ETV Bharat / sports

খৰধৰ কৰি উপভোগ কৰক এইখন মেচ: আজিৰে পৰা দিয়া হৈছে টিকট - IND vs BAN

author img

By ETV Bharat Sports Team

Published : Sep 9, 2024, 5:37 PM IST

India vs Bangladesh Test Tickets prize: চেন্নাইৰ চেপক ষ্টেডিয়ামত 19 ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ'বলগীয়া প্ৰথমখন টেষ্টৰ বাবে মুকলি টিকট ৷ এই টিকটসমূহৰ মূল্য কিমান জানেনে ? কেনেদৰে বুক কৰিব এই টিকট ? পঢ়ক বিতং খবৰ...

IND VS BAN
প্ৰতীকী চিহ্ন (IANS Photo)

স্প’ৰ্টছ ডেস্ক, 9 ছেপ্টেম্বৰ: বাংলাদেশে দুখন টেষ্ট আৰু তিনিখন টি-20 মেচৰ শৃংখলা লৈ ভাৰত ভ্ৰমণলৈ আহিব ৷ কাৰ্যসূচী অনুসৰি, ভাৰত-বাংলাদেশৰ মাজত প্ৰথমখন টেষ্ট মেচ 19 ছেপ্টেম্বৰত চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত আৰম্ভ হ’ব ।

প্ৰথমখন টেষ্ট ক্ৰিকেট মেচৰ বাবে ভাৰতীয় দলটো দেওবাৰে ঘোষণা কৰা হৈছিল । অধিনায়ক ৰোহিত শৰ্মাৰ নেতৃত্বাধীন 16 জনীয়া ভাৰতীয় দলটোত বহুকেইগৰাকী অভিজ্ঞ খেলুৱৈ আছে । প্ৰায় 21 মাহৰ বিৰতিৰ পিছত দললৈ প্ৰত্যাৱৰ্তন ঘটাইছে উইকেটকীপাৰ বেটছমেন ঋষভ পন্তে ৷

তামিলনাডুৰ তাৰকা খেলুৱৈ ৰবিচন্দ্ৰন অশ্বিনকো দলত স্থান দিয়া হৈছে ৷ তদুপৰি ফাষ্ট বলাৰ যশ দয়ালক প্ৰথমবাৰৰ বাবে ভাৰতীয় দলত নিৰ্বাচিত কৰা হৈছে । তেওঁ বাংলাদেশৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে ৷

কে এল ৰাহুলেও দীৰ্ঘদিনৰ পিছত দলত লাভ কৰিছে স্থান ৷ অৱশ্যে দলটোৰ পৰা বাদ পৰিছে যুৱ ক্ৰিকেটাৰ শ্ৰেয়ছ আয়াৰ ৷ ইফালে মেচখনক কেন্দ্ৰ কৰি আৰম্ভ কৰা হৈছে টিকটৰ বিক্ৰী ৷

টিকটৰ মূল্যসমূহ:

ক্ৰমিক নংগেলেৰীৰ নামসমূহটিকটৰ মূল্য
1চি, ডি আৰু ই ল’ৱাৰ টায়াৰ1,000 টকা
2আই, জে আৰু কে ল’ৱাৰ টায়াৰ2,000 টকা
3আই, জে আৰু কে আপাৰ টায়াৰ1,250 টকা
4কে এম কে টেৰেচ5,000 টকা
5চি, ডি আৰু ই (এ/চি) আতিথ্য বক্স10,000 টকা
6জে (এ/চি) আতিথ্য বক্স15,000 টকা

দেওবাৰে ঘোষিত হোৱা ভাৰতীয় দলটো: ৰোহিত শৰ্মা (অধিনায়ক), যশস্বী জয়ছোৱাল, শুভমন গিল, বিৰাট কোহলী, কে এল ৰাহুল, সৰফৰাজ খান, ঋষভ পন্ত (উইকেট ৰক্ষক), ধ্ৰুৱ জুৰেল (উইকেট ৰক্ষক), ৰবীন্দ্ৰ জাদেজা, আৰ অশ্বিন, অক্ষৰ পেটেল, মহম্মদ চিৰাজ, আকাশদ্বীপ, যশপ্ৰীত বুমৰাহ, যশ দয়াল আৰু কুলদীপ যাদৱ ৷

লগতে পঢ়ক: ভাৰত-বাংলাদেশৰ প্ৰথম টেষ্টৰ বাবে ভাৰতীয় দল ঘোষণা, বাদ পৰিল কেবাগৰাকীও খেলুৱৈ - INDIA vs BANGLADESH test series

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.