নতুন দিল্লী, ২০ ডিচেম্বৰ : নতুন দিল্লীৰ পাটপৰগঞ্জৰ এটা নলাৰ পানীৰ যুঁৱলিত ওপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰাৰ পাচতে শনিবাৰে এটা শিশুক উদ্ধাৰ কৰা হয় । এগৰাকী ছাত্ৰীয়ে শিশুটোৰ কন্দনৰ শব্দ শুনি নলাটোৰ পৰা উদ্ধাৰ কৰে আৰু ততাতৈয়াকৈ স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰায় ।
ছাত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে, এসপ্তাহ পূৰ্বে শুকুৰবাৰে নিশা প্ৰায় ১০.৫০ বজাত এগৰাকী মহিলাই নৱজাতকটোক নলাত পেলাই দিয়া দৃশ্য চিচিটিভি ফুটেজত দেখা গৈছিল । শিশুটো প্ৰায় এঘাৰ ঘণ্টা নলাটোত ভাহি থকাৰ লগতে ঠাণ্ডা আৰু ভোকত কান্দি আছিল । শিশুটোক প্ৰথমে স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও সোমবাৰে চাচা নেহৰু হাস্পাতাললৈ প্ৰেৰণ কৰা হয় । বৰ্তমান শিশুটোৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা হৈছে ।
শিশুটোক জন্মৰ প্ৰায় ২০ মিনিট পিছত নলালৈ নিক্ষেপ কৰা হৈছিল । নৱজাতকটিৰ পিতৃ-মাতৃ নলাটোৰ সমীপৰ এটা ভৱনত থাকে আৰু তেওঁলোকে কেঁচুৱাটোক ঘৰৰ পৰা আনি নলাটোত পেলাই দিয়া বুলি ছাত্ৰীগৰাকীয়ে অভিযোগ কৰিছে । ছাত্ৰীগৰাকীয়ে শিশুটোৰ পিতৃ-মাতৃৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে । ইফালে বাহাহাল আৰক্ষীয়ে নৱজাতকটিৰ পিতৃ-মাতৃক বিচাৰি তদন্ত আৰম্ভ কৰিছে বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ ।
লগতে পঢ়কঃ আইচিইউ কক্ষত সংঘটিত অগ্নিকাণ্ডত মৃত্যুক সাৱটিলে 9 গৰাকী ক'ভিড-19 আক্ৰান্তই