ETV Bharat / bharat

বেজৰ নাকত খৰ, চি বি আইৰ চৌহদত চুৰিকাণ্ড - LOOT IN AGARTALA

CBI in Agartala: আগৰতলাত চি বি আইৰ অস্থায়ী বাসস্থানত চোৰৰ লুটপাত ৷ গোচৰ ৰুজু ৷

LOOT IN AGARTALA
চি বি আইৰ চৌহদত চুৰিকাণ্ড (Etv Bharat)
author img

By ETV Bharat Assamese Team

Published : Feb 17, 2025, 10:51 PM IST

আগৰতলা: আগৰতলাৰ এটা অব্যৱহৃত চৰকাৰী কোৱাৰ্টাৰত চোৰৰ লুটপাত ৷ পূৰ্বতে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা (চি বি আই) ৰ কৰ্মচাৰীৰ অস্থায়ী বাসস্থান হিচাপে আৱণ্টিত কোৱাৰ্টাৰটোক চোৰে লক্ষ্য কৰি লয় ।

অৱশ্যে চি বি আইয়ে স্পষ্ট কৰি দিছে যে, কোনো চৰকাৰী ৰেকৰ্ড বা গোচৰ সম্পৰ্কীয় সামগ্ৰী চুৰি হোৱা নাই, কিয়নো চৌহদটো কাৰ্যালয় হিচাপে ব্যৱহাৰ কৰা হোৱা নাছিল ।

বিগত ১৩ ফেব্ৰুৱাৰীত ত্ৰিপুৰা আৰক্ষীয়ে এই চুৰিকাণ্ডৰ লগত জড়িত ছয়জন ব্যক্তিক আটক কৰি যথেষ্ট পৰিমাণৰ চুৰি হোৱা সামগ্ৰী উদ্ধাৰ কৰে ৷ য’ত আছে ৭ টা ষ্টীলৰ আলমিৰা, ৭ খন দুৱাৰ, চাৰিখন খিৰিকী, এটা গিজাৰ আৰু এখন চকীকে ধৰি অন্যান্য কিছু সা-সামগ্ৰী ৷

এক আনুষ্ঠানিক বিবৃতিত চি বি আইয়ে এই কাণ্ড সন্দৰ্ভত কয় যে, চুৰি হোৱা চৌহদটো চি বি আইৰ কাৰ্যক্ষম কাৰ্যালয় নহয়, বৰঞ্চ চিট ফাণ্ড কেলেংকাৰীৰ গোচৰসমূহ হস্তান্তৰ হোৱাৰ পিছত ২০২৩ চনত সংস্থাটোক সাময়িকভাৱে আৱণ্টন দিয়া ৰাজ্য চৰকাৰৰ মালিকানাধীন অট্টালিকাহে ।

বিবৃতিটোত স্পষ্ট কৰা হৈছে যে, আগৰতলাৰ চি বি আইৰ কাৰ্যালয়টো বেলেগ স্থানতহে আছে ৷ উক্ত কোৱাৰ্টাৰত কোনো চৰকাৰী নথিপত্ৰ বা গোচৰ সম্পৰ্কীয় তথ্য মজুত ৰখা হোৱা নাছিল ।

সংস্থাটোৱে লগতে কয় যে, কিছুদিন ধৰি এই কোৱাৰ্টাৰটো খালী হৈ থকাৰ বাবে চুৰিকাৰ্য সংঘটিত হয় । যিহেতু চুৰি হোৱা আচবাবসমূহ ৰাজ্য চৰকাৰৰ আছিল, সেয়েহে এজাহাৰ দাখিল কৰি ৰুজু কৰা হয় এক গোচৰ ৷ ৰাজ্যখনৰ আৰক্ষীয়ে সন্দেহযুক্ত লোকসকলক আটক কৰি লুটপাত কৰা সামগ্ৰীসমূহ উদ্ধাৰৰ বাবে ক্ষীপ্ৰতাৰে কাম কৰে ৷

ভৱিষ্যতে এনেধৰণৰ ঘটনাৰ লক্ষ্য হৈ নপৰাটো নিশ্চিত কৰি এতিয়া কৰ্তৃপক্ষই অব্যৱহৃত চৌহদটো আনুষ্ঠানিকভাৱে ৰাজ্য চৰকাৰক ঘূৰাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

লগতে পঢ়ক: নিযুক্তি পৰীক্ষাত কেলেংকাৰীৰ উজান, গ্ৰেপ্তাৰ 7

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.