ETV Bharat / bharat

93 শ্ৰমিক ৰে'লেৰে একলাখৰো অধিক প্ৰব্ৰজিত শ্ৰমিকক কঢ়িয়াইছে SCR য়ে

author img

By

Published : May 18, 2020, 10:52 AM IST

1 মে'ৰ পৰা 17 মে'লৈ দক্ষিণ কেন্দ্ৰীয় ৰে'লৱেই তেলেংগানা, অন্ধ প্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ পৰা দেশৰ বিভিন্ন প্ৰান্তলৈ প্ৰায় 1,18,000 শ্ৰমিক কঢ়িয়াইছে ।

SCR ৰ দ্বাৰা 93 খন ৰেলেৰে একলাখৰো অধিক প্ৰৱজক শ্ৰমিকক কঢ়িওৱা হৈছে
93 শ্ৰমিক ৰে'লেৰে একলাখৰো অধিক প্ৰব্ৰজিত শ্ৰমিকক কঢ়িয়াইছে SCR য়ে

নিউজ ডেস্ক, 18 মে': দক্ষিণ কেন্দ্ৰীয় ৰে'লৱেই 1 লাখৰো অধিক শ্ৰমিকক দেশৰ ভিন্ন স্থানলৈ কঢ়িয়াইছে । 1 মে'ৰ পৰা আৰম্ভ কৰা এই সেৱাই 93 খন ৰে'লৰ জৰিয়তে শ্ৰমিক সকলক কঢ়িযাইছে ।

দক্ষিণ কেন্দ্ৰীয় ৰে'লৱেৰ বিভাগীয় তথ্য অনুসৰি 1 মে'ৰ পৰা 17 মে'লৈ 1,18,229 গৰাকী শ্ৰমিকক তেলেংগানা, অন্ধ প্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ পৰা দেশৰ বিভিন্ন প্ৰান্তলৈ কঢ়িয়াইছে ।

উল্লেখ্য যে, দেশৰ বিভিন্ন প্ৰান্তত লকডাউনৰ বাবে আৱদ্ধ হৈ পৰা শ্ৰমিকসকলক উদ্ধাৰ কৰি নিজ নিজ ৰাজ্যলৈ প্ৰেৰণ কৰাৰ বাবে চৰকাৰে শ্ৰমিক ৰে'ল চলাচলৰ ব্যৱস্থা কৰিছিল । এই ক্ষেত্ৰত প্ৰথমখন ৰে'ল SCR জ'নৰ পৰাই আৰম্ভ হৈছিল । এই জ'নৰ পৰা দীৰ্ঘতম যাত্ৰা হিচাপে বিবিনগৰৰ পৰা মণিপুৰলৈ অতিক্ৰম কৰিছে, যাৰ মুঠ দৈৰ্ঘ্য আছিল 2,589 কিল'মিটাৰ ।

যাত্ৰী সকলক কঢ়িওৱাৰ লগতে তেওঁলোকৰ স্বাস্থ্যৰ খবৰ লোৱা, থাৰ্মেল স্ক্ৰীনিং কৰোৱা, বিনামূলীয়া খাদ্য-পানীৰ যোগান, ৰে'ল ছেনিটাইজেচন ইত্যাদি দায়িত্বও পালন কৰিছে । আৱদ্ধ হৈ থকা শ্ৰমিকসকলক উদ্ধাৰৰ বাবে তেওঁলোকে শ্ৰমিক ৰে'লৰ চলাচল অব্যাহত ৰাখিব বুলি কৈছে SCR ৰ মহা প্ৰবন্ধকে । নিজ স্থানলৈ উভতিব বিচৰা শ্ৰমিকসকলে নিজ নিজ প্ৰশাসনত যোগাযোগ কৰি নাম পঞ্জীয়ন কৰিবলৈ আহ্বান জনাইছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.