৰব্ৰজিত শ্ৰমিকৰ সন্তান ৷ নিশা বস্তিত শুই থকা অৱস্থাতে সূত্ৰপাত হয় এই অগ্নিকাণ্ডৰ (Una slum fire) ৷

Una slum fire
হিমাচল প্ৰদেশত জীৱন্তে অগ্নিদগ্ধ হৈ চাৰিটি শিশুৰ কৰুণ মৃত্যু
author img

By

Published : Feb 9, 2023, 11:24 AM IST

নেশ্যনেল ডেস্ক, 9 ফেব্ৰুৱাৰী: হিমাচল প্ৰদেশৰ উনাত শোকাৱহ ঘটনা ৷ জীৱন্তে অগ্নিদগ্ধ হৈ চাৰিটি শিশুৰ কৰুণ মৃত্যু (Four children burnt to death in Una) ৷ বুধবাৰে নিশা উনা জিলাৰ আম্বৰস্থিত ‘বানে দি হাট্টি’ (Bane Di Hatti) নামৰ স্থানত সংঘটিত হয় এই ঘটনা ৷ মৃত চাৰিটি শিশুৰ তিনিটি আছিল ভাতৃ-ভগ্নী ৷ সম্প্ৰতি আৰক্ষীয়ে আটাইকেইটা মৃতদেহ উদ্ধাৰ কৰি প্ৰেৰণ কৰিছে মৰণোত্তৰ পৰীক্ষাৰ বাবে ৷

মৃত আটাইকেইটি শিশু বিহাৰৰ প্ৰব্ৰজিত শ্ৰমিকৰ সন্তান বুলি সদৰী কৰিছে আৰক্ষীয়ে ৷ আৰক্ষী সূত্ৰই জনোৱা অনুসৰি নিশা প্ৰায় 11 বজাত প্ৰব্ৰজিত শ্ৰমিক থকা দুটা বস্তিত হঠাৎ জুই লাগে (Una slum fire) ৷ নিশা শুই থকাৰ সময়তে সংঘটিত হয় এই ঘটনা ৷ অগ্নিকাণ্ডৰ পাচত আন লোকসকল নিৰাপদ স্থানলৈ যাবলৈ সক্ষম হয় যদিও চাৰিটি শিশুৱে জীৱন্তে অগ্নিদগ্ধ হৈ কৰুণ মৃত্যুক সাৱটি লয় ৷

নিহত শিশুকেইটি নীতু (14), গোলু কুমাৰ (7), শিৱম কুমাৰ (6) আৰু চনু কুমাৰ (17) বুলি চিনাক্ত কৰা হৈছে । বিহাৰৰ দৰভাঙ্গা জিলাৰ বাসিন্দা আছিল আটাইকেইটি (Bihar Children died in Himachal Pradesh) । অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত নিশাই নিৰ্বাপন কৰা হয় জুই ৷ অৱশ্যে বৰ্তমানেও পোহৰলৈ অহা নাই অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ ৷ সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷

ইফালে এই ঘটনাৰ বাবে শোক প্ৰকাশ কৰি মৃতকৰ আত্মাৰ সদগতি কামনা কৰিছে হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিঙে (Sukhvinder Singh Sukhu) ৷

লগতে পঢ়ক: Rajya Sabha today: আজি ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰ দিব প্ৰধানমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.