ETV Bharat / bharat

উপাচাৰ্যৰ কাৰ্যালয় ঘেৰাও জামিয়া মিলিয়া বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ - জামিয়া মিলিয়াৰ উপাধ্যক্ষৰ কাৰ্যালয় ঘেৰাও ছাত্ৰৰ

জামিয়া মিলিয়াৰ উপাচাৰ্যৰ কাৰ্যালয় ঘেৰাও কৰিলে ছাত্ৰই ৷ নাজমা আখটাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰসকলে ৷

নাজমা আখটাৰৰ কাৰ্যালয় ঘেৰাও
উপাচাৰ্যৰ কাৰ্যালয় ঘেৰাও জামিয়াৰ ছাত্ৰৰ
author img

By

Published : Jan 13, 2020, 10:15 PM IST

Updated : Jan 14, 2020, 7:15 AM IST

নেশ্যনেল ডেস্ক, 13 জানুৱাৰীঃ জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ শতাধিক ছাত্ৰই সোমবাৰে ঘেৰাও কৰে উপাধ্যক্ষ নাজমা আখটাৰৰ কাৰ্যালয় ৷ ডিচেম্বৰ মাহত বিশ্ববিদ্যালয় চৌহদত সংঘটিত কাণ্ডৰ বিৰুদ্ধে দিল্লী আৰক্ষীত গোচৰ ৰুজু কৰিবলৈ দাবী জনাই এনেদৰে উপাচাৰ্যৰ কাৰ্যালয় ঘেৰাও কৰে ছাত্ৰসকলে ৷

উপাচাৰ্যৰ কাৰ্যালয় ঘেৰাও জামিয়াৰ ছাত্ৰৰ

ইয়াৰ লগতে পৰীক্ষাৰ দিন পুনৰ ধাৰ্য কৰাৰ লগতে ছাত্ৰৰ সুৰক্ষা নিশ্চিত কৰিবলৈও দাবী জনাই ছাত্ৰসকলে ৷

কাৰ্যালয় চৌহদৰ মূল গেটৰ তলা ভাঙি ছাত্ৰসকলে প্ৰৱেশ কৰাৰ লগতে উপাধ্যক্ষৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দিয়ে ৷

আখটাৰে ছাত্ৰসকলক শান্ত কৰাৰ চেষ্টা কৰাৰ লগতে কয় যে, গোচৰ দিয়া হৈছে যদিও বৰ্তমানলৈকে ৰুজু কৰা নাই ৷ উপাচাৰ্যগৰাকীয়ে আশ্বাস প্ৰদান কৰি কয় যে, এই সম্পৰ্কত চৰকাৰৰ সৈতেও আলোচনা কৰা হৈছে আৰু আইনী ব্যৱস্থা গ্ৰহণৰ দাবী কৰা হৈছে ৷ তেওঁ লগতে কয় যে, চৌহদত সুৰক্ষা ব্যৱস্থাও দুগুণ বৃদ্ধি কৰা হৈছে ৷

নাজমা আখটাৰৰ মন্তব্য

এই প্ৰতিবাদৰ মাজতে ছাত্ৰসকলে দাবী কৰে যে, হিংসাত্মক কাণ্ড সংঘটিত হোৱাৰ পাচতে ছাত্ৰসকলক হোষ্টেল খালী কৰি দিবলৈ জাননী প্ৰেৰণ কৰা হৈছিল ৷ কিন্তু ছাত্ৰসকলৰ এই দাবীক অস্বীকাৰ কৰে উপাচাৰ্যগৰাকীয়ে ৷

ছৈয়দ ফাহাদ নামৰ এজন ছাত্ৰই কয় যে, প্ৰতিবাদৰ সময়ত যিসকল ছাত্ৰই অধিকাৰৰ দাবী কৰিছিল সেইসকলৰ বিৰুদ্ধেহে গোচৰ ৰুজু কৰা হৈছে ৷ কিন্তু মূল অভিযুক্ত এতিয়াও মুকলিকৈ ঘুৰি ফুৰিছে বুলি মন্তব্য কৰে ফাহাদে ৷

আদিল নামৰ এজন ছাত্ৰই কয় যে, বিশ্ববিদ্যালয়ত সংঘটিত ঘটনাৰ বিৰুদ্ধে এখনো গোচৰ ৰুজু হোৱা নাই ৷

15 ডিচেম্বৰত প্ৰতিবাদকাৰীয়ে চাৰিখনকৈ ৰাজহুৱা বাছত অগ্নিসংযোগ কৰাৰ লগতে দুখন আৰক্ষীৰ বাহনো ধ্বংস কৰিছিল ৷ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সাব্যস্ত কৰা এই প্ৰতিবাদত ছাত্ৰ-ছাত্ৰীৰ লগতে জোৱান আৰু অগ্নিনিৰ্বাপক বাহিনীৰ প্ৰায় 60 জনকৈ লোক আহত হৈছিল ৷

আৰু পঢ়ক : অসম বিধানসভা কাৰ্যালয়ৰ সন্মুখত AIUDF ৰ CAA বিৰোধী প্ৰতিবাদ

Intro:Body:

Jamia

Conclusion:
Last Updated : Jan 14, 2020, 7:15 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.