ETV Bharat / bharat

22 এপ্ৰিলৰ পৰা অনুষ্ঠিত হ'ব মিজোৰামৰ শিক্ষা বৰ্ডৰ পৰীক্ষা

author img

By

Published : Apr 17, 2020, 10:42 PM IST

মিজোৰামত 22 এপ্ৰিলৰ পৰা অনুষ্ঠিত হ'ব শিক্ষা বৰ্ডৰ পৰীক্ষা ৷ 24 এপ্ৰিললৈ HSSLC ৰ কলা, বিজ্ঞান আৰু বাণিজ্য বিভাগৰ পৰীক্ষা অনুষ্ঠিত কৰা হ'ব ৷

22 এপ্ৰিলৰ পৰা অনুষ্ঠিত হ'ব মিজোৰামৰ শিক্ষা বৰ্ডৰ পৰীক্ষা
মিজোৰামৰ শিক্ষা বৰ্ডৰ পৰীক্ষা

নেশ্যনেল ডেস্ক, 17 এপ্ৰিল : টেলিভিছন চেনেলৰ জৰিয়তে শিক্ষাৰ ব্যৱস্থা কৰাৰ পাচতে শেহতীয়াকৈ মিজোৰাম স্কুল শিক্ষা বৰ্ডে (MBSE) সিদ্ধান্ত গ্ৰহণ কৰিছে যে, উচ্চতৰ মাধ্যমিক বিদ্যালয় উত্তীৰ্ণৰ প্ৰমাণপত্ৰ (HSSLC) পৰীক্ষা 22 এপ্ৰিলৰ পৰা অনুষ্ঠিত কৰা হ'ব ৷ শুকুৰবাৰে এক চৰকাৰী সূত্ৰত প্ৰকাশ এই কথা ৷

সূত্ৰ অনুসৰি, 22 এপ্ৰিলৰ পৰা 24 এপ্ৰিললৈ HSSLC ৰ কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ পৰীক্ষা অনুষ্ঠিত কৰা হ'ব ৷

এই সময়ছোৱাত ৰাজ্যিক চৰকাৰে ছাত্ৰসকলৰ বাবে অনলাইন শিক্ষাব্যৱস্থা গ্ৰহণ কৰিছিল ৷ আইজল দূৰদৰ্শন কেন্দ্ৰৰ জৰিয়তে সোমবাৰৰ পৰা শনিবাৰলৈকে ছাত্ৰসকলক বিভিন্ন বিষয়ৰ শিক্ষা প্ৰদান কৰি অহা হৈছিল ৷

মিজোৰাম শিক্ষা বিভাগৰ এজন বিষয়াই কয়, "সোমবাৰৰ পৰা আধা ঘন্টা সময়ৰ বাবে ছাত্ৰসকলক এই শিক্ষা প্ৰদান কৰা হৈছিল ৷ DDK Aizawl Channel ৰ জৰিয়তে মিজোৰামৰ ছাত্ৰ-ছাত্ৰীসকলে শিক্ষা গ্ৰহণ কৰি আছে ৷"

এই শিক্ষাব্যৱস্থাত সকলো ছাত্ৰকে গুৰুত্ব প্ৰদান কৰিবৰ বাবে শিক্ষা বিভাগে নিৰ্দেশ প্ৰদান কৰিছিল আৰু অভিভাৱক সকলকো এই ক্ষেত্ৰত নিৰীক্ষণ কৰিবলৈ জনোৱা হৈছিল ৷

একে সময়তে মিজোৰামৰ স্বাস্থ্যমন্ত্ৰী আৰ. লালথাংলিয়ানাই কয় যে, মুম্বাইৰ এখন হাস্পতালত 13 এপ্ৰিলত কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱা 22 বৰ্ষীয় আইজলৰ যুৱতীগৰাকী স্তনৰ কেন্সাৰত ভূগি আছিল ৷ আনহাতে, মেঘালয়ত কৰ্মৰত এজন মিজোৰামৰ চিকিৎসক শ্বিলঙত 14 এপ্ৰিলত কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছিল ৷ বৰ্তমান লোকজন সুস্থ অৱস্থালৈ ঘূৰি অহা বুলি স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.