নতুন দিল্লী, 13 ডিচেম্বৰঃ আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হয় জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ প্ৰতিবাদকাৰী ছাত্ৰসকল ৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে চলোৱা তেওঁলোকৰ প্ৰতিবাদত আৰক্ষীৰ লোকে বাধা প্ৰদান কৰাৰ ফলতেই সূত্ৰপাত হয় সংঘৰ্ষৰ ৷ প্ৰতিবাদকাৰীসকলে কেব বিৰোধী শ্ল’গানেৰে বিশ্ববিদ্যালয় চৌহদৰ পৰা সংসদ ভৱনলৈ এক প্ৰতিবাদী সমদল উলিয়ায় ৷ প্ৰতিবাদকাৰীসকলক বিশ্ববিদ্যালয়ৰ কাষতে আৰক্ষীয়ে বাধা প্ৰদান কৰে ৷ আৰক্ষীয়ে তেওঁলোকৰ ওপৰত বল প্ৰয়োগ কৰা বুলি অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰী ছাত্ৰসকলে ৷
লগতে পঢ়ক- ৰাজ্যৰ বিভিন্ন প্ৰান্তত আবদ্ধ বিদেশী পৰ্যটক