গুৱাহাটী : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিয়ে বিগত ছটা দিন ধৰি ৰাজ্যৰ ৰাজনীতি উত্তাল কৰিছে গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী এলিজাবেথ ক’লবাৰ্ণৰ পাকিস্তান লিংকৰ অভিযোগেৰে । ISIৰ সৈতে এলিজাবেথ ক’লবাৰ্ণক সাঙুৰি অভিযোগ তুলি আক্ৰমণ কৰিছে গৌৰৱ গগৈকো ৷ ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তমৰ্মে মুখ্যমন্ত্রীৰ নিৰ্দেশত পাকিস্তানী নাগৰিক আলী তৌকিৰ শ্বেইখৰ বিৰুদ্ধে গোচৰ ৰুজু অসম আৰক্ষীৰ । তাৰ বিপৰীতে ৰাজীৱ ভৱনত সংবাদমেল পাতি মুখ্যমন্ত্ৰীক উভতি ধৰিলে কংগ্ৰেছে । মুখ্যমন্ত্ৰী আৰু বিজেপিলৈ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বাৰ্তা— এই আক্ৰমণ গৌৰৱ গগৈক নহয়, এয়া কংগ্ৰেছক আক্ৰমণ ৷ অকলশৰীয়া নহয় গৌৰৱ গগৈ ।
গৌৰৱ গগৈলৈ বিজেপিৰ ১২টা প্ৰশ্ন :
গৌৰৱ গগৈৰ কাষত থিয় দি কংগ্ৰেছে বিজেপি আৰু মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ দিয়াৰ পিছতেই বিজেপিয়ে গৌৰৱ গগৈৰ প্ৰতি উত্থাপন কৰিছে ১২ টাকৈ প্ৰশ্ন ৷ সামাজিক মাধ্যমত বিজেপিয়ে উল্লেখ কৰিছে, “মাননীয় শ্ৰীযুত গৌৰৱ গগৈ ডাঙৰীয়া, এলিজাবেথ গগৈলৈ চিঠি লিখি বা তেখেতক "টাইগাৰ জিন্দা হে"ৰ 'কেট্ৰিণা কাইফ' বনোৱাৰ দৰে অযুক্তিকৰ প্রত্যুত্তৰ দি থকাৰ পৰিৱৰ্তে জনসাধাৰণৰ মনত অহা এই প্ৰশ্নবোৰৰ উত্তৰ দিয়ক ৷” বিজেপিয়ে গৌৰৱ গগৈলৈ সোমবাৰে নিক্ষেপ কৰা প্ৰশ্ন ১২ টা হ’ল,
১) বিবাহৰ ১২ বছৰৰ পিছতো আপোনাৰ পত্নী এলিজাবেথ ক’লবৰ্ণে ভাৰতীয় নাগৰিকত্ব গ্ৰহণ নকৰাৰ কাৰণ কি ?
২) আপোনাৰ সন্তান মায়া আৰু কাবিৰে কোনখন পাছপ’ৰ্টত যাত্ৰা কৰে—ভাৰতীয় নে বৃটিছ ?
৩) এলিজাবেথে পাকিস্তান চৰকাৰৰ কোনো বিষয়াক সাক্ষাৎ কৰিছেনে অথবা এতিয়াও সংস্পৰ্শত আছেনে ? সেই সম্পৰ্কত তথ্য প্ৰকাশ কৰাৰ সাহস আছেনে আপোনাৰ ?
৪) এলিজাবেথে ছিনেটৰ টম উদালৰ সহায়ক হিচাপে পাকিস্তানক সমৰ্থন কৰা নীতি গ্ৰহণ কৰাত কোনো ভূমিকা পালন কৰিছিল নে ?
৫) এলিজাবেথে জৰ্জ চৰ'ছৰ সৈতে সম্পৰ্কিত কোনো ব্যক্তি বা সংস্থাৰ লগত যোগাযোগ ৰক্ষা কৰিছিলনে ? সেইবোৰ জনসাধাৰণৰ বাবে প্ৰকাশ কৰিবনে ?
৬) পাকিস্তানত থাকোতে এলিজাবেথে ভাৰতৰ বিৰুদ্ধে কাৰ্যকলাপ কৰা কোনো ব্যক্তি বা গোষ্ঠীক সাক্ষাৎ কৰিছিল নে ?
৭) ভাৰতত ভিছা আবেদন দাখিলৰ সময়ত এলিজাবেথে পাকিস্তানী সংস্থাৰ সৈতে থকা সম্পৰ্কৰ কথা প্ৰকাশ কৰিছিল নে ?
৮) এলিজাবেথৰ ভাই বোৱাৰীৰ কোনো খ্ৰীষ্টিয়ান সংগঠনৰ সৈতে সম্পৰ্ক আছে নে, এই সংগঠনে আপোনাক কোনো ধৰণে সহায় কৰিছে নেকি ?
৯) আপুনি পাকিস্তান হাই কমিচনক সাক্ষাৎ কৰাৰ সম্পূৰ্ণ তথ্য প্ৰকাশ কৰিবনে ?
১০) আপুনি পাকিস্তান হাই কমিচনৰ লগত হোৱা সাক্ষাতৰ তথ্য ভাৰত চৰকাৰ বা কংগ্ৰেছ দলক জনাইছিল নে ?
১১) পাকিস্তান হাই কমিচনক সাক্ষাৎ কৰাৰ পাছতে ভাৰতীয় সেনা সম্পৰ্কীয় বিষয়ত আপুনি সংসদত যি প্ৰশ্ন উত্থাপন কৰিছিল, তাৰ প্ৰকৃত উদ্দেশ্য কি আছিল ?
১২) আপোনাৰ এন জি অ’ Farm 2 Food য়ে জৰ্জ চ'ৰছ বা খ্ৰীষ্টিয়ান সংগঠনৰ পৰা কোনো ধৰণৰ আৰ্থিক সহায় লাভ কৰিছে নে ?
মুখ্যমন্ত্ৰী বনাম গৌৰৱ গগৈৰ ৰাজনৈতিক যুঁজখন আইনী যুঁজলৈ পৰিণত হোৱাৰ পিছত সোমবাৰে কংগ্ৰেছ দলৰ প্ৰৱেশ । ইতিমধ্যেই এই বিষয়ত বিজেপিয়ে পানী ঘোলা কৰিছেই । সোমবাৰে ৰণক্ষেত্ৰত কংগ্ৰেছ নমাৰোপিছত কৰাপুনৰ বিজেপিয়ে কৰা ১২ টা প্ৰশ্নই বিজেপি বনাম কংগ্ৰেছ ৰণখনক অধিক সম্প্ৰসাৰিত কৰিলে ।