ETV Bharat / state

চুমী বৰা-বিশাল ফুকনৰ অনলাইন ট্ৰেডিং গোচৰত ৬‌ জনৰ বিৰুদ্ধে আৰক্ষীৰ লুক-আউট ন'টিছ - Online Trading Scam

author img

By ETV Bharat Assamese Team

Published : Sep 9, 2024, 6:04 PM IST

Updated : Sep 9, 2024, 8:22 PM IST

Investment scam in Assam : বিশাল ফুকনে অনলাইন ট্ৰেডিঙৰ নামত কিমান কোটি টকা সংগ্ৰহ কৰিছে ? বিশালৰ কিমান কোটি টকাৰ সম্পত্তি আছে ? এই সকলো প্ৰশ্নক লৈ ৰাজ্য়ত চলিছে ব্য়াপক চৰ্চা । এই সন্দৰ্ভত কি ক'লে ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকে ?

Dibrugarh spV V Rakesh Reddy
ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডী (ETV Bharat Assam)

মৰাণ, ৯ ছেপ্টেম্বৰ: অনলাইন ট্ৰেডিঙৰ নামত প্ৰৱঞ্চনাৰে বিলাসী জীৱন কটোৱা ২২ বছৰীয়া ডিব্ৰুগড়ৰ বিশাল ফুকনৰ প্ৰৱঞ্চনাৰ কাহিনীয়ে ৰাজ্যত ব্যাপক চৰ্চা লাভ কৰিছে । কম বয়সতে আনৰ টকাৰে বিলাসী জীৱন কটোৱা বিশাল ফুকন শনিবাৰৰ পৰা থাকিবলগীয়া হৈছে ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত ।

বিশাল ফুকনে অনলাইন ট্ৰেডিঙৰ নামত প্ৰৱঞ্চনা কৰি ক্ৰয় কৰা সম্পত্তিক লৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । সোমবাৰে বিশাল ফুকন আৰু ৰঞ্জিত কাকতিয়ে অনলাইন ট্ৰেডিঙৰ নামত কৰা প্ৰৱঞ্চনা সম্পৰ্কে প্ৰথমবাৰৰ বাবে মুখ খুলিলে ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডীয়ে।

  • ট্ৰেডিঙৰ বৈধতা সংস্থাসমূহৰ সৈতে যোগাযোগ :

ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকগৰাকীয়ে বিশাল ফুকনৰ অনলাইন ট্ৰেডিং সন্দৰ্ভত কয়," বিশাল ফুকনৰ গোচৰ চি আই ডিক দিয়া হৈছে । বিশাল ফুকনৰ ১৮ টা বেংক একাউন্ট ছীল কৰা হৈছে । যিবিলাক সম্পত্তি ছীল কৰা হৈছে তাৰ সকলো পৰীক্ষা কৰি থকা হৈছে । সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে অনলাইন ট্ৰেডিঙৰ বৈধতা সংস্থাসমূহৰ সৈতে যোগাযোগ কৰা হৈছে তথ্য সংগ্ৰহৰ বাবে ।"

  • ৭৮ জনলৈ জাৰি কৰা হৈছে জাননী :

আৰক্ষী অধীক্ষকগৰাকীয়ে পুনৰ কয়," বিশাল ফুকনৰ ঘটনাৰ লগত জড়িত ৬‌ জনক থানাত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছে । এই ৬‌ জনৰ বিৰুদ্ধে জাৰি কৰা হৈছে লুক-আউট ন'টিছ ৷ আনহাতে, ৭৮ জন লোকক জেৰাৰ বাবে বাবে জাননী জাৰি কৰা হৈছে । বিশাল ফুকনৰ পৰিয়ালৰ বহুকেইজন লোকক থানাত হাজিৰ হ'বলৈ জাননী দিয়া হৈছে । " লগতে আৰক্ষী অধীক্ষকগৰাকীয়ে কয়, "বিশাল ফুকনৰ ঘটনাক লৈ চুমী বৰা, তেওঁৰ স্বামীৰ লগতে ভাতৃক থানাত হাজিৰ হ'বলৈ জাননী দিয়া হৈছে যদিও থানালৈ অহা নাই । চুমী বৰাক গ্ৰেপ্তাৰৰ বাবে বহিঃৰাজ্যৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰা হৈছে । "

  • প্ৰায় ১০০ কোটিৰ প্ৰৱঞ্চনা বিশাল ফুকনৰ :

বিশাল ফুকনে কিমান ধনৰ লেনদেন কৰিছিল তাৰ সম্পূৰ্ণ তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে বুলি উল্লেখ কৰি আৰক্ষী অধীক্ষকগৰাকীয়ে কয়," বিশাল ফুকনৰ ঘটনাক লৈ আয়কৰ বিভাগক পত্ৰ প্ৰেৰণ কৰা হৈছে । বিশাল ফুকনৰ সমগ্ৰ প্ৰৱঞ্চনাৰ ঘটনাটো প্ৰায় ১০০ কোটি মান হ'ব ।"

ৰঞ্জিত কাকতিৰ কিমান টকাৰ প্ৰৱঞ্চনা :

Trading FX নামৰ অনলাইন মানি ট্ৰেডিঙত অসমৰ দায়িত্বত থকা ৰঞ্জিত কাকতিক অনলাইন ট্ৰেডিঙৰ প্ৰৱঞ্চনাৰ ঘটনাৰ বাবে আটক কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে । ৰঞ্জিত কাকতি সম্পৰ্কত ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকগৰাকীয়ে কয়,"ৰঞ্জিত কাকতিক আটক কৰা পাছতে তেওঁৰ কোম্পানীৰ হাৰিয়ানাৰ মালিকলৈ জাননী দিয়া হৈছে । এই ঘটনাৰ লগত জড়িতসকলক আমি নিৰীক্ষণ কৰি আছো । ৰঞ্জিত কাকতিয়ে কিমান টকাৰ প্ৰৱঞ্চনা কৰিছে তাৰ তথ্য আহি পৰা নাই । কিয়নো ৰঞ্জিত কাকতিৰ কোম্পানী হাৰিয়ানাৰ পৰা পৰিচালিত হৈছিল ।"

লগতে পঢ়ক:বিশাল-চুমীৰ অনলাইন ট্ৰেডিং কেলেংকাৰীৰ তদন্তৰ ভাৰ চি আই ডিক - CM Himanta Biswa Sarma

অনলাইন মানি ট্ৰেডিঙৰ নামত প্ৰৱঞ্চনা: মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ কোন অভিযুক্তই আগবঢ়াইছিল ধন ? - Online trading scam

প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত বিশাল ফুকনৰ সকলো সম্পত্তি জব্দ কৰাৰ সম্ভাৱনা - Bishal Phukan Trading Scam

Last Updated : Sep 9, 2024, 8:22 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.