ETV Bharat / bharat

Nuh violence : বেদখল বিৰোধী অভিযানত ৪৫ খন অবৈধ দোকান উচ্ছেদ - Haryana CM Manohar Lal Khattar

দলীয় হিংসাৰ পিছত নালহাৰ পথত অবৈধভাৱে নিৰ্মাণ কৰা ৪৫ খনতকৈও অধিক দোকান ভাঙি পেলোৱা হৈছে । নুহ জিলা নগৰ পৰিকল্পনা বিভাগৰ সূত্ৰই এই কথা প্ৰকাশ কৰিছে । নুহৰ এছডিএম অশ্বনী কুমাৰে কয় যে মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰৰ নিৰ্দেশত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।

Nuh violence
Nuh violence
author img

By

Published : Aug 5, 2023, 5:18 PM IST

নিউজ ডেস্ক, ৫ আগষ্ট : নুহ জিলা কৰ্তৃপক্ষই শনিবাৰে পুৱা এক বেদখল বিৰোধী অভিযান আৰম্ভ কৰে । এই অভিযানত হিংসাত্মক ঘটনাৰ কেইদিনমান পিছত হাৰিয়ানাৰ নুহ জিলাৰ নালহাৰ পথ অঞ্চলত ৪৫ খনতকৈও অধিক 'অবৈধ' দোকান ভাঙি পোলায় । উল্লেখ্য যে নুহ সংঘৰ্ষত দুজন গৃহৰক্ষীসহ ছয়জন লোকে প্ৰাণ হেৰুৱায় । স্থানীয় এছডিএম আৰু নগৰ পৰিকল্পনা বিভাগৰ বিষয়াসকলৰ নেতৃত্বত জিলা প্ৰশাসনৰ প্ৰৱৰ্তন শাখাৰ এটা দল নালহাৰ ৰোডৰ এছএইচকেএম চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ ওচৰৰ বজাৰ এলেকাত উপস্থিত হয় আৰু একাধিক বুলড'জাৰ আৰু শ্ৰমিকৰ সহায়ত এই অভিযান চলায় ।

অবৈধভাৱে নিৰ্মাণ কৰা ৪৫ খনতকৈও অধিক দোকান নালহাৰ পথত ভাঙি পেলোৱা বুলি নুহ জিলা নগৰ পৰিকল্পনাকাৰীয়ে কয় । আনহাতে, যিকোনো অপ্ৰীতিকৰ ঘটনা প্ৰতিহত কৰিবলৈ উচ্ছেদ কাৰ্যৰ সময়ত অঞ্চলটোত বিশাল আৰক্ষী বাহিনীও মোতায়েন কৰা হয় । নুহৰ এছডিএম অশ্বিনী কুমাৰে কয় যে মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰৰ নিৰ্দেশত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।

"এই বেদখল ২.৫ একৰ ভূমিত আছিল । এই সকলোবোৰ অবৈধ নিৰ্মাণ আছিল । শেহতীয়া সংঘৰ্ষত ইয়াৰে কিছুমান লোক জড়িত আছিল বুলি জানিব পৰা গৈছে ।" কুমাৰে এএনআইৰ আগত কয় ।

ইয়াৰ পূৰ্বে শুকুৰবাৰে হাৰিয়ানা আৰক্ষীয়ে কয় যে সোমবাৰে হাৰিয়ানাৰ নুহ জিলাত সংঘটিত হিংসা আৰু সংঘৰ্ষৰ সন্দৰ্ভত প্ৰায় ১৪১ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু ৫৫ খন এজাহাৰ পঞ্জীয়ন কৰা হৈছে । সোমবাৰে দুটা গোটৰ মাজত সংঘটিত হিংসাত্মক ঘটনাত নিহতৰ সংখ্যা হৈছে ৬ জন । ইয়াৰে ভিতৰত ২ জন গৃহৰক্ষী জোৱান । আনহাতে, আন ৮৮ জন লোক আহত হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।

"ধৰ্মীয় সমদলৰ সময়ত সংঘটিত হিংসাত্মক ঘটনাৰ সন্দৰ্ভত এতিয়ালৈকে ৫৫ খন এজাহাৰ পঞ্জীয়ন কৰা হৈছে আৰু ১৪১ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে । সংঘৰ্ষত আন ৮৮ জন লোক আহত হয় । হিংসাত নিহতৰ সংখ্যা হৈছে ৬ ।" শুকুৰবাৰে এজন আৰক্ষী বিষয়াই কয় ।

হাৰিয়ানাৰ গৃহমন্ত্ৰী অনিল ভিজে বুধবাৰে হিংসাৰ আঁৰত এক ডাঙৰ ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰি কয় যে অপৰাধীসকলক ৰেহাই দিয়া নহ'ব । "অপৰাধীসকলক ৰেহাই দিয়া নহ'ব । যিয়ে হিংসাৰ সূত্ৰপাত কৰিছিল তেওঁলোকেও ইয়াৰ মূল্য পৰিশোধ কৰিব লাগিব । সংঘৰ্ষকাৰীসকলক ৰাজহুৱা সম্পত্তিৰ ক্ষতিৰ বাবে মূল্য পৰিশোধ কৰিবলৈ বাধ্য কৰোৱা হ'ব ।" ভিজে লগতে কয় । আনহাতে, গৃহমন্ত্ৰীয়ে লগতে কয়, "মই সকলোকে শান্তি আৰু সম্প্ৰীতি বজাই ৰাখিবলৈ অনুৰোধ কৰিম । শান্তি নিশ্চিত কৰিবলৈ ৰাজ্যিক আৰক্ষী কৰ্মী আৰু কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনী পৰ্যাপ্ত সংখ্যাত নিয়োজিত কৰা হৈছে । পৰিস্থিতি নিয়ন্ত্ৰণত আছে ।"

"মই ৰাইজক সামাজিক মাধ্যমত কোনো আপত্তিজনক বা উত্তেজনামূলক কথা পোষ্ট কৰাৰ পৰা বিৰত থাকিবলৈও অনুৰোধ কৰিম । আমি এখন তদন্ত সমিতি গঠন কৰিছোঁ, যিয়ে সামাজিক মাধ্যমত প্ৰতিটো কাৰ্যকলাপৰ ওপৰত নজৰ ৰাখিছে । বিষয়টো পুংখানুপুংখভাৱে তদন্ত কৰা হৈছে ।" ভিজে লগতে কয় ।

লগতে পঢ়ক :Moosewala Murder Case : সিদ্ধু মুছেৱালা হত্যা গোচৰ; NIAৰ জিম্মাত থকা শচীন থাপানৰ বিস্ফোৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.