ETV Bharat / state

প্ৰেমৰ সম্পৰ্ক থকাটো স্বীকাৰ কৰিছো, যুৱতীগৰাকীৰ স্বাস্থ্যক লৈও ময়ো চিন্তিত : শংকৰজ্যোতি বৰুৱা - Sankor Jyoti Baruah

author img

By ETV Bharat Assamese Team

Published : Sep 9, 2024, 5:55 PM IST

Allegation against Sankor Jyoti Baruah : প্ৰেম-প্ৰত্যাৰণা, মানসিক হাৰাশাস্তিৰ অভিযোগ সন্দৰ্ভত মুখ খুলিলে শংকৰজ্যোতি বৰুৱাই ৷ সকলো বিচাৰ আদালতৰ মজিয়াত হ’ব বুলি উল্লেখ কৰে আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে ৷ ইফালে অভিযোগ মানেই দোষী হ’ব নোৱাৰে বুলি মন্তব্য ছাত্ৰনেতাগৰাকীৰ ৷ আৰু কি কি ক’লে...

Allegation against Sankor Jyoti Baruah
প্ৰেম-প্ৰত্যাৰণাৰ অভিযোগ সন্দৰ্ভত শংকৰজ্যোতি বৰুৱা (ETV Bharat Assam)

গুৱাহাটী, ৯ ছেপ্টেম্বৰ : সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে প্ৰত্যাৰণাৰ অভিযোগ উত্থাপন কৰিছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰীয়ে ৷ প্ৰেমজনিত কাৰণত ছাত্ৰীগৰাকীক মানসিক হাৰাশাস্তি, প্ৰত্যাৰণা কৰাৰ অভিযোগেৰে গোচৰো দাখিল কৰে ছাত্ৰীগৰাকীয়ে ৷

উক্ত অভিযোগৰ পিছত প্ৰথমবাৰৰ বাবে সংবাদ মাধ্যমৰ আগত মুখ খুলিছে শংকৰজ্যোতি বৰুৱাই ৷ আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে ছাত্ৰীগৰাকীৰ লগত প্ৰেমৰ সম্পৰ্ক থকাৰ কথা স্বীকাৰ কৰি কয়, ‘‘যুৱতীগৰাকীৰ সৈতে মোৰ বিভিন্নধৰণৰ সংঘাত হোৱা এবছৰ হৈছে ৷ বিগত ছমাহ ধৰি যুৱতীগৰাকীৰ লগত মোৰ যোগাযোগ নাই ৷ এই কথা যুৱতীগৰাকীয়েও কৈছে, ময়ো আপোনালোকক কৈছো ৷ তেওঁ অনা অভিযোগ আইৰ জৰিয়তে খণ্ডন কৰিম ৷’’

অভিযোগকাৰীৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকাৰ কথা স্বীকাৰ :

শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত ছাত্ৰনেতাগৰাকীয়ে কয়, ‘‘যিগৰাকী যুৱতীয়ে মোৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে, তেওঁৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকাটো মই অকপটে স্বীকাৰ কৰিছো ৷ প্ৰেমৰ সম্পৰ্ক থকাটো কোনো অপৰাধ নহয় ৷ 2021 চনত যুৱতীগৰাকীৰ সৈতে মই চিনাকি হৈছিলো ৷ যোৱা এবছৰ ধৰি আমাৰ মাজত সংঘাতৰ সৃষ্টি হৈছে ৷ সেই সংঘাত লাহে লাহে বাঢ়ি গৈছিল আৰু যুৱতীগৰাকীয়ে কোৱাৰ দৰে যোৱা ছমাহ ধৰি তেওঁৰ সৈতে মোৰ কোনো যোগাযোগ নাই ৷ তেওঁ কোৱাৰ দৰে মোৰ ঘৰৰ মানুহৰ সৈতে কথা পতাৰ কথা, আটাইখিনি কথাই সত্য ৷ বিষয়টোৰ পৰা আঁতৰি অহা হৈছিল ৷ কিন্তু ছমাহৰ পিচত হঠাৎ যি অভিযোগ আনিলে, মই আচৰিত হৈছো ৷’’

