ETV Bharat / bharat

হাওৰাৰ বস্তি অঞ্চলত 38 জন আক্ৰান্ত COVID-19ত

author img

By

Published : May 15, 2020, 11:55 AM IST

অত্যাধিক জনসংখ্যাৰ ঘনত্ব থকা পশ্চিমবংগৰ হাওৰাৰ বস্তি অঞ্চলত 38 লোকৰ দেহত পোৱা গৈছে কৰ'ণা ভাইৰাছ । এই বস্তি অঞ্চলত তিনি হাজাৰৰো অধিক লোকে বসতি কৰি আছে ।

হাওৰাৰ বস্তি অঞ্চলত 38 জন আক্ৰান্ত COVID-19ত
হাওৰাৰ বস্তি অঞ্চলত 38 জন আক্ৰান্ত COVID-19ত

নিউজ ডেস্ক, 15 মে': পশ্চিমবংগৰ হাওৰাত থকা এটা বস্তি অঞ্চলৰ 38 গৰাকী লোকৰ দেহত COVID-19 পজিটিভ পোৱা গৈছে । এগৰাকী জিলা বিষয়াই এই কথা সদৰি কৰে ।

এক সূত্ৰৰ পৰা প্ৰকাশিত তথ্য অনুসৰি, এই বস্তি অঞ্চলটোত বাস কৰে তিনি হাজাৰৰো অধিক লোকে ।

বিষয়া গৰাকীয়ে কয় যে, "বস্তি অঞ্চলত থকা 1500 ৰো অধিক লোকে হাওৰা পৌৰ নিগমৰ বাবে কাম কৰে । সেইটো গভীৰ চিন্তাৰ বিষয় ।"

উল্লেখ্য যে, বস্তি অঞ্চলটোৰ প্ৰথমটো কেচ 3 মে'ত পোহৰলৈ আহিছিল ।

অত্যাধিক জনবসতিৰ ঘনত্ব থকা বস্তি অঞ্চলটোৰ 150 গৰাকী লোকৰ পৰা পৰীক্ষণৰ বাবে নমুণা সংগ্ৰহ কৰা হৈছিল । তাৰে ভিতৰত 38 জনৰ নমুনাত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ সংক্ৰমন । বৰ্তমান উক্ত অঞ্চলটো ছীল কৰি দিয়া হৈছে আৰু অধিক পৰীক্ষণৰ পৰিকল্পনা কৰা হৈছে বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.