নেশ্যনেল ডেস্ক, 5 আগষ্ট: দেশজুৰি মুদ্ৰাস্ফীতি, জি এছ টি আৰু নিৱনুৱা সমস্যাক লৈ ৰাষ্ট্ৰপতি ভৱনৰ সমীপৰ বিজয় চকত কংগ্ৰেছী নেতা, কৰ্মীসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে (Congress MPs protest against govt)৷ কংগ্ৰেছৰ সকলো সাংসদ তথা কৰ্মীয়ে ক’লা পোছাক পৰিধান কৰি নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক লগ কৰাটো আমাৰ অধিকাৰ শীৰ্ষক শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷
প্ৰতিবাদকাৰীসকলে এক বৃহৎ ৰেলীৰে ৰাষ্ট্ৰপতি ভৱনৰ ফালে গতি কৰোঁতেই আৰক্ষীয়ে তেওঁলোকক বাধা দিয়ে ৷ আৰক্ষীয়ে এই প্ৰতিবাদ ব্যাহত কৰিবলৈ কংগ্ৰেছী নেতা ৰাহুল গান্ধীক আটক কৰে (Rahul Gandhi detained) ৷
অৱশ্যে দুদিনৰ পূৰ্বে দিল্লী আৰক্ষীয়ে নতুন দিল্লীৰ জিলা অঞ্চলত 144 ধাৰা জাৰি কৰিছিল । ৰাষ্ট্ৰপতিক লগ কৰাটো আমাৰ অধিকাৰ ৷ এই সংসদ অধিৱেশন ৰাষ্ট্ৰপতিয়ে আহ্বান কৰাৰ পিছতো যদি সংসদৰ মুখ্য উদ্দেশ্য পূৰণ নহয়, তেন্তে তেওঁক লগ কৰাটো আমাৰ কৰ্তব্য বুলি মন্তব্য প্ৰকাশ কৰে দলৰ নেতা প্ৰমোদ তিৱাৰীয়ে ৷
কংগ্ৰেছ নেতা ৰাজীৱ শুক্লাই কয় যে কংগ্ৰেছ দলৰ প্ৰতিবাদী সমদলক আৰক্ষীয়ে আধা আৰোপ কৰিছে ৷ লগতে আৰক্ষীৰ বাধা নেওচি হ’লেও এই প্ৰতিবাদ অব্যাহত ৰাখিম বুলি উল্লেখ কৰে ৷
লগতে পঢ়ক: AJP Vice President Dulu Ahmed: কোন বিধায়কক অলগৰ্দ্ধ-গৰু-গাধ আখ্য়া দিলে দুলু আহমেদে