ETV Bharat / state

বি টি চিত হাগ্ৰামা মহিলাৰীৰ বিকল্প কোনো নাই: মিত্ৰতাৰ আশাৰে নৱ শৰণীয়াৰ মন্তব্য - GSP to form alliance with BPF

author img

By ETV Bharat Assamese Team

Published : Sep 9, 2024, 6:18 PM IST

BTC election: বি পি এফৰ সৈতে মিত্ৰতা কৰিবলৈ আগ্ৰহী গণ সুৰক্ষা পাৰ্টী ৷ প্ৰমোদ বড়োৰ দিনত বি টি আৰত বহু কেলেংকাৰী হোৱাৰ অভিযোগ নৱ কুমাৰ শৰণীয়াৰ ৷ জি এছ পি আৰু বি পি এফৰ মিত্ৰতা হ’লে বি টি আৰত সকলো শ্ৰেণীৰ উন্নয়ন হ’ব বুলি আশ্বাস প্ৰদান শৰণীয়াৰ ৷

BTC election
GSP wants to form alliance with BPF (ETV Bharat)

বাক্সা, 9 ছেপ্টেম্বৰ: প্ৰয়োজন সাপেক্ষে হাগ্ৰামা মহিলাৰীৰ বি পি এফৰ সৈতে মিত্ৰতা কৰিব নৱ কুমাৰ শৰণীয়াৰ গণ সুৰক্ষা পাৰ্টীয়ে ৷ বৰ্তমান সময়ত বি টি আৰৰ মুৰব্বী হিচাপে হাগ্ৰামা মহিলাৰীৰ বিকল্প নাই বুলি মন্তব্য কৰে নৱ কুমাৰ শৰণীয়াই ৷ প্ৰমোদ বড়োৱে বি টি আৰৰ উন্নয়নৰ বাবে এটা সুযোগ পাইছিল যদিও সেই সুযোগৰ সদ্ব্যৱহাৰ কৰিব নোৱাৰিলে বুলি মন্তব্য কৰে শৰণীয়াই ৷

বিপিএফৰ সৈতে মিত্ৰতা কৰিবলৈ আগ্ৰহী গণ সুৰক্ষা পাৰ্টী (ETV Bharat)

সাংবাদিকৰ আগত নৱ কুমাৰ শৰণীয়াই কয়, ‘‘বি টি চিত হাগ্ৰামা মহিলাৰীৰ বিকল্প নাই । হাগ্ৰামা মহিলাৰী এতিয়া ৰাজনীতিত অভিজ্ঞতাপুষ্ট হৈছে । তেওঁৰ সৈতে আমি গণ সুৰক্ষা পাৰ্টী মিলিত হ'বলৈ সাজু । জি এছ পি-বি পি এফৰ মিত্ৰতা হ'লে বি টি চিত সকলো শ্ৰেণীৰ উন্নয়ন হ'ব ।’’

গণ সুৰক্ষা পাৰ্টীৰ মুৰব্বীগৰাকীয়ে লগতে কয়, ‘‘আমি পূৰ্বে ইউ পি পি এলৰ লগত আছিলো যদিও প্ৰমোদ বড়োৰ দিনত বহু কেলেংকাৰী হৈছে । এতিয়া যদি আমি জি এছ পি-বি পি এফ মিলিত হওঁ, তেন্তে আগন্তুক বি টি চি পৰিষদীয় নিৰ্বাচনত আমি 30 খন আসন লাভ কৰি জয়ী হ'ব পাৰিম ।’’

উল্লেখ্য যে, দেওবাৰে বাক্সাৰ দেৱচৰাত প্ৰায় পাঁচ শতাধিক গণ সুৰক্ষা পাৰ্টীৰ সদস্যই আনুষ্ঠানিকভাৱে বি জে পিত যোগ দিয়াৰ এদিন পিছতে অৰ্থাৎ সোমবাৰে বাক্সা জিলাৰ মুছলপুৰৰ থমনাত অনুষ্ঠিত হয় গণ সুৰক্ষা পাৰ্টীৰ এক বিশাল জনজাগৰণ সভা ৷ সকলো শ্ৰেণীৰ ৰাইজক একগোট কৰি আগন্তুক বিটিআৰ নিৰ্বাচনত জি এছ পি দলে কেনেদৰে আগবাঢ়িব সেই সম্পৰ্কে আলোচনা কৰা হয় উক্ত সভাত ৷

সাংবাদিকৰ আগত নৱ কুমাৰ শৰণীয়াই কয় যে বি জে পিৰ উদ্দেশ্য হৈছে ক্ষমতা দখল ৷ বি টি আৰত প্ৰতিশ্ৰুতি মতে উন্নয়ন সাধন কৰিব নোৱাৰিলে বি জে পিয়ে ৷ বি টি চিত বিভিন্ন সমস্যা আছে, কিন্তু বি জে পিয়ে তাক সমাধান কৰা নাই ৷ ৰাইজে যদি সূতা-কম্বলৰ আশাত ভোট দিয়ে তেন্তে বেলেগ কথা, কিন্তু যদি ৰাইজে নিজৰ সমস্যাৰ কথা ভাবি ভোট দিয়ে তেন্তে বি জে পিয়ে ইয়াত বৰ বেছি একো কৰিব নোৱাৰে ৷

জি এছ পিৰ বহুসংখ্যক লোকে বি জে পিত যোগ দিয়া সন্দৰ্ভত শৰণীয়াই কয়, ‘‘আমি তেওঁলোকক শুভেচ্ছা জনাইছো ৷ আমি দুখ পাইছো, আমাৰ যিসকল গৈছে তেওঁলোকক বিজেপিয়ে সমুখৰ আসনত বহিবলৈ নিদিয়ে ৷ যি বি টি আৰৰ ৰাইজে তেওঁলোকক আসন এৰি দিছিল, আজি তেওঁলোকে নিজৰ অধিকাৰ হেৰুৱাবলৈ গৈছে ৷’’

লগতে পঢ়ক: বিটিআৰ নিৰ্বাচনত অকলেই যুঁজিব বিজেপিয়ে: মন্ত্ৰী জয়ন্তৰ স্পষ্ট কথা - BJP joining program

অবড়ো সুৰক্ষা সমিতিৰ তিনি শতাধিকৰ ইউপিপিএলত যোগদান - UPPL Joining Meeting

বি টি আৰৰ ৰাজনৈতিক সমীকৰণ: একত্রিত হোৱাৰ দিশে বি পি এফ আৰু ইউ পি পি এল ! - BTR politics

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.