আছুৰ সাধাৰণ সম্পাদক হোৱাৰ বাবেই ৰাজহুৱা হ’ল নেকি ব্যক্তিগত কথা-বতৰা :

শংকৰজ্যোতি বৰুৱাই কয়, ‘‘প্ৰেম এক বিশ্বাস ৷ বিচ্ছেদ থাকিব পাৰে ৷ কিন্তু সেই বিশ্বাস-বিচ্ছেদক লৈ ব্যক্তিগত পৰ্যায়ৰ কথা-বতৰাবিলাক সামাজিকভাৱে কেনেদৰে আগবঢ়াই লৈ যাব পাৰি সেই বিষয়ে মই নাজানো ৷ হয়তো মই শংকৰজ্যোতি বৰুৱা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক নোহোৱাহেঁতেন এই বিষয়বিলাক এই পৰ্যায় নাপালেহেঁতেন ৷ যিহেতু মোৰ গাত সামাজিক দায়বদ্ধতা আছে, তাৰ বাবেই ৰাইজ সক্ৰিয় হৈছে ৷ মই বেয়া পোৱা নাই ৷’’

অগ্ৰিম জামিন লাভ শংকৰজ্যোতি বৰুৱাৰ :

যুৱতীগৰাকীয়ে অভিযোগ উত্থাপনৰ পিছতে আদালতৰ কাষ চাপিল আছুৰ সাধাৰণ সম্পাদকগৰাকী ৷ তেওঁ কয়, ‘‘যুৱতীগৰাকীয়ে এজাহাৰ দাখিল কৰাৰ পিছতে মই ন্যায়ালয়ৰ কাষ চাপিছো ৷ তেওঁ এজাহাৰত যিবোৰ কথা উল্লেখ কৰিছে, সেই কথাবোৰৰ সন্দৰ্ভত মই যুক্তিসহকাৰে ন্যায়ালয়ত কৈছো ৷ 6 তাৰিখে যুৱতীগৰাকীয়ে এজাহাৰ দিছিল আৰু 7 তাৰিখে ন্যায়ালয়ে মোক অগ্ৰিম জামিন দিছে ৷ তেওঁ যিখিনি অভিযোগ দিছিল, সেই অভিযোগখিনিৰ ভিত্তিতেই মই জামিন লাভ কৰিছো ৷ জামিনৰ প্ৰতিলিপি মই থানাত জমা দিছো ৷

মানসিকভাৱে ভাগি পৰিছে শংকৰজ্যোতি বৰুৱাৰ মাতৃ :

শংকৰজ্যোতি বৰুৱাই কয়, ‘‘অভিযোগখিনি অনাৰ পিছত সামাজিক মাধ্যমত মানুহে যিখিনি কথা কৈছে, সামাজিকভাৱে মোৰ যিখিনি ক্ষতি হৈছে, তাক লৈ মই যথেষ্ট চিন্তিত হৈছো ৷ মই মানসিকভাৱে ভাগি পৰিছো ৷ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হোৱাৰ পিছতো মই এগৰাকী মানুহ ৷ মোৰ আৱেগ আছে ৷ মোৰ অভিভাৱক হিচাবে কেৱল মা আছে ৷ মোৰ মা মানসিকভাৱে ভাগি পৰিছে ৷ মই মোৰ মাক লৈ চিন্তিত ৷ যিগৰাকী যুৱতী জি এম চি এইচত ভৰ্তি হৈ আছে, সেই যুৱতীগৰাকীৰ স্বাস্থ্যক লৈও মই চিন্তিত হৈ আছো ৷’’

লগতে পঢ়ক : প্ৰেমৰ সম্পৰ্ক ৰাখি প্ৰতাৰণা কৰাৰ অভিযোগ শীৰ্ষ ছাত্ৰনেতাৰ বিৰুদ্ধে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.