ETV Bharat / bharat

ৰঙা চীনক ৰুধিবলৈ ব্ৰহ্মপুত্ৰৰ তলেদি সুৰংগ পথ কিয় ? - ৰঙা চীনক ৰুধিবলৈ ব্ৰহ্মপুত্ৰৰ তলেদি সুৰংগ পথ কিয়?

প্ৰণিধানযোগ্য যে চীনৰ সৈতে হ'ব পৰা যিকোনো সামৰিক অনিশ্চয়তাক প্ৰতিহত কৰিবলৈ ইতিমধ্যে ভাৰত চৰকাৰে সীমান্তৰ যোগাযোগ আন্তঃগাঁঠনিৰ নিৰ্মাণৰ বাবে Special Accelerated Road Development Programme ( SARDP) আঁচনিৰ দ্বাৰা অৰুণাচলৰ চীন সীমান্ত,ম্যানমাৰ স্পৰ্শ কৰি থকা মিজোৰাম,মণিপুৰ আৰু নগালেণ্ডৰ সীমান্তত 6500 কিলোমিটাৰ পথ নিৰ্মাণৰ কাম আগবঢ়াই আনিছে ।

ৰঙা চীনক ৰুধিবলৈ ব্ৰহ্মপুত্ৰৰ তলেদি সুৰংগ পথ কিয়?

author img

By

Published : Jul 24, 2020, 6:38 PM IST

তেজপুৰ,গুৱাহাটী, 21 জুলাইঃ কোনো কাৰণতে 1962 ৰ দৰে লজ্জাজনক পৰিস্থিতিৰ সন্মুখীন হ'ব নিবিচাৰে ভাৰত। যিকোন মূল্যৰ বিনিময়ত উত্তৰ-পূবেদি আজন্ম শত্ৰু চীনক ভেটিবলৈ এই অঞ্চলটো অতি শীঘ্ৰেই সমৰ সজ্জা গঢ়ি তুলিবলৈ তৎপৰ হৈ উঠিছে ভাৰত চৰকাৰ। অতি শেহতীয়াকৈ উজনি অসমৰ নুমলীগড়ৰ পৰা গহপুৰ সংযোগ কৰি মহাবাহু ব্ৰহ্মপুত্ৰ বুকুৱেদি 14.85 কিলোমিটাৰ দৈৰ্ঘ্যৰ এক নদী সুৰংগ পথ নিৰ্মাণ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে লোৱা সিদ্ধান্তই এই কথা পুনৰবাৰ প্ৰমাণ কৰিছে ।

যিকোনো সামৰিক অনিশ্চয়তাক প্ৰতিহত কৰিবলৈ ব্ৰহ্মপুত্ৰৰ তলেদি সুৰংগ পথ

উল্লেখনীয় যে অসমৰ মুলত উজনি অসমৰ জিলা কেইখন ক্ৰমে তিনিচুকীয়া,ডিব্ৰুগড়,ধেমাজি,লখিমপুৰ আৰু শোণিতপুৰ জিলাক ভাৰতীয় সেনাৰ সামৰিক ঘাটি হিচাপে চিহ্নিত কৰা হৈছে। স্বাভাৱিকতেই এই কাম হৈছে চীনৰ সাম্ভাৱ্য আক্ৰমণ প্ৰতিহত কৰাৰ বাবেই । উল্লেখ কৰাটো নিস্প্ৰয়োজন যে 1962 চনত সংঘটিত চীনৰ আক্ৰমণ আৰু ভাৰতে সন্মুখীন হোৱা দুৰ্ভাগ্যজনক সময়ৰ ইতিহাসৰ এই অঞ্চলৰ সাধাৰণ জনতা প্ৰত্যক্ষ সাক্ষী হৈ আছে আজিও ।

ভাৰত আৰু চীনত মাজৰ মুঠ 3488 কিলোমিটাৰ দৈৰ্ঘ্যৰ আন্তৰাষ্ট্ৰীয় সীমান্তৰ এক গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু সংঘাত জৰ্জৰিত অংশ সংযোজিত হৈ আছে উত্তৰ পূৰ্বাঞ্চলৰ লগত। আপাততঃ এই সীমান্ত অঞ্চল অৰুনাচল প্ৰদেশৰ স্পৰ্শ কৰি থাকিলেও ই সামগ্ৰিক ভাৱে উত্তৰ পূৰ্বাঞ্চলৰ ভৌগোলিক অৱস্থিতিৰ লগত প্ৰত্যক্ষ ভাৱে জড়িত। আনহাতে,মিজোৰাম,মণিপুৰ,নগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ মুঠ 1640 কিলোমিটাৰ আন্তৰাষ্ট্ৰীয় সীমা আছে ম্যানমাৰৰ সৈতে। লক্ষণীয়ভাৱে আজিৰে পৰা কেইবছৰ মানৰ আগলৈকে ম্যানমাৰৰ এই সীমা অঞ্চলত চীনা শক্তিয়ে বিশেষ আধিপত্য দেখুৱাবলৈ সক্ষম হৈছিল । কিন্তু শেহতীয়া দশকটোত এনে প্ৰেক্ষাপটৰ সলনি হৈছে । ম্যানমাৰৰ সৈতে ভাৰতৰ সম্পৰ্ক উন্নত হৈছে।

