গোলাঘাট : বৰ্তমান ৰাজ্যৰ ৰাজনীতিত চৰ্চাৰ এটায়ে বিষয়, সেইটো হৈছে সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী এলিজাবেথ ক'লবাৰ্ণ গগৈৰ পাকিস্তানৰ আই এছ আইৰ লগত সংযোগ । ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে এই বিষয়টো সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰাৰ পিছত বিজেপিয়ে গৌৰৱ গগৈক আক্ৰমণৰ কোনো সুবিধায়ে এৰি দিয়া নাই ।
আনহাতে, দেওবাৰে কেবিনেটত সিদ্ধান্ত গ্ৰহণৰ পিছত ইতিমধ্যে এই বিষয়ত আৰক্ষী সঞ্চালকপ্ৰধানে গোচৰ ৰুজু কৰাৰ লগতে বিষয়টো তদন্তৰ বাবে এক বিশেষ অনুসন্ধানকাৰী দল গঠন কৰিছে ।
আনহাতে, বোকাখাত নিৰ্মাণ গোটৰ ৰূপালী জয়ন্তীবৰ্ষ অনুষ্ঠানত অংশগ্ৰহণ কৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে মন্তব্য প্ৰকাশ কৰিছে । তেওঁ কয়, "মই আচৰিত হৈছোঁ, এই কাম অসমৰ মুখ্যমন্ত্ৰীৰ নহয় । ১২ বছৰ হ'ল বিয়া পাতিলে গৌৰৱ গগৈয়ে, তিনিবাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছে । এই সময়ত দেশৰ গৃহ মন্ত্ৰণালয় আছে, বহিঃপৰিক্ৰমা বিভাগ আছে । তেওঁলোকে এটা বাক্য কৈছে নেকি ? দেশৰ গ্ৰহ মন্ত্ৰণালয়ৰ পৰা কিবা বক্তব্য আহিছে নেকি ? এইটো এটা হাস্যৰসৰ কথা ।" অজাপৰ সভাপতিগৰাকীয়ে লগতে কয়, "মুখ্যমন্ত্ৰীয়ে যিবোৰ অভিযোগ উত্থাপন কৰিছে, দেশৰ চোৰাংচোৱা ইমান দুৰ্বল নেকি । ৰ', নিয়া বা এন আই এ, আই বি ইমান দুৰ্বল নেকি । মুখ্যমন্ত্ৰীৰ আৰু দেশৰ গৃহ মন্ত্ৰণালয়ে ১২ বছৰে গম পোৱা নাই নেকি গৌৰৱ গগৈৰ পত্নীৰ কথা । মানুহক বিভ্ৰান্ত কৰিবলৈ, নিৰ্বাচনত ভয় খাই যা-তা কৈছে ।"
লুৰীণজ্য়োতি গগৈয়ে আৰু কয়, "মুখ্যমন্ত্ৰীয়ে বিচৰা ধৰণে ৰাজ্যিক বিজেপিৰ সভাপতি নাপালে । সিফালে সৰ্বানন্দ সোণোৱাল শক্তিশালী হ'বলৈ গৈ আছে । গতিকে হিমন্ত বিশ্ব শৰ্মাই নিজৰ মানসিক ভাৰসাম্য হেৰুৱাই ক্ষমতাত মতলীয়া হৈ নকৰিবলগীয়া কথা আৰু কাম কৰি আছে । দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ বিষয়ে মুখ্যমন্ত্ৰীতকৈ দেশৰ ইণ্টেলিজেন্স, দেশৰ আৰ্মী, দেশৰ গৃহ বিভাগ, আদি বেছি সতৰ্ক । গতিকে মুখ্যমন্ত্ৰীয়ে কৌতুক কৰিব খুজিছে । অসমৰ ৰাইজক হাস্যৰসৰ যোগান ধৰিছে । মুখ্যমন্ত্ৰীয়ে ভয় খাইছে, '২৬ত সান্দহ খোৱা বালি তল যাব । আৰু অসমৰ জনসাধাৰণে এতিয়া এটা সিদ্ধান্ত গ্ৰহণ কৰিছে তেওঁলোকক উৎখাত কৰিবৰ বাবে । সেই কাৰণে মুখ্যমন্ত্ৰীয়ে এতিয়া এইবোৰ কাম কৰি আছে ।"
অজাপৰ সভাপতিগৰাকীয়ে পুনৰ কয়, "দিল্লীত সৰ্বানন্দ সোণোৱাল শক্তিশালী হ'বলৈ গৈ আছে । অসমত তেওঁ বিচৰা ধৰণে সভাপতি নাপালে । তাৰ পাছত সাধাৰণতে যি হয়, ক্ষমতাত বলিয়ান মানুহৰ যি গতি হয়, সেয়া মুখ্যমন্ত্ৰীৰ হৈছে ।"
উল্লেখ্য যে বোকাখাত নিৰ্মাণ গোটৰ ২৫ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগতে বোকাখাত সমজিলা অসম জাতীয় পৰিষদৰ স্থায়ী কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰে সভাপতি লুৰীণজ্যোতি গগৈয়ে । বোকাখাতৰ জিতেন গগৈৰ নেতৃত্বত বোকাখাত নিৰ্মাণ গোটৰ ৰূপালী জয়ন্তী বৰ্ষৰ সৈতে সংগতি ৰাখি পতাকা উত্তোলন, স্মৃতি তৰ্পণ, বৃদ্ধাশ্ৰমৰ আধাৰশিলা স্থাপনৰ লগতে বোকাখাত নিৰ্মাণ গোটৰ চৌহদৰ বহিঃভাগত মুকলি কৰে অসম জাতীয় পৰিষদৰ কাৰ্যালয় ।