ETV Bharat / state

কংগ্ৰেছে জনতাৰ ওচৰত ক্ষমা খুজিব লাগে: ভৱেশ কলিতা - Bhabesh Kalita Criticizes Congress

author img

By ETV Bharat Assamese Team

Published : Sep 9, 2024, 6:13 PM IST

Assam BJP President Bhabesh Kalita: "কংগ্ৰেছ দুটকীয়া অচল নোট, ফুটা টিউব-টায়াৰ ৷ দুৰ্নীতিৰ মুখ্য পৃষ্ঠপোষক ৰাকেশ পাল কংগ্ৰেছৰ তোলনীয়া সন্তান । কংগ্ৰেছৰ মূল লক্ষ্য অসমখন বাংলাদেশীৰ চৰণীয়া পথাৰ কৰা, কিদৰে মিঞাৰাজ কৰিব পাৰি তাকেই ভাবি থাকে কংগ্ৰেছে ৷" এই মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ ৷

Assam BJP President Bhabesh Kalita
বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা (ETV Bharat Assam)

বাইহাটা, ৯ ছেপ্টেম্বৰ: কংগ্ৰেছক অচল দুটকীয়া নোট আখ্যা বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ । বাইহাটাৰ হেলেছা গাঁৱৰ গোপাল ও শিৱ মন্দিৰ প্ৰাংগনত দেওবাৰে অনুষ্ঠিত সদস্যতা অভিযানত অংশগ্ৰহণ কৰি বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰে ৷ তেওঁ কয়, "কংগ্ৰেছ এতিয়া নচলে ৷ এতিয়া বিজেপিহে আছে ৷ কংগ্ৰেছ দুটকীয়া অচল নোট, ফুটা টিউব-টায়াৰ, মিছা কথাৰ ভাণ্ডাৰ, দুৰ্নীতিৰ মুখ্য পৃষ্ঠপোষক ৰাকেশ পাল কংগ্ৰেছৰ তোলনীয়া সন্তান ৷ সেইবিলাক জনতাই পাহৰা নাই ৷ তেওঁলোকে মিছা কথা কৈ থাকে, মিছা কথা কোৱা বাদ দিয়ক ৷ তেওঁলোকে জনতাৰ ওচৰত ক্ষমা খুজিব লাগে ৷"

উল্লেখ্য যে বিজেপিৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ লক্ষ্য আগত ৰাখি দলৰ আন আন নেতা-কৰ্মীৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই সদস্যতা অভিযান তীব্ৰতৰ কৰি তুলিছে । গাঁৱে গাঁৱে গৈ সদস্যতা অভিযানত অংশ লৈছে ৰাজ্যিক বিজেপিৰ সভাপতি তথা ৰঙিয়া সমষ্টিৰ বিধায়কগৰাকীয়ে । সেই অনুসৰি দেওবাৰে হেলেছা গাঁৱৰ গোপাল ও শিৱ মন্দিৰ প্ৰাংগনত অনুষ্ঠিত সদস্যতা অভিযানত অংশ লয় কলিতাই ৷ এই অনুষ্ঠানত প্ৰায় দুই শতাধিক লোকে বিজেপিৰ সদস্য পদ লয় ।

লগতে পঢ়ক: লক্ষ্য ১০ কোটি: ১ ছেপ্টেম্বৰৰ পৰা দেশজুৰি চলিব বিজেপিৰ সদস্যতা অভিযান-২০২৪ - BJP membership campaign 2024

অনুষ্ঠানৰ শেষত সংবাদ মাধ্যম সন্মুখত ভৱেশ কলিতাই কংগ্ৰেছ দলক ক্ষুৰধাৰ সমালোচনা কৰে । তেওঁ লগতে কয়, "কংগ্ৰেছ দলে কেৱল সাধাৰণ জনতাক এতিয়ালৈকে প্ৰতৰণা কৰি আহিছে । তাৰ বিপৰীতে বৰ্তমান বিজেপিৰ চৰকাৰখনে জনসাধাৰণক বিভিন্ন অভিলাসী আঁচনিৰ দ্বাৰা উপকৃত কৰি আহিছে । কংগ্ৰেছৰ মূল লক্ষ্য অসমখন বাংলাদেশীৰ চৰণীয়া পথাৰ কৰা, কিদৰে মিঞাৰাজ কৰিব পাৰি তাকেই ভাবি থাকে কংগ্ৰেছে । এবাৰো খিলঞ্জীয়াৰ কথা নাভাবে ।"

ইফালে অনলাইন ট্ৰেডিং সন্দৰ্ভতো মন্তব্য আগবঢ়াই বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে কয়, ইমান লোভ কৰিব নালাগে । ইয়াত কোনো ৰাজনীতিৰ কথা নাহে ৷ কংগ্ৰেছে ৰাজনীতি কৰে, প্ৰতিটো কথাত ৰাজনীতিৰ গোন্ধ পায় ৷ কাৰণ তেওঁলোক এইবোৰত সিদ্ধহস্ত ৷ মুখ্যমন্ত্ৰীয়ে কৈছে কাকো ৰেহাই দিয়া নহ’ব ৷"

লগতে পঢ়ক: আমাৰ কাৰণে কৰ্মই ধৰ্ম: ভৱেশ কলিতা - Namaz Break of Assam Assembly

ৰাজ্যৰ অস্থিৰ পৰিৱেশ ৰচনাৰ আঁৰত কংগ্রেছ : ভৱেশ কলিতা - BJP Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.