INDIA INTENSIFIES DEFENCE INFRASTUCTURE IN EASTERN FRONTIER
ভাৰত চীন সীমান্তৱৰ্তী অৰুণাচলৰ এখন নিৰ্মাণৰত দলং
ভাৰতৰ বাবে এই মূহুৰ্তত বিশেষ গুৰুত্বপূৰ্ণ বিষয় হ'ল তিব্বত অট'নমাছ ৰিজন (টি এ আৰ)ত অতি কৌশলেৰে চীনে অব্যাহত ৰখা আধিপত্য। আৰু চিনৰ এনে আগ্ৰাসী ভূমিকাৰ বাবেই অসমৰ উজনিৰ জিলা সমূহৰ পৰা আৰম্ভ কৰি অৰুণাচল প্ৰদেশৰ চীন দেশে চুই থকা বিশাল আন্তৰাষ্ট্ৰীয় সীমালৈ নিৰ্মাণ কৰিব লাগিছে সামৰিক আন্তঃগাঠনি। যোৱা 2018 চনৰ 26 ডিচেম্বৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰা ব্ৰহ্মপুত্ৰৰ ওপৰৰ 4.94 কিলোমিটাৰ দৈৰ্ঘ্যৰ বগীবিলৰ দলং আচলতে এনে সামৰিক আন্তঃগাঁঠনিৰ অংশ। ইয়াৰ আগেয়ে অতি ক্ষীপ্ৰতাৰে নিৰ্মাণ সম্পূৰ্ণ কৰি তোলা ঢলা-শদিয়া দলঙৰ ওপৰত মিগ,সুখয়ৰ দৰে যুদ্ধ বিমান অতি সহজেই অৱতৰণ কৰিব পৰা যায়। বগীবিল দলং এনেদৰে নিৰ্মাণ কৰা হৈছে যে 120 বছৰৰ পিছত হে ইয়াৰ মেৰামতিৰ প্ৰয়োজন হ'ব পাৰে। একেদৰে ভাৰতীয় সেনাৰ প্ৰস্তাৱ অনুযায়ী নুমলীগড়-গহপুৰ সংযোগী 14.85 কিলোমিটাৰ দৈৰ্ঘ্যৰ ব্ৰহ্মপুত্ৰইদি যি সুৰংগ নিৰ্মাণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে সেয়াই সামৰিক যাতায়াত,যুদ্ধ সময়ত ইন্ধন কঢ়িওৱা তথা অন্যান্য যোগাযোগক সূচল কৰি তুলিব। প্ৰাক্তন সেনা বিষয়া ব্ৰিগেডিয়াৰ ৰঞ্জিত বৰঠাকুৰে শেহতীয়াকৈ সাংবাদিকক কোৱা মতে এই সুৰংগ পথে ভাৰতীয় সেনাক বিশেষ ভাবে সহায় কৰিব। ইতিমধ্যে একেধৰণৰ এক সুৰংগ পথ নিৰ্মাণৰ কাম সম্পন্ন হৈছে উত্তৰাখণ্ডত, যাৰ উদ্দেশ্য ও একেই ।

ব্ৰহ্মপুত্ৰৰ তলেদি নিৰ্মাণ কৰিব সুৰংগ পথ
প্ৰণিধানযোগ্য যে চীনৰ সৈতে হ'ব পৰা যিকোনো সামৰিক অনিশ্চয়তাক প্ৰতিহত কৰিবলৈ ইতিমধ্যে ভাৰত চৰকাৰে সীমান্তৰ যোগাযোগ আন্তঃগাঁঠনিৰ নিৰ্মাণৰ বাবে Special Accelerated Road Development Programme ( SARDP) আঁচনিৰ দ্বাৰা অৰুণাচলৰ চীন সীমান্ত,ম্যানমাৰ স্পৰ্শ কৰি থকা মিজোৰাম,মণিপুৰ আৰু নগালেণ্ডৰ সীমান্তত 6500 কিলোমিটাৰ পথ নিৰ্মাণৰ কাম আগবঢ়াই আনিছে । এই প্ৰকল্পই দ্বিতীয় পৰ্যায়ত নিৰ্মাণ কৰিব 3723 কিলোমিটাৰ পথ। একেদৰে চৰকাৰে আগবঢ়াই আনিছে Kaladan Multi Mode Transporation Projectৰ কামো। এই প্ৰকল্পই সামৰি লৈছে আৰাকান প্ৰভিঞ্চৰ ছিত্তে বন্দৰ নিৰ্মাণৰ কাম।

চীনক ৰুধিবলৈ এই পথেৰেই যাব লাগিব ভাৰতীয় সেনাবাহিনী
মন কৰিবলগীয়া যে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত সামৰিক আন্তঃগাঁঠনিৰ কাম যাতে কোনো কাৰণতে বিলম্ব নহয় তাৰ বাবে শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ অন্যান্য মন্ত্ৰালয় সমূহেও কেতবোৰ নতুন নীতিৰ অবতাৰনা কৰিছে। উদাহৰণ স্বৰূপে,যিকোনো আন্তৰাষ্ট্ৰীয় সীমান্তৰ ভিতৰত আন্তঃগাঁথনি নিৰ্মাণৰ বাবে 'পৰিৱেশ ক্ষতিশংকা অধ্যয়ন' (Environment Impact Assessment) ক্ষেত্ৰত এতিয়া কোনো জন শুনানীৰ ব্যৱস্থা কৰা নহ'ব । সীমান্তৰ পৰা এশ কিলোমিটাৰ ভিতৰলৈ এই ব্যবস্থা থাকিব। অৰ্থাৎ ৰাইজৰ আপত্তি থাকিলেও সামৰিক আৰু অন্যান্য দৃষ্টিভংগীৰে এই অঞ্চলত বৃহৎ আন্তঃগাঁঠনিৰ কাম চলিবই।

লগতে চাওকঃ কৰ্ম দক্ষতাঃ একে সময়তে দুটাকৈ পদ চম্ভালিছে এগৰাকী চৰকাৰী বিষয়াই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.