বেজ-বেজালীৰ পৰিৱৰ্তে সৰ্প দংশনৰ আধুনিক চিকিৎসাত গুৰুত্ব দিয়াৰ আহ্বান চিকিৎসকৰ - Modern treatment of Snake Bite

By ETV Bharat Assamese Team

Published : Jul 27, 2024, 4:38 PM IST

thumbnail
বেজ-বেজালীৰ পৰিৱৰ্তে সৰ্প দংশনৰ আধুনিক চিকিৎসাত গুৰুত্ব দিয়াৰ আহ্বান চিকিৎসকৰ (ETV Bharat Assam)

কলিয়াবৰ, 27 জুলাই: কলিয়াবৰৰ জখলাবন্ধাস্থিত কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত সকলো সময়তে উপলব্ধ সৰ্প বিষ প্ৰতিৰোধী বেজী । চিকিৎসালয়খনত সৰ্প দংশনৰ বিষ প্ৰতিৰোধী ঔষধ তথা জৰুৰীকালীন চিকিৎসাৰ ব্যৱস্থা আছে বুলি জনায় জখলাবন্ধা স্বাস্থ্যখণ্ডৰ খণ্ড বিষয়া ডাঃ বীৰেন দেউৰীয়ে । বিষাক্ত সাপৰ দংশনৰ পৰা আধুনিক চিকিৎসাৰ জৰিয়তে আৰোগ্য লাভ কৰিব পাৰি বুলি মন্তব্য কৰি ডাঃ দেউৰীয়ে কয়- "বিষাক্ত সাপৰ দংশনৰ পৰা আধুনিক চিকিৎসাৰ জৰিয়তে আৰোগ্য লাভ কৰিব পাৰি যদিও আজিও বেজ-বেজালীত বিশ্বাস কৰাৰ ফলত বহু লোকৰ অকাল মৃত্যু ঘটে । 

সৰ্পই দংশন কৰা বুলি জানিলে বা সন্দেহ হ'লে ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যাব লাগে, যাতে সময়মতে উপযুক্ত চিকিৎসা লাভ কৰে আৰু বিপদমুক্ত হয় ।কলিয়াবৰ মহকুমা চিকিৎসালয়ত ৰোগীৰ শৰীৰত এণ্টিভেনম প্ৰয়োগ কৰিবলৈ প্ৰশিক্ষণপ্ৰাপ্ত চিকিৎসক আছে যদিও এই প্ৰশিক্ষণ চিকিৎসালয়খনত সকলো চিকিৎসকৰে প্ৰয়োজন । কিয়নো জৰুৰীকালীন সময়ত বিশেষ চিকিৎসকজন চিকিৎসালয়ত উপস্থিত নাথাকিবও পাৰে ।" 

নগাঁও জিলা স্বাস্থ্য বিষয়াৰ লগত সকলো সময়তে যাতে এণ্টিভেনম চিকিৎসা সহজলভ্য হয় তাৰ বাবে অনতিপলমে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব বুলি চিকিৎসা বিষয়াগৰাকীয়ে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে । চিকিৎসালয়খনত আই. চি. ইউৰ ব্যৱস্থা নাথাকিলেও জৰুৰীকালীন সেৱা আগবঢ়াই বিপদমুক্ত কৰিব পৰাৰ ব্যৱস্থা আছে ।

লগতে পঢ়ক: লখিমপুৰত বিষাক্ত মোচোৰা গোম উদ্ধাৰ - Venomous Snake Rescued

সাপে খুঁটিলে বেজৰ ওচৰলৈ নিয়াতকৈ চিকিৎসালয়লৈ নিয়াৰ পৰামৰ্শ স্বাস্থ্য বিভাগৰ - Dhemaji Snakebite Case

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.