ETV Bharat / entertainment

অমৃত প্ৰীতম, জাহ্নু বৰুৱাৰ উপস্থিতিয়ে সৌষ্ঠৱ বঢ়াব আন্তৰ্জাতিক গ্ৰাম্য চলচ্চিত্ৰ মহোৎসৱৰ - INTERNATIONAL RURAL FILM FESTIVAL

দ্বিতীয় অসম আন্তৰ্জাতিক গ্ৰাম্য চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন ৷ উপস্থিত থাকিব মুম্বাইত প্ৰতিষ্ঠিত অসম সন্তান অমৃত প্ৰীতম, চলচিত্ৰ পৰিচালক জাহ্নু বৰুৱাৰ দৰে বিশিষ্ট ব্যক্তিসকল ৷

Etv Bharat
Etv Bharat (Etv Bharat)
author img

By ETV Bharat Assamese Team

Published : Feb 17, 2025, 10:47 PM IST

যোৰহাট: যোৰহাট জিলাৰ তিতাবৰত অনুষ্ঠিত হ’ব দ্বিতীয় অসম আন্তৰ্জাতিক গ্ৰাম্য চলচ্চিত্ৰ মহোৎসৱ । ভাৰতীয় চলচ্চিত্ৰ মহাসংঘৰ সহযোগত তথা অসম চলচ্চিত্ৰ সমাজৰ উদ্যোগত তিনিদিনীয়া কাৰ্যসূচীৰে তিতাবৰৰ ন-আলি ধলী পথাৰত অনুষ্ঠিত হ'ব দ্বিতীয় অসম আন্তৰ্জাতিক গ্ৰাম্য চলচ্চিত্ৰ মহোৎসৱ ৷

ইতিমধ্যে এই মহোৎসৱৰ লাইখুঁটা স্থাপন কৰা হৈছে । ১৪ মাৰ্চৰ পৰা ১৬ মাৰ্চলৈ অনুষ্ঠিত হ'বলগা দ্বিতীয় অসম আন্তৰ্জাতিক গ্ৰাম্য চলচ্চিত্ৰ মহোৎসৱত দেশ-বিদেশৰ বহুকেইখন চলচ্চিত্ৰ প্ৰদৰ্শন কৰাৰ লগতে নৃগোষ্ঠীয় খাদ্য মেলা, গ্ৰন্থমেলাৰ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আৰু আলোচনা চক্ৰ অনুষ্ঠিত হ'ব ।

যোৰহাটত দ্বিতীয় গ্ৰাম্য চলচ্চিত্ৰ মহোৎসৱ (Etv Bharat)

যোৰহাটত দ্বিতীয় গ্ৰাম্য চলচ্চিত্ৰ মহোৎসৱ

দ্বিতীয় আন্তৰ্জাতিক গ্ৰাম্য চলচ্চিত্ৰ মহোৎসৱ সন্দৰ্ভত অসম চলচ্চিত্ৰ সমাজৰ সাধাৰণ সম্পাদক জয়ন্ত মাধৱে কয় যে, "অসম চলচ্চিত্ৰ সমাজে ঠেঙাল স্বায়ত্ত শাসিত পৰিষদ আৰু ভাৰত চলচ্চিত্ৰ মহাসংঘৰ সহযোগত ১৪ মাৰ্চৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে তিতাবৰৰ ধলী পথাৰত দ্বিতীয় অসম আন্তৰ্জাতিক গ্ৰাম্য চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত কৰিছে ৷ এই মহোৎসৱৰ প্ৰত্যেক দিনাই ৬ খনৰ পৰা ৮ খনকৈ ছবি প্ৰদৰ্শন কৰা লগতে মাষ্টাৰ ক্লাচ, কৰ্মশালা আদি অনুষ্ঠিত হ'ব ৷"

লগতে তেওঁ কয় যে, ছবিৰ জৰিয়তে কেনেদৰে কেৰিয়াৰ আৰম্ভ কৰিব পাৰি, তাৰ ওপৰতো এক আলোচনা চক্ৰ আৰু কৰ্মশালা অনুষ্ঠিত হ’ব ৷ ছবিৰ কাৰিকৰী দিশ, সমালোচনাৰ দিশটোৰ লগতে এখন চলচ্চিত্ৰত শব্দৰ কি ভূমিকা আদি সম্পৰ্কে ক’বলৈ আৰু শিকাবলৈ মুম্বাইৰ পৰা আহিব অমৃত প্ৰীতম ৷ প্ৰীতমৰ সৈতে উপস্থিত থাকিব চলচ্চিত্ৰ নিৰ্মাতা জাহ্নু বৰুৱা ৷ এই চলচ্চিত্ৰ মহোৎসৱক লৈ যোৰহাটবাসীৰ মাজত এতিয়া চলিছে ব্যাপক প্ৰস্তুতি ৷

লগতে পঢ়ক: চলিত বর্ষত মুক্তি লাভ কৰিব বীৰা-এক নেদেখা কোঁৱৰৰ কাহিনীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.