ETV Bharat / bharat

Crime Journalist shot dead: অৰাৰিয়া সাংবাদিক হত্যাকাণ্ড সন্দৰ্ভত আৰক্ষীৰ জিম্মাত পুনৰ 4 জন

author img

By

Published : Aug 19, 2023, 1:40 PM IST

বিহাৰৰ অৰাৰিয়া সাংবাদিক হত্যাকাণ্ডৰ গোচৰত ৪ জন লোকক আটক। যাক আৰক্ষীয়ে অহৰহ জেৰা কৰি আছে। এই গোচৰৰ দুজন অভিযুক্ত ইতিমধ্যে জেলত ভৰ্তি হৈ আছে। মুঠ ৮ জন অভিযুক্তৰ ভিতৰত ২ জনৰ সন্ধান এতিয়াও চলি আছে।

Four accused in police custody in Araria journalist murder case in bihar
অৰাৰিয়া সাংবাদিক হত্যাকাণ্ড সন্দৰ্ভত আৰক্ষীৰ জিম্মাত পুনৰ 4 জন

নেশ্যনেল ডেস্ক, 19 আগষ্ট: বিহাৰত সাংবাদিক নিগ্ৰহৰ ঘটনা সন্দৰ্ভত পুনৰ 4 জন অভিযুক্তক গ্ৰেপ্তাৰ । বিহাৰৰ অৰৰিয়া জিলাত সাংবাদিক বিমল যাদৱ হত্যাকাণ্ডৰ আন চাৰিজন অভিযুক্তক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষী । ঘটনা সন্দৰ্ভত দুই অভিযুক্ত ইতিমধ্যে কাৰাগাৰত আছে ৷ আন দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে অহৰহ অভিযান চলাই আছে । আঠজন অভিযুক্তৰ বিৰুদ্ধে ভুক্তভোগী পৰিয়ালটোৱে এজাহাৰ দাখিল কৰিছে ।

আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা এক বিবৃতিযোগে ভুক্তভোগীৰ পিতৃ হৰেন্দ্ৰ প্ৰসাদ সিঙৰ বক্তব্যৰ ভিত্তিত এই হত্যাকাণ্ডৰ গোচৰত 8 জন লোকৰ নাম উল্লেখ কৰা হৈছে বুলি জানিব পৰা গৈছে । পৰিয়ালে দাখিল কৰা এজাহাৰৰ ভিত্তিত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে । ইয়াৰ লগতে এই হত্যাকাণ্ডৰ গোচৰত নাম উল্লেখ কৰা 8 জনৰ ভিতৰত দুজন অভিযুক্ত ইতিমধ্যে কাৰাগাৰত আছে আৰু মাত্ৰ চাৰিজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বুলি উল্লেখ কৰে ।

আৰক্ষীয়ে জনোৱা মতে, অতি সোনকালে এই গোচৰৰ প্ৰতিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হ’ব । সদৰৰ এছ ডি পি অ’ ৰামকুমাৰ পুকৰ সিঙে কয়, "আমি অবিৰতভাৱে অভিযান চলাই আছো । ভাৰ্গমাৰ বিপিন যাদৱ, ৰাণীগঞ্জৰ ভৱেশ যাদৱ, আশীষ যাদৱ আৰু উমেশ যাদৱক গ্ৰেপ্তাৰ কৰি জেৰা চলোৱা হৈছে ।"

বিহাৰৰ এডিজি মুখ্য কার্যালয়ৰ জিতেন্দ্র সিং গংগৱাৰে এই সন্দর্ভত আৰক্ষী অধীক্ষকগৰাকীয়ে নিজেই তদন্ত কৰি থকা বুলি প্রকাশ কৰs ৷ বিষয়টো অহৰহ নিৰীক্ষণত ৰখা হৈছে বুলিো কয় আৰক্ষী অধীক্ষকগৰাকীয়ে । সাংবাদিক বিমল যাদৱৰ হত্যাকাণ্ডক আৰক্ষীয়ে মুকলি প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে ।

উল্লেখ কৰা প্ৰয়োজন যে, শুকুৰবাৰে সাংবাদিক বিমল যাদৱক তেওঁৰ ঘৰত প্ৰৱেশ কৰি হত্যা কৰিছিল দুৰ্বৃত্তই । ভাতৃ গব্বু যাদৱৰ হত্যাকাণ্ডৰ মূল সাক্ষী আছিল বিমল যাদৱ । অপৰাধীকেইজনে বিমল যাদৱক সাক্ষ্য নিদিবলৈ সকীয়াই দিছিল আৰু এই বাবেই বিমল যাদৱক গুলীয়াই হত্যা কৰা হৈছে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ।

লগতে পঢ়ক: Crime Journalist shot dead: বিহাৰত দুৰ্বৃত্তৰ গুলীত নিহত সাংবাদিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.