ETV Bharat / bharat

Karnataka poll counting: কৰ্ণাটকত কংগ্ৰেছৰ অগ্ৰগতি; কেইবাজনো বাঘা বাঘা গেৰুৱা নেতাৰ পৰাজয়

author img

By

Published : May 13, 2023, 1:01 PM IST

Updated : May 13, 2023, 1:24 PM IST

কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ভোটগণনাই কংগ্ৰেছ দলৰ প্ৰতি আশাৰ বতৰা লৈ আহিছে ৷ ৰাজ্যখন বৰ্তমানলৈকে ব্যাপকভাৱে অগ্ৰগতি লাভ কৰিছে দলটোৱে ৷ ইফালে 71 খন আসনত অগ্ৰগতি লাভ কৰিছে বিজেপিয়ে (Karnataka poll updates) ৷

Karnataka poll counting
Karnataka poll updates

নিউজ ডেস্ক, 13 মে’: কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ভোটগণনা পূৰ্ণগতিত চলি আছে ৷ বৰ্তমানলৈকে কংগ্ৰেছ দলে ব্যাপকভাৱে অগ্ৰগতি লাভ কৰি থকা দেখা গৈছে ৷ প্ৰাৰম্ভিক গণনা অনুসৰি 122 খন আসনত দলটোৱে অগ্ৰগতি লাভ কৰিছে (Karnataka poll counting) ৷

নিৰ্বাচন আয়োগৰ শেহতীয়া তথ্য অনুসৰি ভাৰতীয় জনতা পাৰ্টীয়ে কৰ্ণাটকত 71 খন আসনত অগ্ৰগতি লাভ কৰিছে ৷ ইফালে জনতা দল (চেকুলাৰ)এ 24 খন আসনত অগ্ৰগতি লাভ কৰিছে ৷ লগতে নিৰ্দলীয় প্ৰাৰ্থীয়ে 5 খন আসনত, ৰাজ্য প্ৰগতি পক্ষ আৰু সৰ্বোদয়া কৰ্ণাটক পক্ষই এখনকৈ আসনত অগ্ৰগতি লাভ কৰিছে (Karnataka assembly poll updates) ৷

পুৱা 8 বজাৰ পৰা অনুষ্ঠিত হোৱা ভোটগণনাত বৰ্তমানলৈকে কংগ্ৰেছ দলে বিজেপিতকৈ প্ৰায় 8 শতাংশ অগ্ৰগতি লাভ কৰিছে ৷ ৰাজ্যখনৰ মুঠ 224 খন আসনৰে অগ্ৰগতিৰ তথ্য ইতিমধ্যে আহি পৰিছে ৷ বৰ্তমানলৈকে কংগ্ৰেছে 43 শতাংশ জনমত লাভ কৰাৰ বিপৰীতে বিজেপিয়ে 36 শতাংশ জনমত লাভ কৰিছে ৷ জেডিএছ দলে লাভ কৰিছে 13 শতাংশ জনমত ৷ কংগ্ৰেছে ইতিমধ্যে মেজিক নাম্বাৰ 113 অতিক্ৰম কৰিবলৈ সক্ষম হৈছে অগ্ৰগতিৰ ক্ষেত্ৰত (Karnataka poll latest news) ৷

শেহতীয়া তথ্য মতে, বিজেপিয়ে ৰাজ্যখনত 11 খন আসনত জয়লাভ কৰিছে আৰু 58 খনত অগ্ৰগতি লাভ কৰি আছে ৷ কংগ্ৰেছে 29 খন আসনত জয়লাভ কৰাৰ বিপৰীতে 93 খন আসনত অগ্ৰগতি লাভ কৰি আছে ৷ জেডিএছ দলে 25 খন আসনত অগ্ৰগতি লাভ কৰি থকাৰ বিপৰীতে 1 খন আসনত জয়লাভ কৰিছে (Karnataka election news) ৷

কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জেডিএছৰ মুৰব্বী এইছ ডি কুমাৰাস্বামীয়ে ভোটগণনাৰ মাজতে বেংগালুৰুত মন্দিৰ দৰ্শন কৰে ৷ তেওঁ চান্নাপাটনা সমষ্টিত আগবাঢ়ি আছে ৷ কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসৱৰাজ বোম্মায়ে ইতিমধ্যে জয়লাভ কৰা বুলি খবৰ লাভ কৰা গৈছে ৷ অহা ২-৩ ঘন্টাত স্পষ্ট হৈ পৰিব কাৰ হাতলৈ যাব কৰ্ণাটকৰ ৰাজপাট । এগজিট প’লৰ পৰা দেখা গৈছে যে, ৰাষ্ট্ৰীয় দল দুটাৰ মাজত তীব্ৰ প্ৰতিদ্বন্দিতা হৈছে (Congress leads in Karnataka elections) ।

লগতে পঢ়ক: Karnataka election 2023 : কৰ্ণাটকত কোনে মাৰিব বিজয়ৰ হাঁহি?

Last Updated : May 13, 2023, 1:24 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.