ETV Bharat / bharat

তীব্ৰ বিৰোধিতা সত্বেও মুম্বাইত উপস্থিত ডি.কে শিৱকুমাৰ,পিছ পৰি ৰোৱা নাই বিজেপিও - হৰ্চ ট্ৰেডিং

ডি.কে শিৱকুমাৰৰ মুম্বাই ভ্ৰমণৰ সময়ত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী,জ্যেষ্ঠ বিজেপি নেতা তথা কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বি.এছ য়েডিয়ুৰাপ্পাৰ পুত্ৰও উপস্থিত মুম্বাইত,বিজেপিৰ বিৰুদ্ধে হৰ্চ ট্ৰেডিংৰ অভিযোগ

তীব্ৰ বিৰোধীতা সত্বেও মুম্বাইত
author img

By

Published : Jul 10, 2019, 3:39 PM IST

Updated : Jul 10, 2019, 7:45 PM IST

মুম্বাই,10 জুলাইঃ ঘনে ঘনে সলনি হৈছে কৰ্ণাটকৰ ৰাজনৈতিক পৰিস্থিতি। মুম্বাইস্থিত ৰেনেছা হোটেলত বাহৰ পাতি থকা কংগ্ৰেছ-জে ডি(এছ) মিত্ৰজোঁট চৰকাৰৰ 13 জনকৈ পদত্যাগী বিধায়কে নিৰাপত্তা বিচাৰি মুম্বাইৰ আৰক্ষী কমিচনাৰলৈ পত্ৰ প্ৰেৰণ কৰিছিল। পত্ৰ খনৰ জৰিয়তে তেওঁলোকে মুখ্যমন্ত্ৰী এইচ ডি কুমাৰস্বামী আৰু ডি.কে শিৱকুমাৰে তেওঁলোকক সাক্ষাৎ কৰিবলৈ অহাৰ বিৰোধিতা কৰিছিল। কিন্তু আজি কংগ্ৰেছ মন্ত্ৰী ডি.কে শিৱকুমাৰ আৰু জে.ডি(এছ)ৰ বিধায়ক শিভলিংগে গৌড়াই এক বিশেষ বিমান যোগে বেংগালুৰৰ পৰা মুম্বাইস্থিত ৰেনেছা হোটেলত উপস্থিত হয় ।

ইফালে মুম্বাই আৰক্ষীয়ে পুৱাৰে পৰা হোটেল খনৰ ভিতৰে বাহিৰে নিৰাপত্তা বেষ্টনী যথেষ্ট কটকটীয়া কৰি তুলিছে। ইফালে ডি.কে শিৱকুমাৰৰ এই ভ্ৰমণৰ সময়ত গঢ়ি তোলা কটকটীয়া নিৰাপত্তা বেষ্টনীৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নত মন্ত্ৰী গৰাকীয়ে কয় যে," আৰক্ষীয়ে নিজৰ দায়িত্ব পালন কৰিছে আৰু তাক লৈ কোনো আপত্তি থাকিব নোৱাৰে। আমি আমাৰ সতীৰ্থক সাক্ষাৎ কৰিবলৈ আহিছো,তেওঁলোক আমাৰ দ'লৰ সদস্য । আমি একেলগে ৰাজনীতিত জন্ম হৈছো আৰু সেয়ে মৃত্যু পৰ্যন্ত একেলগে থাকিম"।

etv bharat assam
তীব্ৰ বিৰোধীতা সত্বেও মুম্বাইত উপস্থিত ডি.কে শিৱকুমাৰ, উপস্থিত জ্যেষ্ঠ বিজেপি নেতাৰ পুত্ৰ

ইয়াৰ বিপৰীতে জে.ডি(এছ)ৰ বিধায়ক নাৰায়না গৌড়াই কংগ্ৰেছ-জে ডি(এছ) মিত্ৰজোঁট চৰকাৰৰ প্ৰতি থকা অসন্তুষ্টি প্ৰকাশ কৰি কয় যে মিত্ৰজোঁট চৰকাৰ থকা সত্বেও দুয়োটা দ'লৰ মাজত কোনোধৰণৰ মিলা প্ৰীতি নাই । ইয়াৰ উপৰিও কংগ্ৰেছে মুখ্যমন্ত্ৰী গৰাকীক তেওঁ বিচৰা মতে কাম কৰিবলৈ নিদিয়ে। সমান্তৰালভাৱে এই কথাও জনাই যে তেওঁলোকে এতিয়ালৈকে দ'ল ত্যাগ কৰা নাই,কেৱল বিধায়ক পদৰ পৰাহে পদত্যাগ কৰিছে। লগতে তেওঁলোকে জনাই যে,হৰ্চ ট্ৰেডিংৰ লগত তেওঁলোক কোনো কাৰণতে জড়িত নহয়,তেওঁলোকে মাত্ৰ দীৰ্ঘদিন ধৰি উত্থাপন কৰি অহা সমস্যা সমূহৰ কোনো গুৰুত্ব নাপাইহে এনে সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হৈছে।

কিন্তু গুৰুত্বপূৰ্ণ কথা যে হৰ্চ ট্ৰেডিংৰ প্ৰসংগ চৰ্চাত আহি থকাৰ সময়তে আজি জ্যেষ্ঠ বিজেপি নেতা তথা কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বি.এছ য়েডিয়ুৰাপ্পাৰ পুত্ৰই মুম্বাইত উপস্থিত হৈ মিত্ৰজোঁটৰ পদত্যাগী বিধায়ক সকলক সাক্ষাৎ কৰিবলৈ অহাটোৱেই কৰ্ণাটকৰ ৰাজনৈতিক পৰিৱেশ উত্তাল কৰি তুলিছে।

আৰু পঢ়ক

কৰ্ণাটকৰ পদত্যাগী বিধায়কৰ আৰক্ষী কমিচনাৰলৈ পত্ৰঃ " আমাক প্ৰয়োজনীয় সুৰক্ষা দিয়ক "

Mumbai, Jul 10 (ANI): While talking to ANI about horse trading and Congress-JD(S) alliance, rebel JD(S) Member of the Legislative Assembly (MLA) Narayana Gowda alleged that Congress is not allowing Chief Minister HD Kumaraswamy to work. He said, "We are not satisfied with alliance government as there is no unity between the two parties. Congress has also troubled Karnataka Chief Minister HD Kumaraswamy a lot, they didn't let him do what he wanted. We will go and meet the Speaker when he calls us, we have not left the party, only resigned as MLAs". Further talking about allegations of horse trading, he added, "Allegations of horse trading are far from the truth, we have not come here for money and nobody is paying us. We told them our problems hundred times but they did not listen, some ministers were having fun".
Last Updated : Jul 10, 2019, 7:45 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.